গুৰু চৰণ কলেজত ছেমি কনডাক্টৰৰ প্ৰশিক্ষণ শিবিৰ...

গুৰু চৰণ কলেজত ছেমি কনডাক্টৰৰ প্ৰশিক্ষণ  শিবিৰ...
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰঃ ছেমি কনডাক্টৰৰ ওপৰত ৰাজ্যত প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত এক প্ৰশিক্ষণ শিবিৰ আয়োজন কৰি প্ৰশংসিত হৈছে শিলচৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৰু চৰণ কলেজ। বিশেষকৈ জাগীৰোডত ২৭ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মীয়মাণ "ছেমি কনডাক্টৰ" বৃহৎ উদ্যোগটোত কৰ্ম সংস্থাপন পোৱাৰ উদ্দেশ্যেই ২৪জন ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিছে জিচি কলেজ কতৃপক্ষই।

যোৱা ৭ জুনৰ পৰা জিচি কলেজত আৰম্ভ হোৱা "Application of semi conductors in technological domain" শীৰ্ষক চাৰ্টিফিকেট কোৰ্চ'ৰ প্ৰশিক্ষণত মুঠ ২৪গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। জিচি কলেজৰ অধ্যক্ষ বিভাস দেৱৰ অনুপ্ৰেৰনা আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণত ছাত্ৰ-ছাত্ৰীসকলক ছেমি কনডাক্টৰৰ ওপৰত প্ৰশিক্ষণ দিছিল কলেজৰ শিক্ষক অপ্ৰতীভ নাথ আৰু কুমাৰ সোনাৰে।

প্ৰশিক্ষণ শেষ হোৱাৰ পিচত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে কলেজৰ অধ্যক্ষ বিভাস দেৱ, শিক্ষক কুমাৰ সোনাৰ আৰু অপ্ৰতীভ নাথে। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি অধ্যক্ষ বিভাস দেৱে কয় যে এই প্ৰশিক্ষণৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলে ছেমি কনডাক্টৰৰ বিষয়ে যথেষ্ট জ্ঞানাৰ্জন কৰাৰ লগতে জাগিৰোডত নিৰ্মীয়মাণ বৃহৎ ছেমি কনডাক্টৰ উদ্যোগটোত কৰ্ম সংস্থাপন লাভত সহায়ক হ'ব। কলেজখনত ভৱিষ্যতে ছমহীয়া ডিপ্লমা কোৰ্চ'ৰ পাঠদান আৰম্ভ কৰা হ'ব বুলিও উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে।

গুৰু চৰণ কলেজত ছেমি কনডাক্টৰৰ প্ৰশিক্ষণ  শিবিৰ...
আইজল ক্লাবত PIB ৰ তিনি নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতামূলক কৰ্মশালা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in