ডিজিটেল সংবাদ,শিলচৰ: এটা সাধাৰন দিয়াছলাইৰ বাকচত একে লগে ৩৫ খন ৰাষ্ট্ৰীয় পতাকা অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অভিলেখ গঢ়িলে কাছাৰৰ এজন যুৱকে। উদাৰবন্দ শালগংগাৰ যুৱক সৌৰভ সেনে ৫ চে.মি. দীঘল আৰু ৩.২ চে.মি.প্ৰস্থৰ এটা দিয়াছলাইৰ বাকচত ৩৫ খনকৈ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা অংকণ কৰি এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।
যুৱকজনৰ এই অভিলেখৰ স্বীকৃতি স্বৰূপে ইতিমধ্যে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কতৃপক্ষই প্ৰমাণ পত্ৰ, পদক আৰু বিভিন্ন উপহাৰ সামগ্ৰী প্ৰেৰন কৰিছে সৌৰভ সেনলৈ।
সোমবাৰে প্ৰমাণ পত্ৰ আৰু উপহাৰ সমুহ ঘৰত আহি পোৱাৰ পিছতে এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি সৌৰভৰ ঘৰত। সৌৰভৰ এই সফলতাত পিতৃ-মাতৃ আৰু আত্মীয়ৰ লগতে বৃহত্তৰ শালগংগা অঞ্চলৰ ৰাইজে গৌৰৱবোধ কৰিছে।
Also Read: এছিয়ান গেমছত আন এক স্বৰ্ণ জয় ভাৰতৰ