বৰেণ্য মহিলা, শিক্ষাবিদ দিপালী চলিহাক ৰাজহুৱা সম্বৰ্ধনা...

সমাজত ভাল কামৰ মূল্য বুজা মানুুুহ আছে— দিপালী চলিহা
বৰেণ্য মহিলা, শিক্ষাবিদ দিপালী চলিহাক ৰাজহুৱা সম্বৰ্ধনা...
Published on
Updated on

ডিজিটেল সংবাদ শিৱসাগৰ: অসমৰ শৈক্ষিক জগতৰ সন্মানীয় মহিলা, শিৱসাগৰ নাট্য সমাজৰ সভানেত্ৰী তথা শিৱসাগৰৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতঃ ভাবে জড়িত মহিলা দিপালী চলিহাক ভালেসংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এক ব্যতিক্ৰমী কাৰ্যসূচীৰে সন্মান জনায় ৷ এই উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্মৃতিকাতৰ হৈ পৰে দিপালী চলিহা। 

বাস্তৱত দিপালী চলিহা নিজেই এক অনুষ্ঠান ৷ তেওঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ফুলনি কবি পদ্মধৰ চলিহাৰ বোৱাৰী আৰু সেউজ কোৱঁৰ পৰাগ চলিহাৰ সহধৰ্মিনী ৷ দিপালী চলিহা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক  অধ্যক্ষা ৷

দেশৰ স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শৈক্ষক আৰু সাংস্কৃতিক দিশত গুৰুত্বপূৰ্ণ অবদান থকা সম্ভ্ৰান্ত পৰিয়ালটোৰ বাসগৃহত এই সম্বৰ্ধনা অনুষ্ঠানে স্মৃতিকাতৰ কৰি তুলিলে গুৰু আৰু শিষ্যক ৷ মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষাগৰাকীক ঘৰৰ ভিতৰৰ পৰা স-সন্মানে চোতাললৈ আদৰি আনি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে ৷

মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা আস্না চেতিয়াই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় দিপালী চলিহাই কলেজৰ ভেঁটি গঢ়িছিল ৷ যাৰ বাবে উজনি অসমত বাণিজ্য শিক্ষাৰ প্ৰসাৰ ঘটিল ৷ মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰ কৰ্মচাৰী স্নেহময়ী শইকীয়াই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁৰ সংগ্ৰামৰ কথা ব্যক্ত কৰে ৷

মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট অধিবক্তা শ্বেখ চামছেৰে কয় দীপালী চলিহাই মানৱ সম্পদ গঢ়াৰ বাবে জীৱনৰ অধিকাংশ সময় ব্যয় কৰিলে ৷ তেওঁ সকলোৰে পূজ্য ৷ উজনি অসমত বাণিজ্য শিক্ষাৰ প্ৰসাৰ ঘটাই হেজাৰ হেজাৰ ছাত্ৰ-ছাত্ৰীক নিজৰ ভৰিত ঠিয় দিব পৰাকৈ দিপালী চলিহাই পৈনত কৰি তুলিলে ৷

দিপালী চলিহাক তেওঁ অন্যতম সংগ্ৰামী নাৰী বুলি অভিহিত কৰে ৷ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি প্ৰাক্তন ছাত্ৰ তথা বেংকৰ বিষয়া অনিল বৰুৱাই সমাজৰ উন্নয়নৰ লগতে নতুন প্ৰজন্মক জ্ঞানৰ পোহৰ দিয়াৰ বাবে দিপালী চলিহাই সমস্ত উজাৰি কৰা কামৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকে তেওঁক সম্বৰ্ধনা জনাবলৈ আগবাঢ়ি অহা বুুুলি মন্তব্য কৰে ৷

প্ৰাক্তন ছাত্ৰ তথা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাণিজ্য শাখাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজীৱ ফুকনে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত দিপালী চলিহাৰ ত্যাগ আৰু সংগ্ৰামৰ দিশটো প্ৰত্যক্ষ কৰাৰ কথা দোহাৰি কয়, তেওঁৰ প্ৰশাসনীয় দক্ষতাক স্বীকাৰ কৰিবই লাগিব ৷ বাণিজ্য বিষয়ত তাহানিতেই গুৰুত্ব দি তেওঁ এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল ৷

প্ৰাক্তন ছাত্ৰ বিপুল চিলা ওজাই কয়- তেওঁ কলেজৰ ঘৰটো নিৰ্মাণ কৰাতে ক্ষান্ত নেথাকি অসমৰ বাহিৰৰ পৰা অভিজ্ঞসম্পন্ন শিক্ষকক মাতি আনি শিক্ষা দানৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ নিশা পাঠদানৰ ব্যৱস্থা কৰাইছিল ৷ তেওঁ ছাত্ৰ ছাত্ৰীক অনুশাসন কৰাৰ সমান্তৰালকৈ নিজৰ সন্তানৰ দৰে মৰম কৰিছিল ৷

অসম আন্দোলনৰ সময়ত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হৈ শিৱসাগৰ সদৰ থানাৰ লকআপত থকাৰ সময়ত অধ্যক্ষা দিপালী চলিহাই এজন ব্যক্তিৰ হাতত এখন কম্বল তেওঁলৈ দি পঠোৱাৰ প্ৰসংগক দোহাৰি বিপুল চিলা ওজা আবেগ বিহ্বল হৈ পৰে ৷ প্ৰাক্তন ছাত্ৰ দুলাল বৰুৱাই কয় দিপালী চলিহাৰ সংগ্ৰামে সফল ৰূপ পালে ৷ 

প্ৰাক্তন ছাত্ৰ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাতুল শৰ্মাই অনুষ্ঠানত ভাগলৈ কয়- বাণিজ্য শিক্ষাৰ গুৰুত্ব যি সময়ত গৰিষ্ঠসংখ্যক লোকে উপলব্ধি কৰা নাছিল সেই সময়ত দিপালী চলিহাই বাণিজ্য মহাবিদ্যালয় স্থাপন কৰি বাণিজ্য শিক্ষাৰ প্ৰসাৰ ঘটালে ৷ নতুন প্ৰজন্মক বাণিজ্য শিক্ষা প্ৰদান কৰিলে ৷ তেওঁৰ সকলোৰে সমস্যাক গুৰুত্ব প্ৰদান কৰিছিল বুলি মন্তব্য কৰে ৷ 

ড০ প্ৰবুদ্ধ প্ৰসাদ চেতিয়াই কয় আমাৰ সমাজত মানুহক মৃত্যুৰ পিছতহে স্বীকৃতি প্ৰদান কৰা হয় ৷ কিন্তু একাংশ ছাত্ৰই দিপালী চলিহাক জীৱনকালত ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱা বিষয়টোৱে সমাজৰ বাবে কাম কৰা মানুহক উৎসাহিত কৰিব। তেওঁ দিপালী চলিহাৰ সামাজিক দায়বদ্ধতাৰ কথা উল্লেখ কৰে। 

বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য তথা খ্যাতনামা অধিবক্তা অজিত বৰপূজাৰীয়ে কয় আমি শিৱসাগৰত বাণিজ্য মহাবিদ্যালয় স্থাপনৰ বাবে চিন্তা কৰি কামত আগবাঢ়িছিলো ৷ দিপালী চলিহাই কাৰো ওপৰত নিৰ্ভৰ কৰি কামৰ দায়িত্ব এৰি দিয়া নাছিল ৷ তেওঁ মহাবিদ্যালয়ৰ কামত দিন, ৰাতি একাকাৰ কৰি কাম কৰিছিল ৷ প্ৰাক্তন ছাত্ৰ তথা খ্যাতনামা কৌতুক শিল্পী জীৱন দেয়ে দিপালী চলিহাৰ কৰ্মদক্ষতাক শলাগ লয় ৷

অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া গকুল মোহন হাজৰিকাই বাণিজ্য শিক্ষাৰ ক্ষেত্ৰত দিপালী চলিহাই প্ৰদীপ জ্বলালে বুলি উল্লেখ কৰে। প্ৰাক্তন ছাত্ৰী বৰ্ণালী ফুকনে কয়, মই ১৯৭৬ চনত এই কলেজত নাম ভৰ্তি কৰিছিলোঁ ৷ মই একমাত্ৰ ছাত্ৰী আছিলো ৷ দিপালী চলিহাই নাৰীকো বাণিজ্য শিক্ষা প্ৰদানত উৎসাহিত কৰাৰ কথা ব্যক্ত কৰে ৷ 

এনামউদ্দিন আহমেদ অনুষ্ঠানৰ আঁত ধৰি কয় দিপালী চলিহা এগৰাকী নাৰী হৈয়ো নিশা এপৰলৈকে শ্ৰমিকৰ লগত এই কলেজৰ গৃহ নিৰ্মাণ প্ৰক্ৰিয়াৰ কাম তদাৰক কৰিছিল ৷ কলেজ প্ৰতিষ্ঠাৰ বাবে বিভিন্ন প্ৰতিষ্ঠান আৰু ব্যক্তিৰ পৰা ধন সংগ্ৰহ কৰি কামত লগাইছিল ৷ সমাজৰ একাংশ লোকে তেওঁক সমালোচনা কৰিছিল ৷ আনকি আদালতৰ কাঠগৰাত ঠিয় কৰোৱাই মানসিক ভাৱে অত্যাচাৰ কৰাইছিল ৷

তথাপিও তেওঁ বিচলিত নহৈ নিজৰ লক্ষ্যত উপনীত হ’ল ৷ অনুষ্ঠানটোত দিপালী চলিহাক বৰ্ণালী ফুকনে শৰাই প্ৰদান কৰাৰ পিছতেই শ্বেখ চামছেৰে পাদুকা, ধনদেৱ মহন্ত, স্বৰূপ চিলা ওজা, জীৱন দে, উৎপল বৰুৱা, অনুপ চাহু,  কিশোৰ লাহিড়ীয়ে গ্ৰন্থ উপহাৰ দিয়ে ৷

সম্বৰ্ধনা গ্ৰহণ কৰি দিপালী চলিহাই কয় “ বিজুলী বিহীন নিশাবোৰত মম আৰু লেমৰ পোহৰত আলোক উজ্জ্বল সমাজ গঢ়াৰ বাবে নতুন প্ৰজন্মক শিক্ষাদান দিছিলোঁ ৷ সেই কষ্টৰ মূল্য বুজি পোৱা মানুহ যে সমাজত আছে এই কথা আজিৰ অনুষ্ঠানত উপস্থিত থকা লোকৰ আন্তৰিকতাই প্ৰমাণ কৰিছে ৷ বহু ডাঙৰ বঁটাত কৈ ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ বিভিন্ন স্তৰৰ মানুহে জনোৱা সম্বৰ্ধনাই অধিক অনুপ্ৰাণিত কৰা বুলিও তেওঁ কয়৷

কলেজ প্ৰতিষ্ঠাৰ কষ্টকৰ সময় আৰু একাংশ লোকৰ মানসিক অত্যাচাৰৰ প্ৰসংগত দিপালী চলিহাই কয়, ভ্ৰমণ শিতানৰ ২০০০ টকাৰ হিচাপ নিমিলাৰ প্ৰসংগ অসম বিধানসভাৰ মজিয়াত উঠিছিল ৷ আনকি মই আইনৰ কাঠগৰাত উঠিছিলোঁ ৷ সেই সময়ৰ শিক্ষামন্ত্ৰী লক্ষ্যধৰ চৌধুৰীয়ে তদন্তৰ নিৰ্দেশ দিয়ে ৷ তদন্তৰ প্ৰতিবেদনত আমাৰ কলেজে ২০০০ টকাৰ অনুদান নোপোৱাৰ কথা স্পষ্ট ভাৱে প্ৰকাশ পায় ৷

অনুষ্ঠানত লেখক চামচুল বাৰিক, শ্যামন্ত ঘোষ, ইদেন হক, মৃদুস্মিতা সিংহ, অভিজিত চলিহা, ৰাকা চলিহা, ৰূপম কাকতী, উষাৰাণী দেৱী, দিলীপ কুমাৰ বৰা, অনুপ ভট্ট, জয়ন্ত বৰঠাকুৰ, সুনীল মহন্তকে ধৰি ভালেসংখ্যক প্ৰাক্তন ছাত্ৰ আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই সৌৰভ চলিহাই অচিৰেই তেওঁৰ মাতৃ দিপালী চলিহাৰ অভিনন্দন গ্ৰন্থ প্ৰকাশৰ বাবে জনসাধাৰণে জনাই অহা অনুৰোধ বাস্তৱায়িত কৰিব বুলি মন্তব্য কৰে ৷ তদুপৰি ইতিপূৰ্বে পুনৰ নিৰ্মাণ কৰা শিৱসাগৰ নাট্য মন্দিৰ কম সময়ৰ ভিতৰতে মুকলি কৰা হ’ব বুলি মন্তব্য কৰে ৷

বৰেণ্য মহিলা, শিক্ষাবিদ দিপালী চলিহাক ৰাজহুৱা সম্বৰ্ধনা...
মুখ মেলিলেই বিতৰ্কঃ নিজ দলেই ৰাজহুৱা ভৰ্ৎসনা কৰিলে সাংসদ কংগনাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in