ডিজিটেল সংবাদ, বোকাখাত : কাজিৰঙাৰ পৰা নুমলীগড়লৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত দেখা পোৱা বিভিন্ন জীৱ-জন্তু বিশেষকৈ এটা খৰ্গযুক্ত গঁড়ৰ কাঠৰ ভাস্কৰ্য বিক্ৰীৰ বিপনী সমূহ স্বাভাৱিকতেই সাধাৰণ মানুহৰ লগতে দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে।
এনে বিপনী সমূহত সোমালে দেখা পোৱা যায় এই ভাস্কৰ্য সমুহ সাজি উলিওৱা কাৰুশিল্পী সকল হাতুৰী বটালি লৈ অহৰহ নিৰ্মান কাৰ্যত ব্যস্ত হৈ থকা। এই সকল কাৰুশিল্পীয়ে এনে এখন বিপনী পৰিচালনা কৰাৰ লগতে আন সময়ত ব্যস্ত থাকে নিৰ্মাণ কাৰ্যত। ব্যৱসায় আৰু ভাস্কৰ্য নিৰ্মান এনে বিপনী সমূহত একে সময়তে হৈ থাকে যিয়ে শিল্পী সকলৰ জীৱন ধাৰণৰ বাট সুগম কৰা উপৰিও তেওঁলোকৰ শিল্প সাধনা অব্যাহত ৰাখে। নিজৰ মুলধন বিনিয়োগ কৰি এনে বিপনী এখন মুকলি কৰি বোকাখাত মহকুমাৰ বহু কাৰুশিল্পীয়ে এক সন্মানজনক জীৱন নিৰ্বাহ কৰি আছে। লগতে দখল কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ।
কিন্তু তাৰ সমান্তৰাল ভাৱে বোকাখাত মহকুমাৰে এনে বহু কাৰুশিল্পী আছে যাৰ হাতৰ বিদ্যা আছে , যি সুন্দৰকৈ এনে ভাস্কৰ্য নিৰ্মানত পাকৈত কিন্তু নিজাকৈ এনে এখন বিপণি মুকলি কৰিব পৰাকৈ আৰ্থিক ভাৱে অসমৰ্থ। তেনে কাৰুশিল্পী সকলে অৰ্থাৎ যি সকলৰ নিজাকৈ এখন বিপনী নাই তেওঁলোকে বহু সময়ত জীৱন - জীৱিকাৰ স্বাৰ্থত কৰি অহা অন্যান্য কৰ্মৰ লগতে এনে ভাস্কৰ্য নিৰ্মান কৰি তেনে বিপনী সমূহত সেই সমূহ বিক্ৰী কৰিও কিছু আৰ্থিক সকাহ পাবলৈ সক্ষম হৈছে।
তেনে তিনি গৰাকী কাৰু শিল্পী অজিত চত্ৰী আৰু তেওঁৰেই দুগৰাকী ভতিজা প্ৰদীপ চত্ৰী আৰু ৰাজেন (ভীম) চত্ৰী। সুনিপুণ বিদ্যাৰ অধিকাৰী হৈও নিজাকৈ এখন আটক ধুনীয়া বিপণি দিবলৈ অসমৰ্থ এই তিনি গৰাকী কাৰু শিল্পীৰ ঘৰ বোকাখাত মহকুমাৰ কুৰুৱাবাহী গাঁও পঞ্চায়ত অন্তৰ্গত চিনাকান আদৰ্শ গাঁৱত।
২০০৮-০৯ চনত বোকাখাতৰ কুৰুৱাবাহীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত প্ৰথমবাৰৰ বাবে তেনে এখন কাৰুশিল্পৰ বিপনী আৰম্ভ কৰা প্ৰয়াত বিকাশ গগৈ নামৰ এজন কাৰুশিল্পীৰ ওচৰত এই শিল্পটো আয়ত্ব কৰিছিল অজিত চত্ৰীয়ে। পৰবৰ্তী সময়ত নিজৰ দুজন ভতিজা প্ৰদীপ চত্ৰী আৰু ৰাজেন (ভীম) চত্ৰীও খুৰাকৰ দৰেই এই শিল্পত নিপুণ হৈ উঠে।
"এই কাঠৰ কামটো শিল্প নে কি নাজানো, পেটৰ দায়ত শিকি পেলাইছিলো, আৰু এতিয়াও পেটৰ দায়তেই কৰি আছোঁ।" - কাৰুশিল্পী প্ৰদীপ চত্ৰীয়ে ক'লে।
২০০৮-০৯ চনত বোকাখাতৰ কুৰুৱাবাহীৰ প্ৰয়াত বিকাশ গগৈৰ ওচৰত কাম শিকাৰ পাছত তিনিওজন খুৰাক ভতিজাকে ২০১০ ৰ পৰা ২০১৮ চনলৈকে কাজিৰঙাৰ বৰবিল গাঁৱত স্থায়ী ভাৱে বসবাস কৰি সমীপৰে হাতীখলিত এখন বিপনী খুলি সুন্দৰকৈ ব্যৱসায়টো চলাই নিবলৈ সক্ষম হৈছিল যদিও পাৰিবাৰিক অসুবিধা আৰু কাজিৰঙাৰ বৰবিলত সময়ে সময়ে চৰকাৰে উচ্ছেদ কৰাৰ শংকা বৃদ্ধি পোৱাত পুনৰ কুৰুৱাবাহী আদৰ্শ গাঁৱলৈ ঘুৰি আহিব লগীয়া হয় পৰিয়ালটো। ফলত সিমানতেই বন্ধ হয় যায় তেওঁলোকৰ ব্যৱসায়।
"কাজিৰঙা বৰবিলত থাকোতে আমাৰ ব্যৱসায়টো ভাল চলিছিল, এখন সৰু গাড়ী দোকানত ৰ'লে আমি গঁড়, চৰাই কিবা এটা নিনিয়ালৈকৈ এৰি দিয়া নাছিলো, দিনটোত কেতিয়াবা ৫ হাজাৰলৈকেও আমি বিক্ৰি কৰিছিলো। কিন্তু বৰবিলত চৰকাৰে উচ্ছেদ কৰিব এই কথাটো মাজে মাজে ওলাই থকাত আমি তাৰ পৰা গুছি আহিলো, তেতিয়াৰ পৰা ব্যৱসায়টো ৰৈ গ'ল। লগতে পাৰিবাৰিক অসুবিধা আছেই। এতিয়া কুৰুৱাবাহী তিনিআলিতে দোকান এখন দিয়াৰ কথা ভাবি আছো যদিও টকাৰে জোৰা মাৰিব পৰা নাই।" - কাৰুশিল্পী অজিত চত্ৰীয়ে ক'লে।
বৰ্তমান কুৰুৱাবাহী আদৰ্শ গাঁৱৰ নিজ গৃহতেই গঁড়, ধনেশ পখী আদি নিৰ্মানত ব্যস্ত এই তিনি গৰাকী ব্যক্তি। নিজাকৈ পুনৰ এখন বিপনী আৰম্ভ কৰিব পৰা নাই যদিও বোকাখাতৰ আন বিপনী সমূহত নিজৰ শিল্প কৰ্ম সমূহ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছে তিনিও গৰাকী কাৰুশিল্পীয়ে।
অৱশ্যে এই ক্ষেত্ৰত কিছু সমস্যা থকাৰ কথা ক'লে কাৰুশিল্পী প্ৰদীপ চত্ৰীয়ে - " অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰা আমি গমাৰি গছ কিনি গঁড়, চৰাই আদি সাজো, (এনে কাৰ্যৰ বাবে গমাৰী কাঠ অতি উত্তম ।) আজিকালি গছৰো দাম বাঢ়িছে, তাৰ পাছতো আমি আনৰ দোকানত বস্তুবোৰ দিলে ভাল দাম নাপাওঁ, আমাৰ বস্তুকে তেওঁলোকে ৰং -পলিচ আদি কৰি বিক্ৰি কৰে কিন্তু আমাক উচিত মূল্য দিবলৈ মন নকৰে। সেই বাবে আকৌ এখন দোকান দিয়াৰ কথা ভাবি আছো"।
এনেদৰেই ৰাজআলিৰ আগ্ৰহী গ্ৰাহকৰ পৰা এক প্ৰকাৰ বঞ্চিত হৈ আৰ্থিক অনাটনৰ মাজতো নিজৰ শিল্পকৰ্মৰে জীৱন নিৰ্বাহ কৰিবলৈ অহৰহ চেষ্টা কৰি আছে এই অজিত, প্ৰদীপ আৰু ৰাজেনহঁতৰ দৰে প্ৰতিভাবান কাৰুশিল্পীয়ে।