চিৰাঙৰ বেংতলত ভাৰতীয় ষ্টেট বেঙ্কৰ নতুন শাখা উদ্ধোধন…

চিৰাঙৰ বেংতলত ভাৰতীয় ষ্টেট বেঙ্কৰ নতুন শাখা উদ্ধোধন…
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং : বৃহস্পতিবাৰে চিৰাঙৰ বেংতলত ভাৰতীয় ষ্টেট বেঙ্কৰ এটা পূৰ্ণাঙ্গ নতুন শাখা উদ্ধোধন কৰা হয় । সকলো আধুনিক সা-সুবিধাৰে সেৱা আগবঢ়াবলৈ সক্ষম ভাৰতীয় ষ্টেট বেঙ্ক, বেংতল বজাৰ শাখাৰ শুভ উদ্বোধন কৰে ভাৰতীয় ষ্টেট বেঙ্কৰ গুৱাহাটী ক্ষেত্ৰীয় কাৰ্য্যালয়ৰ প্ৰশাসনিক বিভাগৰ উপ মহাপ্ৰৱন্ধক শুভ কান্ত কানুনগো ই ।

বেংতল অঞ্চলত কোনো ৰাষ্ট্ৰীয়কৃত বেঙ্ক নথকাৰ বাবে এই অঞ্চলৰ ৰাইজে বিগত ৩২ বছৰ ধৰি ভাৰতীয় ষ্টেট বেঙ্কৰ এটা শাখা বেংতলত স্থাপন কৰাৰ দাবী উত্থাপন কৰি আহিছিল । অৱশেষত ভাৰতীয় স্টেট বেঙ্ক, বঙাইগাঁও ক্ষেত্ৰীয় কাৰ্য্যালয়ৰ সহকাৰী মহাপ্ৰবন্ধক গুৰুপদ হালদাৰৰ একক প্ৰচেষ্টাত ৩২ বছৰৰ মূৰত বৃহস্পতিবাৰে বেংতলত ভাৰতীয় স্টেট বেঙ্কৰ নতুন শাখা মুকলি হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ।

এই নতুন শাখা উদ্ধোধনী কাৰ্যসূচীত উপস্থিত থাকে বেংতল শাখা স্থাপন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় স্টেট বেঙ্ক, বঙাইগাঁও ক্ষেত্ৰীয় কাৰ্য্যালয়ৰ সহকাৰী মহাপ্ৰবন্ধক গুৰুপদ হালদাৰৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বেংতল মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ নাৰ্জাৰী, বেংতল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শৈলেন ইশোৱাৰী, বেংতল বজাৰ কমিটিৰ সভাপতি, সম্পাদকসহ বহু আমন্ত্ৰিত ব্যক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in