দিগৰখাল আৰু চালচাপৰাত ১২ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ

দিগৰখাল আৰু চালচাপৰাত ১২ কোটি টকাৰ  নিচাযুক্ত দ্ৰব্য জব্দ
Published on
Updated on

ডিজিটেল সংবাদ শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত বিগত ২৪ ঘন্টাত অভিযান চলাই আৰক্ষীয়ে দুটা পৃথক স্থানৰ পৰা মুঠ ২.৩৩১ কেজি হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়।

শুকুৰবাৰে পুৱা মেঘালয় সীমান্তৱৰ্তী দিগৰখালত গুমৰা আৰু কালাইন আৰক্ষীয়ে যুটীয়া অভিযান চলাই এখন ভঙাছিঙা লোহা কঢ়িওৱা ট্ৰাকৰ পৰা জব্দ কৰে ১৫০ টা হেৰ'ইন ভৰ্তি চাবোনৰ‌ বাকচ। বাকচ কেইটাৰ পৰা মুঠ ১.৮৮১ কেজি হেৰ'ইন জব্দ কৰে।

জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ৯ কোটি ৫০ লাখ টকা হ'ব। নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত‌লোক কেইজন মণিপুৰৰ ৰামমং আৰু মাঙলম আৰু বিহাৰৰ আৰবিল কুমাৰ। হেৰ'ইন খিনি মণিপুৰৰ পৰা কাছাৰৰ মাজেৰে বহিৰাজ্যলৈ সৰবৰাহৰ সময়ত জব্দ কৰা হয়।

ইফালে,আন এক অভিযানত কাছাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা চালচাপৰাৰ পৰা ৫৬১ গ্ৰাম হেৰ'ইন জব্দ কৰে। গোপন তথ্যৰ ভিত্তিত এখন চাৰিচকীয়া বাহনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে হেৰ'ইন খিনি।

বাহনখনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় ৫০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা মুঠ ৪৫০ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা হেৰ'ইনৰ মুল্য প্ৰায় ৩কোটি টকা বুলি অনুমান কৰা হৈছে।

হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত সৰবৰাহকাৰী দুজন আখতাৰ হুছেইন আৰু আফজল হুছেইন।‌ দুয়োজনৰ ঘৰ কাটিগৰাত।

হেৰ'ইন খিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়ত চালচাপৰাত জব্দ কৰে আৰক্ষীয়ে। বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰা বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেল তথা সামাজিক মাধ্যমত প্ৰশংসা কৰিছে কাছাৰ আৰক্ষীক।

দিগৰখাল আৰু চালচাপৰাত ১২ কোটি টকাৰ  নিচাযুক্ত দ্ৰব্য জব্দ
দুই নম্বৰী 'নম্বৰ'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in