ডিজিটেল সংবাদ ,শিৱসাগৰ : শিৱসাগৰ চহৰত এটাৰ পিছত এটাকৈ চুৰি ডকাইতিৰ ঘটনা সংঘটিত কৰি জনসাধাৰণক আতংকিত কৰা কুখ্যাত ডকাইত অংকুশ গোৱেল ওৰফে আছু সহিতে পাঁচটা ডকাইত অৱশেষত আৰক্ষীৰ জালত পৰিল ৷
বিতৰ্কিত অংকুশ গোৱেল ওৰফে আছু গোৱেলসহ পাঁচটাকৈ ডকাইত শনিবাৰে পুৱতি নিশা শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাত জনসাধাৰণে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ মাজ নিশাৰ অভিযানত আটক গভাইত চোৰৰ দলটো হৈছে খাটপথাৰৰ অংকুশ গোৱেল, ঘিলাগুৰিৰ হুনতু আলী, ৰেল ষ্টেচনৰ সমীপৰ নিবাসী ফিৰোজ আহমেদ, চেৰেকাপাৰৰ উদীপ্ত গগৈ আৰু অমিত মেধি ৷
উল্লেখ্য যে, যোৱা ২৬ অক্টোবৰৰ নিশা শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিৰ ওম প্ৰকাশ কেডিয়া নামৰ ব্যক্তি গৰাকীৰ মালিকানাধীন ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ চুৰি কাৰ্য্য ৷ আছু গোৱেলৰ নেতৃত্বত ফিৰোজ আহমেদ, হুনতু আলী , উদীপ্ত গগৈ আৰু অমিত গগৈয়ে ওম প্ৰকাশ কেডিয়াৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰি কাৰ্য্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা এটা এটাকৈ কেইবা লাখ টকাৰ সামগ্ৰী চুৰি কৰা বিস্ফোৰক দৃশ্য চি চি টিভিত আৱদ্ধ হৈছিল ৷
গ্ৰেপ্তাৰৰ পিছতেই চোৰ কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চোৰ কেইটাৰ জিম্মাৰ পৰা এখন কলা ৰঙৰ ব’লেৰ গাড়ী,এখন ৰঙা ৰঙৰ টাটা মেজিক, নগদ ১৬ হাজাৰ ৫ শ টকাৰ লগতে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে ৷
পুৱতি নিশাৰ অভিযানত আটাই কেইটা গভাইত চোৰ আটক কৰাৰ পিছতেই চেৰেকাপাৰৰ উদীপ্ত গগৈৰ জিম্মাৰ পৰা উদ্ধাৰ হয় চুৰি সামগ্ৰী সমূহ ৷ অংকুশ গোৱেলৰ জিম্মাৰ পৰা কলা বৰণৰ বলেৰ গাড়ীখন আৰু ফিৰোজৰ জিম্মাৰ পৰা ৰঙা ৰঙৰ টাটা মেজিক খন আৰক্ষীয়ে উদ্ধাৰ কৰি নিজৰ জিম্মাত লয় ৷
শিৱসাগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা ৷ ইফালে নিজৰ প্ৰতিষ্ঠানত চুৰি কাৰ্য্য সংঘটিত হোৱাৰ পিছতেই ওম প্ৰকাশ কেডিয়াই সদৰ আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিত ১৬৭/ ২৩ নম্বৰৰ এটা গোচৰ ৰূজু কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি ৩৮০/ ৪৫৭ নং ধাৰাত অংকুশ, অমিত, ফিৰোজ, হুনতু আৰু উদীপ্তক বিয়লি আদালতত হাজিৰ কৰায় ৷ বৰ্তমানেও চুৰি কাৰ্য্যৰ লগত আন এটা চোৰ পলাতক অৱস্থাত আছে ৷
উল্লেখ্য যে ষ্টেচন চাৰিআলিৰ ৰে’লৱে ষ্টেচনৰ নিবাসী ফিৰোজ আহমেদ ওৰফে বেটাৰ বিৰুদ্ধে আছে একাধিত চুৰিৰ অভিযোগ ৷ ইফালে বিগত সাতটা বছৰ শিৱসাগৰৰ ব্যৱসায়ীক মহলত বিভিন্ন প্ৰক্ৰিয়াৰে সন্ত্ৰাস চলাই অহা অংকুশ গোৱেল ওৰফে আশু গোৱেলে অনা - অসমীয়া ব্যৱসায়ীক আলফাৰ নাম লৈ ধন দাবী কৰাৰ লগতে একাধিক চুৰিৰ গোচৰত নিজৰ নাম সাঙুৰ খাইছিল ৷
Also Read: আলফা(স্বা) শিবিৰত দুই কেডাৰক মৃত্যুদণ্ড বিহা সন্দৰ্ভত জি পি সিঙৰ প্ৰতিক্ৰিয়া