লোকে লোকাৰণ্য শিলচৰৰ ৰাজপথঃ এতিয়াও অন্ত পৰা নাই দেৱী বিসৰ্জন প্ৰক্ৰিয়া...

পুৱতি নিশালৈ অব্যাহত থাকিব বিসৰ্জন প্ৰক্ৰিয়া
লোকে লোকাৰণ্য শিলচৰৰ ৰাজপথঃ এতিয়াও অন্ত পৰা নাই দেৱী বিসৰ্জন প্ৰক্ৰিয়া...
লোকে লোকাৰণ্য শিলচৰৰ ৰাজপথঃ এতিয়াও অন্ত পৰা নাই দেৱী বিসৰ্জন প্ৰক্ৰিয়া...
Published on
Updated on

ডিজিটেল সংবাদ শিলচৰ: ৰাজ্যৰ অন্য প্ৰান্তত দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন শেষ হ'ল যদিও শিলচৰত তৃতীয়া দিনাও অব্যাহত আছে প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া। সোমবাৰে নিশাৰ ভাগত শিলচৰত প্ৰতিমা বিসৰ্জন দিয়াৰ বাবে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে।

ৰাংগিৰখাৰী, ইটখলা, চেন্ত্ৰেল ৰোড, তাৰাপুৰ আদি পথত লোকে লোকাৰণ্য হৈ পৰে। সদৰঘাটৰ বিসৰ্জন ঘাটত প্ৰতিমা বিসৰ্জন দিবলৈ এই কেইটা পথেৰে অহা শ শ গাড়ীৰ দীঘলীয়া শাৰী আৰু ভক্তসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ধোকে ধোকে পানী খাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

এইবাৰ শিলচৰ চহৰ এলেকাত অনুষ্ঠিত প্ৰায় পাচ শতাধিক পূজাৰ প্ৰতিমা এই সদৰঘাট বিসৰ্জন ঘাটতে বিসৰ্জন দিয়া হৈছে। শনিবাৰৰ পৰা বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও দেওবাৰে একাদশী তিথি হোৱা বাবে ব্যক্তিগত পূজাৰ প্ৰতিমা দেওবাৰৰ পৰিবৰ্তে সোমবাৰে বিসৰ্জন দিছে বহু সংখ্যক লোকে।

প্ৰশাসনৰ এক সূত্ৰই সদৰী কৰা মতে, বিজয়া দশমীৰ দিনা অৰ্থাৎ বিসৰ্জনৰ প্ৰথম দিনা ৩৭ খন আৰু দেওবাৰে ১৭৯ খন পূজাৰ প্ৰতিমা বিসৰ্জন দিয়াৰ বিপৰীতে সোমবাৰে প্ৰায় শতাধিক পূজাৰ প্ৰতিমা বিসৰ্জন দিয়াৰ সম্ভৱনা আছে। সোমবাৰে নিশা প্ৰায় তিনি বজাবলৈ বিসৰ্জন চলাৰ সম্ভবনা আছে বুলিও উল্লেখ কৰে সূত্ৰটোৱে।

ইফালে, শিলচৰৰ প্ৰাক্তন সাংসদ ডা: ৰাজদীপ ৰয়ৰ মতে, এইবাৰ সপ্তমী আৰু অষ্টমী তিথি একেটা দিনতে হোৱা বাবে পূজাৰ দিন এদিন বৃদ্ধি কৰা হৈছে। ইয়াৰ বাবে প্ৰতিবছৰ দুদিন বিসৰ্জন প্ৰক্ৰিয়া চলে যদিও এইবাৰ তিথিৰ ব্যতিক্ৰমৰ বাবে শিলচৰত তিনি দিন বিসৰ্জন প্ৰক্ৰিয়া অব্যাহত ৰখা হয়।

লোকে লোকাৰণ্য শিলচৰৰ ৰাজপথঃ এতিয়াও অন্ত পৰা নাই দেৱী বিসৰ্জন প্ৰক্ৰিয়া...
মৰিগাওঁ জিলা দিৱস উপলক্ষে জাগীৰোড কলেজত মনোজ্ঞ আলোচনা সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in