অসমৰ মাটিত অৰুণাচলী আগ্ৰাসন ৰোধ কৰাৰ প্ৰতিবাদত শিমলুগুৰিত মানৱ শৃংখল কাৰ্যসূচী…

অসমৰ মাটিত অৰুণাচলী আগ্ৰাসন ৰোধ কৰাৰ প্ৰতিবাদত শিমলুগুৰিত মানৱ শৃংখল কাৰ্যসূচী…
Published on
Updated on

ডিজিটেল সংবাদ, শিমলুগুৰিঃ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত দীৰ্ঘদিনৰ পৰা সীমা সমস্যাক লৈ অশান্তিৰ পৰিবেশৰ সৃষ্টি হৈ আহিছে৷ বহু মানুহৰ প্ৰাণ গৈছে৷ সম্পত্তি নষ্ট হৈছে৷ সীমান্তত বসবাস কৰা অসমীয়াৰ বিভিন্ন সম্পদ ধ্বংস কৰিছে দুৰ্বৃত্তই৷ অসমৰ ভূমিৰ ভিতৰলৈ সোমাই আহি অসমৰ ভূমি দখল কৰি আহিছে চুবুৰীয়া ৰাজ্যখনে ৷

অসমৰ মাটিত অৰুণাচলৰ বেদখলৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি বিভিন্ন দল-সংগঠনে ভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাবে বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই অসমৰ মাটিত অৰুণাচলীৰ আগ্ৰাসন ৰোধ কৰাৰ প্ৰতিবাদত মানৱ শৃংখল কাৰ্যসূচী ৰুপায়ন কৰে ৷

প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমক অৱগত কৰে যে- অৰুণাচলীয়ে বিশেষকৈ লখিমপুৰ আৰু ধেমাজি জিলাত গছ জ্বলাই, মাটি চহাই অসমৰ মাটিত অব্যাহত ৰাখিছে বেদখল ৷ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী দখল কৰা অসম চৰকাৰে অসম অৰুণাচল সীমান্তৰ অসমীয়াক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱাৰ লগতে সুৰক্ষিত কৰি ৰখাত ব্যৰ্থ হৈছে বুলিও উল্লেখ কৰে ৷ বৃহস্পতিবাৰে কাৰ্যসূচীত ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থা সভাপতি জান বৰুৱা , সাধাৰণ সম্পাদক নীলম সঞ্জীৱ গগৈ, উপদেষ্টা হিৰণ্য হাতীবৰুৱা আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থা কৰ্ম-কৰ্তাসকলে অংশগ্ৰহণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in