ডিজিটেল সংবাদ, শিলচৰ: ৰাজ্যৰ উচ্চতৰ মাধ্যমিক, স্নাতক বৰ্ষ আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত স্নাতকোত্তৰ ছাত্ৰী সকলক আৰ্থিক সকাহ দিয়াৰ বাবে ৰূপায়ন কৰা নিযুত ময়না আঁচনিৰ অধীনত দেওবাৰে চেক বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এই আঁচনিৰ উদ্বোধন কৰাৰ লগতে ৰাজ্যৰ অনান্য বিধান সভা সমষ্টি সমূহতো একে সময়তে এই আঁচনিৰ উদ্বোধন কৰা হয়।
শিলচৰত এই নিযুত ময়না আঁচনিৰ উদ্বোধন কৰে বিধায়ক দিপায়ন চক্ৰৱৰ্তীয়ে। শিলচৰ টাউন ক্লাব প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত শিলচৰ সমষষ্টিৰ অন্তৰ্গত ১৫ খন স্কুলৰ মুঠ ২,৬০০ গৰাকী ছাত্ৰীৰ হাতত এই চেক প্ৰদান কৰা হয়।
চেক বিতৰণ কৰি বিধায়ক দিপায়ন চক্ৰৱৰ্তীয়ে কয় যে এই আঁচনিৰ অধীনত শিলচৰ সমষ্টিৰ ১৫ খন উচ্চতৰ মাধ্যমিক স্কুল আৰু কলেজৰ ২৬০০ গৰাকী ছাত্ৰীয়ে এই ধন লাভ কৰিব। তেওঁ জানিবলৈ দিয়া মতে,জিচি কলেজৰ ৫৭৯,কাছাৰ কলেজৰ ৪১৪, গভʼট গাৰ্লছ উ:মা: স্কুলৰ ১৬৮, ডি এনএনকে ৰ ১৮৩,জিকদ্দৰ আলি উ: মা: ৰ ১০৪, মহিলা কলেজৰ ৪৪৯,পাব্লিক উ:মা: ৰ ৬৩, ডিবিটিআৰৰ ১৮, শিলচৰ কলেজৰ ৯৬, নেতাজী বিদ্যা ভৱনৰ ১৯, অধৰচান্দ উ: মা: ৰ ২৫, গভʼট বয়জ উ:মা: ৰ ৬১, ৰাধামাধৱ কলেজৰ ২৮৬, নৰছিং উ: মা: ৰ ৮৬ আৰু এছি মেম'ৰিয়ালৰ ৪৯ গৰাকীয়ে নিযুত মইনা আঁচনিৰ ধন লাভ কৰিছে।
দেওবাৰে প্ৰতিখন শিক্ষানুষ্ঠানৰ এগৰাকী ছাত্ৰীৰ হাতত চেক প্ৰদান কৰা হয়। বাকী চেক সমূহ নিজৰ নিজৰ শিক্ষানুষ্ঠানৰ মুৰব্বী সকলৰ পৰা লোৱাৰ ব্যৱস্থা্ কৰা হৈছে বুলি সদৰী কৰে দিপায়ন চক্ৰৱৰ্তীয়ে। অনুষ্ঠানত জিলা আয়ুক্ত মৃদুল যাদব সহ কেইবাখনো স্কুল কলেজৰ অধ্যক্ষ সকল উপস্থিত থাকে। অনুষ্ঠানত আদৰণি ভাষণ দিজিলা আয়ুক্ত মৃদুল যাদবে কয় যে এই নিযুত মইনা আঁচনিৰ অধীনত কাছাৰ জিলাৰ ৫৮ খন ৭৮২৯ গৰাকী ছাত্ৰীক কৰা হৈছে।
শিলচৰ সমষ্টিৰ বাহিৰে লক্ষীপুৰত ৭ খন শিক্ষানুষ্ঠানৰ অধীনত ৭০২ গৰাকী, উদাৰবন্দত ৬ খন শিক্ষানুষ্ঠানৰ ৩৮৪ গৰাকী,ধলাইৰ ১০ খন শিক্ষানুষ্ঠানৰ ১২২৯গৰাকী, সোণাইত ৬ খন শিক্ষানুষ্ঠানৰ বিপৰীতে ৯৬৯ গৰাকী, কাটিগৰাত ৭ খন শিক্ষানুষ্ঠানৰ অধীনত ১১৭৮ গৰাকী আৰু বৰখলা সমষ্টিৰ ৭ খন শিক্ষানুষ্ঠানৰ অধীনত ৭৬৭ গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব।
উল্লেখ্য যে নিযুত মইনা আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী ১,০০০ টকাকৈ ১০ মাহলৈ মুঠ ১০,০০০ টকা লাভ কৰিব। স্নাতক বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰীয়ে মাহিলী ১,২৫০ টকাকৈ ১০ মাহলৈ মুঠ ১২,৫০০ টকা লাভ কৰিব।
Also Read: নুমলীগড়ত নিশা পথ দুৰ্ঘটনাঃ মনহা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ মৃত্যু