নীলাচলতে নহয়, কামকূট পাহাৰতো মা কামাখ্যাৰ বন্দনাঃ আৰম্ভ অম্বুবাচী...

নীলাচলতে নহয়, কামকূট পাহাৰতো মা কামাখ্যাৰ বন্দনাঃ আৰম্ভ অম্বুবাচী...
নীলাচলতে নহয়, কামকূট পাহাৰতো মা কামাখ্যাৰ বন্দনাঃ আৰম্ভ অম্বুবাচী...
Published on
Updated on

ডিজিটেল ডেস্কঃ দেশ-বিদেশৰ সাধু, সন্ন্যাসী তথা ভক্তৰ লানি নিচিঙা শাৰী। নীলাচলৰ বুকুত চলিছে শক্তিৰ আৰাধনা। মা কামাখ্যা বন্দনাৰে মুখৰিত শক্তিপীঠ।গুৱাহাটী মহানগৰীত থকা মা কামাখ্যা মন্দিৰত চলা এনে ব্যস্ততাৰ মাজতে আকৌ ৰাজ্যৰ আন এক প্ৰান্ততো সন্তৰ্পণে চলিছে মা কামাখ্যাৰ আৰাধনা।

অৱশ্যে ইয়াত নাই দেশী, বেদিশী সাধু, সন্ন্যাসীৰ ভিৰ। নাই ভক্তৰ লানি নিচিঙা শাৰী। সম্পূৰ্ণ এক আধ্যাত্মিক আৰু কোলাহল বিহীন পৰিবেশত মা কামাখ্যাৰ আৰাধনা কৰা একাংশ স্থানীয় ভক্তৰ উপস্থিতিতে ইয়াত আৰম্ভ হৈছে অম্বুবাচীৰ বিভিন্ন কাৰ্যসূচী।

জনবিশ্বাস আৰু পৰম্পৰা অনুসৰি আহাৰ মাহত মৃগশিৰা নক্ষতৰ তিনি পাদ শেষ হ’লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী ঋতুমতি হয়। এই সময়ছোৱাতে অম্বুবাচী পালন কৰা হয়। গুৱাহাটীস্থিত নীলাচল পাহাৰৰ মা কামাখ্যা দেৱালয়ত এই সময়ছোৱাত ব্যাপকৰূপত চলে শক্তিৰ আৰাধনা।

নগাওঁ জিলাৰ কলিয়াবৰস্থিত শিলঘাটত আছে দ্বিতিয়টো কামাখ্যা দেৱালয়। নীলাচালৰ বুকুত থকা মা কামাখ্যা দেৱালয়ৰ দৰেই ইয়াতো বছৰ বছৰ ধৰি অব্যাহত আছে পূজা অৰ্চনা।

কামাখ্যা দেৱালয়ত যিদৰে ২২ জুন (অসমীয়াৰ ৭ আহাৰ) শনিবাৰে  ৮ বাজি ৩৫ মিনিট ১৪ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে মন্দিৰৰ মূল দুৱাৰ বন্ধ কৰা হৈছে ঠিক সেইদৰেই কলিয়াবৰৰ শিলঘাটৰ কামাখ্যা দেৱালয়ৰো মূল দুৱাৰ এই সময়তে বন্ধ কৰা হৈছে।

পুনৰ ২৫ জুন (অসমীয়া ১০ আহা)ৰ মঙ্গলবাৰে নিশা ৮ বাজি ৫৯ মিনিট ২৩ ছেকেণ্ডত নিবৃত্তিৰ সময়ত এই মূল দুৱাৰ খোলা হ’ব। সীমিত সংখ্যক ভক্তৰ সমাগমৰ মাজতেই ইয়াত অম্বুবাচীৰ সকলো নীতি নিয়ম পালন কৰা হ’ব।

তথ্য অনুসৰি অষ্টম শতিকাতে শালস্তম্ভ ৰজা বনমালদেৱে শিলঘাটস্থিত কামকূট পাহাৰত শিলেৰে কামাখ্যা দেৱালয় স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত ১৭৪৫ চনত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই এই কামাখ্যা দেৱালয় পুনৰ নিৰ্মাণৰ কৰিছিল। তেতিয়াৰে পৰা অনুষ্টুপীয়াকৈ ইয়াত মা কামাখ্যাৰ আৰাধনা চলি আহিছে।

শিলঘাটৰ এই কামাখ্যা দেৱালয়ক দ্বিতীয় শক্তিপীঠ বুলি জনা যায়। অৱশ্যে নীলাচল পাহাৰৰ দৰে শিলঘাটৰ কামাখ্যা দেৱালয়লৈ হাজাৰ হাজাৰ ভক্তৰ আগমণ নঘটে। ৰাজ্যৰ বাহিৰৰ আন সাধু, সন্যাসী তথা ভক্তৰ কথা বাদেই ৰাজ্যৰে বহু লোকে নাজানে শিলঘাটৰ এই কামাখ্যা দেৱালয়ৰ বিষয়ে।

ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগেও কামকূট পাহাৰৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত এই দেৱালয়ৰ বিষয়ে প্ৰচাৰত বৰ বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ৰাজ্যৰ পৰ্যটন বিভাগে যদিহে শিলঘাটৰ এই কামাখ্যা দেৱালয়ৰ সন্দৰ্ভতো প্ৰচাৰত আগভাগ লয় তেন্তে কামকূট পাহাৰলৈয়ো ভক্তৰ আগমণৰ সংখ্যা বৃদ্ধি পোৱাৰ স্থল বহুখিনি আছে।

নীলাচলতে নহয়, কামকূট পাহাৰতো মা কামাখ্যাৰ বন্দনাঃ আৰম্ভ অম্বুবাচী...
দিল্লীত অৱ্যাহত আছে জলসংকট : এটুপি পানীৰ বাবে ৰাইজৰ দীঘলীয়া শাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in