ডিজিটেল সংবাদ শিলচৰ: এইবাৰ গাত খজুৱতিৰ সামগ্ৰী লগাই টকাৰ বেগ কাঢ়ি নিয়াৰ নতুন কৌশল গ্ৰহণ কৰিছে প্ৰৱঞ্চকৰ দলে। সম্প্ৰতি শিলচৰত পিয়াপি দি ঘূৰি ফুৰিছে এনে দুৰ্বৃত্তৰ দল।
এইদৰে শৰীৰত খজুৱতিৰ সামগ্ৰী লগাই এজন বেংক গ্ৰাহকৰ পৰা ৪ লাখ ২০ হাজাৰ টকা কাঢ়ি লৈ যায় দুৰ্বৃত্তৰ দলে। ধন লুটৰ এই ঘটনা সংঘটিত হৈছে বৃহস্পতিবাৰে সন্ধিয়া শিলচৰৰ সোণাই ৰোডৰ ৰাংগিৰখাৰীত।
শিলচৰৰ শিলডুবিত এটা হোম পাইপ নিৰ্মাণ কৰা কোম্পানীত কৰ্মৰত ৰাজস্থানৰ ঈশ্বৰ চান্দ লাহতি নামৰ লোকজনৰ পৰা দুৰ্বৃত্তৰ দলে লুটি লৈ যায় ৪.২০ লাখ টকা ভৰ্তি এটি বেগ। বেংক গ্ৰাহকজনে বেংকৰ পৰা টকা উঠাই এখন অটোত উঠাৰ বাবে গৈ থকা সময়ত হঠাতে তেওঁ পিঠি আৰু কান্ধত খজুৱতি অনুভৱ কৰে।
গা খজুৱাবলৈ ধৰোতেই সেই স্হানত এজন যুবক উপস্হিত হৈ বেংক গ্ৰাহকজনে পিন্ধি থকা কাপোৰত কিবা লেতেৰা সামগ্ৰী লগা বুলি কয়। তেওঁ টকা ভৰ্তি বেগটো কাষত থৈ লেতেৰা সামগ্ৰী পৰিস্কাৰ কৰিবলৈ লওতেই দুৰ্বৃত্তই টকাৰ বেগটো লৈ তাৰ পৰা উধাও হয়।
ইয়াৰ চাৰিদিন পূৰ্বেও ফাটক বজাৰৰ পৰা অনুৰূপ কৌশল ব্যৱহাৰ কৰি মুক্তাৰ হুছেইন নামৰ এজন ব্যৱসায়ীৰ পৰা ৪ লাখ ৩০ হাজাৰ টকা কাঢ়ি নিছিল দুৰ্বৃত্তৰ দলে। এই ঘটনাৰ পিছত ৰাংগিৰখাৰী আৰক্ষী চকীত এজেহাৰ দাখিল কৰিছে ভুক্তভোগী ঈশ্বৰ চান্দ লাহতিয়ে।
Also Read: চৰকাৰী পুঁজি উদৰস্থ কৰি আৰক্ষীৰ জালত ঢকুৱাখনাৰ প্ৰধান শিক্ষক, সৰ্বশিক্ষা কৰ্মী...