শিলচৰ-গুৱাহাটী সংযোগী ভৈৰবপুৰ পথৰ দুৰৱস্থাঃ ভূই ৰুই প্ৰতিবাদ

শিলচৰ-গুৱাহাটী সংযোগী ভৈৰবপুৰ পথৰ দুৰৱস্থাঃ ভূই ৰুই প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
শিলচৰ-গুৱাহাটী সংযোগী ভৈৰবপুৰ পথৰ দুৰৱস্থাঃ ভূই ৰুই প্ৰতিবাদ

ডিজিটেল সংবাদ,শিলচৰঃ পথ মেৰামতিৰ দাবীত এইবাৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী, এন জি ও আৰু স্থানীয় লোক নামিল পথ অবৰোধত। বিগত ৪ বছৰ ধৰি গুৰুত্বপূৰ্ণ পথ মেৰামতি নকৰা বাবে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কাছাৰ জিলাৰ কালাইন এলেকাৰ ভালে সংখ্যক স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী,এনজিও আৰু স্থানীয় লোকে।

প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ পকীকৰণৰ অধীনত নিৰ্মিত কালাইন এলেকাৰ ভৈৰবপুৰ আৰু ৬ নম্বৰ শিলচৰ-গুৱাহাটী সংযোগী ভৈৰবপুৰ পথটো বিগত ৪বছৰ ধৰি মেৰামতি নকৰাত পথছোৱাত পুখুৰী সদৃশ প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে। ফলত পথটোৰে যাতায়ত কৰা ছাত্ৰ-ছাত্ৰী আৰু ৰোগী সকলৰ লগতে লঘু যান-বাহন সমূহ চলাচলত যথেষ্ট সমস্যাৰ সন্মুখীন হব লগা হয়।

পথটোত প্ৰায়ে দুৰ্ঘটনাও সংঘটিত হয়।পথটো মেৰামতি কৰাৰ বাবে বাৰম্বাৰ প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগক আবেদন কৰাৰ পিচতো কোনো কাম নোহোৱাত শেষত মঙলবাৰে এইদৰে পথ অৱৰোধ কৰে কালাইন এলেকাৰ কেইবাখনো স্কুল কলেজৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে।‌

অৱৰোধৰ লগতে পথটোত ভুই ৰুইয়ো প্ৰতিবাদ সাবস্ত কৰে ৰাইজে। পৰৱৰ্তী সময়ত চক্ৰ বিষয়াৰ জৰিয়তে আয়ুক্ত আৰু মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে স্মাৰক প্ৰদান কৰা হয়। ইয়াৰ পিচতো পথটো মেৰামতি নকৰিলে ভৱিষ্যতে শিলচৰ-গুৱাহাটী সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় পথ অৱৰোধৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে।

Silchar