কাছাৰ জিলাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ

কাছাৰ জিলাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ

author-image
Asomiya Pratidin
New Update
কাছাৰ জিলাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ

ডিজিটৈল সংবাদ,শিলচৰ: ভাৰত চৰকাৰৰ নিৰ্দেশত বৃহস্পতিবাৰে কাছাৰ জিলাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ আৰম্ভ কৰা হয়। মোডী চৰকাৰে দেশ বাসীৰবাবে গ্ৰহণ কৰা বিভিন্ন জনহিতকৰ আঁচনি সন্দৰ্ভত ৰাইজৰ মাজত সচেতনতা আনিবৰ বাবে দুখন ভ্ৰাম্যমাণ বাহনৰ জৰিয়তে এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ আৰম্ভ কৰা হয়।

কাছাৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰয়, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত কুমাৰ লস্কৰ আৰু জিলা পৰিষদৰ সভাপতি অমিতাভ ৰায়ে ফ্লেগ অফ কৰি এই বাহন দুখনৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ কৰে।‌ আজিৰ পৰা ২৬ জানুৱাৰীলৈ কাছাৰ জিলাৰ মুঠ ১৬২ খন গাওঁ পঞ্চায়ত এলেকাত এই বাহন দুখনে মোডী চৰকাৰৰ গেৰান্টি আৰু বিভিন্ন জনহিতকৰ আঁচনি সন্দৰ্ভত প্ৰজেক্টৰৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাব বুলি সদৰি কৰে ‌ৰাজীৱ ৰয় আৰু অমিতাভ ৰায়ে।

Also Read: নাই কোনো বয়সৰ সীমা! আছুৰ মুখ্য উপদেষ্টা হৈ থাকিব সমুজ্জ্বল ভট্টাচাৰ্য...