শিলচৰত হৃদৰোগীৰ বাবে আই চি ইউ মুকলি মুখ্যমন্ত্ৰীৰ...

শিলচৰত হৃদৰোগীৰ বাবে আই চি ইউ মুকলি মুখ্যমন্ত্ৰীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৩দিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে বৰাক উপত্যাকাত উপস্থিত হৈছিল। শনিবাৰে এই ভ্ৰমণসূচীৰ শেষক দিনা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদৰোগীসকলৰ বাবে ২০খন বিচনাযুক্ত এটা নতুন আই চি ইউ মুকলি কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ নতুন আই চি ইউ প্রকল্পটো মুকলি কৰাৰ লগতে মহাবিদ্যালয়খনত নির্মাণ হৈ থকা ৫৩৫ খন বিচনাযুক্ত জৰুৰীকালীন সেৱা ভৱনটোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। নতুনকৈ নিৰ্মাণ কৰা এই ভৱনটো নৱেম্বৰ মাহত সম্পূর্ণ হ'ব বুলি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই আশা প্রকাশ কৰিছে। এই ভৱনটোৰ নিৰ্মাণ সম্পূর্ণ হ'লে মহাবিদ্যালয়খনৰ বিচনাৰ সংখ্যা বৰ্তমানৰ ১৩৫০ খনব পৰা ১৮৮৫ খনলৈ বৃদ্ধি পাব।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত বৰাকৰ বানপানীৰ কবলত পৰা অঞ্চলসমূহত বিশুদ্ধ পানী যোগান আঁচনি আৰু কৌশলসমূহৰ বিষয়ে পৰ্যালোচনা কৰে। ইয়াৰোপৰি দুৰ্গা পুজাৰ পূৰ্বে শিলচৰ আৰু ইয়াৰ আশে পাশে অঞ্চলসূহত সুচল পথ নিৰ্মাণৰ আশ্বাস দিয়ে। ইয়াৰ উপৰিও শিলচৰ টাউনৰ মাজেৰে ৭ কিলোমিটাৰ উচ্চ পথ নিৰ্মাণৰ পৰিকল্পনা কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ছোৱাত কাছাৰ জিলাৰ অভিভাৱক মন্ত্রী জয়ন্ত মল্ল বৰুৱা, সাংসদ পবিমল শুক্লবৈদ্য, বিধায়ক কৌশিক বায়, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

শিলচৰত হৃদৰোগীৰ বাবে আই চি ইউ মুকলি মুখ্যমন্ত্ৰীৰ...
কোকৰাঝাৰত শিক্ষকৰ পাঁচদিনীয়া এফএলএন প্ৰশিক্ষণৰ সফল সমাপ্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in