মিজোৰামত ম্যানমাৰৰ নাগৰিকসহ নিচাযুক্ত দ্ৰব্য় জব্দ

মিজোৰামত ম্যানমাৰৰ নাগৰিকসহ নিচাযুক্ত দ্ৰব্য় জব্দ
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰ : সম্প্ৰতি আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰীৰ নিৰাপদ কৰিড'ৰত পৰিণত হৈছে চুবুৰীয়া ৰাজ্য মিজোৰাম। ম্যানমাৰ সীমান্তৱৰ্তী মিজোৰামৰ চাম্পাই জিলাৰ মাজেৰে প্ৰায় প্ৰতিদিনেই ভাৰতলৈ কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি আহিছে এই আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই।

এইদৰে ড্ৰাগছ সৰবৰাহৰ সময়ত মিজোৰামৰ চাইতুয়াল আৰক্ষীয়ে এজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। চাইতুয়ালৰ কেইফাং ডাৱৰকাৱনত চাম্পাইৰ পৰা আইজল অভিমুখী এখন ছুমো বাহনত তালাচী চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ম্যানমাৰৰ নাগৰিকজনক।

তেঁওৰ পৰা হেৰ'ইন ভৰ্তি ৫০ টা চাবোনৰ বাকচ জব্দ কৰা হয় । জব্দ কৰা হেৰ'ইনৰ ওজন ৫৯২.৫৭ গ্ৰাম । হেৰ'ইন খিনিৰ মুল্য প্ৰায় ১৭,৭৬,০০০ টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

আনহাতে, নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ছুমোখনৰ যাত্ৰী তথা ম্যানমাৰৰ নাগৰিক নাই ডুন লিয়ান (৪১) ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ম্যানমাৰৰ নাগৰিকজনে বৈধ নথি অবিহনে ভাৰতত প্ৰৱেশ কৰিছিল। এই সংক্ৰান্তত আইনৰ ২১(গ) ধাৰা আৰু বিদেশী আইনৰ Act r/w 14 ধাৰাৰ অধীনত চাইতুয়াল থানাত এটি গোচৰ পঞ্জীয়ন কৰে আৰক্ষীয়ে।

মিজোৰামত ম্যানমাৰৰ নাগৰিকসহ নিচাযুক্ত দ্ৰব্য় জব্দ
ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা : ছেমি ফাইনেলত আয়োজক অসম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in