শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত হাজাৰ হাজাৰ ভক্তৰ ভিৰ...

শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত হাজাৰ হাজাৰ ভক্তৰ ভিৰ...

author-image
Asomiya Pratidin
New Update
শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত হাজাৰ হাজাৰ ভক্তৰ ভিৰ...

শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত হাজাৰ হাজাৰ ভক্তৰ ভিৰ...

ডিজিটেল সংবাদ, শিলচৰ: আজি মহা অষ্টমী আৰু মহা নৱমী পূজা। আজিৰ দিনটোত দুয়োটা তিথিৰে দশভূজা মা দুৰ্গাক পূজা অৰ্চনা কৰা হৈছে।

সমগ্ৰ ৰাজ্যৰ লগতে শিলচৰতো দশভূজা দেবী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে। চাৰিওফালে এক উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে। বিশেষকৈ, শিলচৰৰ ঐতিয্যমণ্ডিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত লক্ষ্যাধিক ভক্ত সমবেত হৈ মহিষমৰ্দিনীক পূজা অৰ্চনা আগবঢ়াইছে।

মা ৰ আশীৰ্বাদ ল'বলৈ ৰাতিপুৱাৰে পৰা শৃংখলাবদ্ধ ভাবে হাজাৰ হাজাৰ ভক্ত দীঘলীয়া শাৰী পাতি মন্দিৰত প্ৰবেশ কৰিছে। ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত প্ৰতি বছৰে আধ্যাত্মিক ৰূপত পূজা অৰ্চনা কৰা হয় ।

এই মুহূৰ্তত লোকে লোকাৰণ্য হৈ পৰিছে মিছন সেৱাশ্ৰমত। শিলচৰৰ লগতে বৰাক উপত্যকাৰ তিনিওখন জিলাৰ পৰা হাজাৰ হাজাৰ ভক্ত আহি ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত দেবী দুৰ্গাৰ পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে।

ভক্তৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ এবাৰত সহস্ৰাধিক ভক্তক পূজাস্হলীত প্ৰবেশ কৰিবলৈ দিয়া হয়। পূজা অচৰ্না চলা সময়ত এইদৰে কেইবাটাও ভাগ কৰি ভক্তসকলক পুজাস্হলীত প্ৰবেশ কৰিবলৈ দিয়া হয়।

যাতে সকলোৱে শৃংখলাবদ্ধ আৰু নিয়মাৱৰ্তিতা পালন কৰি পূজা মণ্ডপত প্ৰৱেশ কৰিব পাৰে ভক্তসকলে। ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত প্ৰতিদিনে লক্ষাধিক ভক্তই পূজা অৰ্চনা কৰে বুলি জানিবলৈ দিয়ে সেৱাশ্ৰমৰ সচিব গনেশাধীনন্দ‌ স্বামী মহাৰাজে।

মা ৰ আশীৰ্বাদ ল'বলৈ অহা প্ৰতিগৰাকী ভক্তকে প্ৰতিদিনে খিচিৰী ভোগেৰে আপ্যায়িত কৰে সেৱাশ্ৰম কতৃপক্ষই।

Also Read: বৰমালৈ গৌৰৱ কঢ়িয়াই আনিলে টাইকোৱাণ্ড খেলুৱৈ বোহৈথি স্বৰ্গীয়াৰীয়ে

দুৰ্গা পূজা ৰামকৃষ্ণ মিছন সেৱাশ্ৰম