শিৱসাগৰত অঘটনঃ বিদ্যুতপৃষ্ঠ হৈ মৰিগাঁৱৰ ঠিকাদাৰৰ মৃত্যু...

শিৱসাগৰত অঘটনঃ বিদ্যুতপৃষ্ঠ হৈ মৰিগাঁৱৰ ঠিকাদাৰৰ মৃত্যু...
শিৱসাগৰত অঘটনঃ বিদ্যুতপৃষ্ঠ হৈ মৰিগাঁৱৰ ঠিকাদাৰৰ মৃত্যু...
Published on
Updated on

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰত আজি নিচেই পুৱাতে বিদ্যুৎপৃষ্ঠ হৈ এজন ব্যক্তি থিতাতে মৃত্যু মুখত পৰে ৷ এই ব্যক্তিগৰাকীৰ নাম ফইজুল আলী ৷ প্ৰায় ৫০ বছৰীয়া ফইজুল আলীৰ প্ৰকৃত ঘৰ মৰিগাঁও জিলাৰ মিকিৰিগাঁৱত ৷

যোৱা কেইবাটাও দশক ধৰি এই ব্যক্তিগৰাকীয়ে শিৱসাগৰ চহৰৰ ধাইআলি চুকৰগাঁও অঞ্চলৰ ভাৰাঘৰত থাকি পকীঘৰৰ ধালা ঠিকাদাৰ হিচাপে জীৱন নিৰ্বাহ কৰিছিল ৷ তেওঁৰ অধীনত দৈনিক অতিকমেও ৭০ জন শ্ৰমিকে কাম কৰি পেট প্ৰবৰ্তন কৰিছিল ৷

আজি শিৱসাগৰৰ দিখৌ দলঙৰ সমীপৰ আমগুৰি গাঁৱত এটা পকীঘৰৰ চাদ ধালাই দিয়াৰ ঠিকা তেওঁ লৈছিল ৷ সেই মৰ্মে আজি পুৱা ফইজুলে একাংশ শ্ৰমিকৰ লগত ধালাই মেচিন আৰু লিফ্ট লগোৱাৰ বাবে চেষ্টা চলায় ৷

সেই সময়ত সংশ্লিষ্ট স্থানত পৰি থকা এডাল কেবোল আঁতৰাই দিয়াৰ বাবে চেষ্টা চলোৱাৰ সময়তে তেওঁ বিদ্যুৎপৃষ্ট হৈ মৃত্যুৰ মুখত পৰে ৷ ততাতৈয়াকৈ তেওঁক এখন নাৰ্ছিং হোমলৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি চাৰি সন্তান আৰু ভাতৃক ইহ সংসাৰত এৰিথৈ যায় ৷

শিৱসাগৰত অঘটনঃ বিদ্যুতপৃষ্ঠ হৈ মৰিগাঁৱৰ ঠিকাদাৰৰ মৃত্যু...
ফ্লাই অভাৰখন ভাগিল !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in