ডিজিটেল সংবাদ,শিৱসাগৰ : অসম এনার্জি প্রতিষ্ঠানে শুকুৰবাৰে তৃতীয় সমাৱর্তন অনুষ্ঠান উদযাপন কৰে। উক্ত অনুষ্ঠানত ভাৰত চৰকাৰৰ পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয় আৰু শ্রম আৰু নিয়োগ মন্ত্রালয়ৰ কেন্দ্রীয় ৰাজ্যমন্ত্রী ৰামেশ্বৰ তেলী, আৰ জি আই পি টিৰ ব'ৰ্ড অৱ গভর্ণৰৰ সভাপতি এ এছ কে সিনহা, চঞ্চল কুণ্ডু,জীতেন্দ্র প্রসাদ,জিলা আয়ুক্ত আদিত্য বিক্রম যাদৱ, অসম এনার্জি প্রতিষ্ঠানৰ ইনচার্জ চিন্ময়জিৎ শর্মা আৰু শিৱসাগৰৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে অ এন জি চি আৰু আই অ' চি এলকে প্ৰমুখ্যে কৰি বহুকেইটা চৰকাৰী প্ৰতিষ্ঠানৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।
এই সমাৱর্তনত অসম এনার্জি প্রতিষ্ঠানে ২০২২-২৩ শৈক্ষিকবৰ্ষৰ বাবে ১৭২ গৰাকী ছাত্র-ছাত্রীক ডিপ্লমা প্ৰদান কৰে। ইয়াৰে ৪৭ গৰাকী ছাত্র-ছাত্রী ৰাসায়নিক অভিযান্ত্রিক, ২১ ইলেক্ট্রনিক্স আৰু ইনস্ট্রুমেন্টেচন অভিযান্ত্রিক, ২৩গৰাকী অগ্নি আৰু সুৰক্ষা অভিযান্ত্রিক, ৪৩ গৰাকী যান্ত্রিক অভিযান্ত্রিক আৰু ৩৮ গৰাকী পেট্রোলিয়াম অভিযান্ত্রিক বিভাগৰ শিক্ষাৰ্থী।
ইয়াৰোপৰি মুখ্য অতিথিয়ে শৈক্ষিক উৎকর্ষতাৰ বাবে গৌৰৱ দত্তক সভাপতিৰ স্বর্ণ পদক আৰু অকাংক্ষা হাজৰিকাক সৰ্বাংগীন উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে সঞ্চালকৰ স্বর্ণ পদক প্রদান কৰে। লগতে ৰাসায়নিক অভিযান্ত্ৰিকৰ পৰা গৌৰৱ দত্ত,পৰিস্মিতা শইকীয়া, অগ্নি আৰু সুৰক্ষা অভিযান্ত্ৰিকৰ পৰা মৌলতা বৰা, যান্ত্রিক অভিযান্ত্ৰিকৰ পৰা আৰিফ আলী আৰু পেট্রলিয়াম অভিযান্ত্ৰিকৰ বিভাগৰ পৰা ভাইওলিনা বৰগোহাঁইক নিজ নিজ শাখাত প্রথম স্থান অধিকাৰ কৰাৰ বাবে ইনষ্টিটিউট স্বর্ণ পদক লাভ কৰে। গম্ভীৰ শৈক্ষিক শোভাযাত্রা আৰু ছাত্র-ছাত্রীৰ দ্বাৰা পৰিৱেশিত সৰস্বতী বন্দনাৰ মধুৰ সুৰেৰে আৰু বস্তি প্রজ্বলনেৰে অনুষ্ঠানৰ আৰম্ভণি হয়।
আৰ জি আই পি টিৰ ব'ৰ্ড অৱ গভর্ণৰে সভাপতিত্ব কৰা সমাৱর্তনত সঞ্চালক প্রফেছৰ এ এছ কে সিনহাই সকলোকে সম্বর্ধনা জনাই নিজৰ বক্তব্য দাঙি ধৰে। তেওঁ বক্তব্যত বিগত বছৰবোৰত অসম এনার্জি প্রতিষ্ঠান, শিৱসাগৰৰ উন্নয়নৰ বিষয়ে বর্ণনা কৰে।
মুখ্য অতিথি তথা মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ডিপ্লমা সম্পূর্ণ কৰা সকলো ছাত্র-ছাত্রীক অভিনন্দন জ্ঞাপন কৰি আধুনিক আৰু প্রগতিশীল ভাৰত সৃষ্টিৰ দিশত অৰিহনা যোগাবলৈ আহ্বান জনায়। তেওঁ আশ্বাস দিয়ে যে, ভাৰত চৰকাৰৰ পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ে অসম এনার্জি প্রতিষ্ঠানক বিশ্বমানৰ প্রতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সকলো সহযোগিতা আগবঢ়াব।
উল্লেখ্য যে, অসম এনার্জি প্রতিষ্ঠান (এ. ই.আই), শিৱসাগৰে ২০১৭ বৰ্ষৰ পৰা তিনিটা বিভাগত ডিপ্লমা পাঠ্যক্ৰমেৰে শৈক্ষিক কাম-কাজ আৰম্ভ কৰিছিল। বৰ্তমান ৰাসায়নিক অভিযান্ত্রিক, ইলেক্ট্রনিকছ আৰু ইনস্ট্রুমেন্টেচন অভিযান্ত্রিক, অগ্নি আৰু সুৰক্ষা অভিযান্ত্রিক, যান্ত্রিক অভিযান্ত্রিক আৰু পেট্রলিয়াম অভিযান্ত্রিকত ডিপ্লমা প্রদান কৰি আছে। বর্তমানলৈকে প্রতিষ্ঠানটোৰ বিভিন্ন বিভাগত ৪৪২ গৰাকী ছাত্র-ছাত্ৰীয়ে অধ্যয়নৰত হৈ আছে।
সমাৱৰ্তন অনুষ্ঠানৰ সময়ত ডিপ্লমা লাভ কৰা ছাত্র-ছাত্রীসকলক যিকোনো পৰিস্থিতিত সত্য আৰু ধৰ্মৰ পৰা বিচলিত নহ'বলৈ শপত বাক্য পাঠ কৰোৱাৰ লগতে ঈশ্বৰ আৰু পিতৃ-মাতৃক অনাদৰ নকৰিবলৈও শপত বাক্য পাঠ কৰোৱায়।
শিক্ষার্থীসকলে নিজৰ জীৱনত ভাল ব্যৱহাৰ আৰু আচাৰ প্ৰদৰ্শন কৰিব বুলিও শপত লয়। প্ৰফেছৰ সিনহাৰ সামৰণি মন্তব্য তথা ৰাষ্ট্ৰীয় সংগীত প্ৰদৰ্শনেৰে এই সমাৱৰ্তন অনুষ্ঠানৰ সামৰণি ঘটে।
Also Read: কামৰূপ জিলাৰ ৭টা ধান ক্ৰয় কেন্দ্ৰত সমৰ্থিত মূল্যত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ