শিৱসাগৰত বিষ্ণু খাৰঘৰীয়াক “অভিজ্ঞানম কলা সৌৰভ বঁটা-২০২৩” প্ৰদান

শিৱসাগৰত সত্ৰীয়া নৃত্যৰ শৈলীত প্ৰাণৱন্ত হ’ল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ "চম্পাৱতী" ৰ সাধু...
শিৱসাগৰত বিষ্ণু খাৰঘৰীয়াক “অভিজ্ঞানম কলা সৌৰভ বঁটা-২০২৩” প্ৰদান
Published on
Updated on

ডিজিটেল সংবা, শিৱসাগৰঃ প্ৰতিভাসম্পন্ন নৃত্য শিল্পী তথা অভিনেতা কৌশিক কুমাৰ সন্দিকৈয়ে এজাক যুৱক-যুৱতীৰ তথা কিশোৰীক লগত লৈ শিৱসাগৰ যুৱদলত সত্ৰীয়া নৃত্য শৈলীৰে উপস্থাপন কৰিলে কালিদাসৰ কালজয়ী সৃষ্টি “শকুন্তলা” আৰু  ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”ত উল্লেখ থকা “ চম্পাৱতী ” নামৰ সাধুটো ৷ সত্ৰীয়া নৃত্যৰ মাধ্যমেৰ উপস্থাপন কৰা “শকুন্তলা” আৰু চম্পাৱতী প্ৰত্যক্ষ কৰা  নাট্যপ্ৰেমী সকল অভিভূত হৈ পৰে ৷

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলাৰ স্নাতকোত্তৰ কৌশিক কুমাৰ সন্দিকৈয়ে নতুন প্ৰজন্মৰ যুৱক যুৱতী তথা কিশোৰ কিশোৰীক সত্ৰীয়া নৃত্যৰ লগতে অভিনয় শিক্ষা প্ৰদান কৰাৰ বাবে শিৱসাগৰত  “অভিজ্ঞানম নৃত্যম নৃত্য শিক্ষাৰ অভিকেন্দ্ৰ” নামৰ এক অনুষ্ঠান প্ৰতিষ্ঠা কৰি প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ এই অনুষ্ঠানে দুটা বৰ্ষ অতিক্ৰম কৰি তৃতীয় বৰ্ষত ভৰি দিলে ৷ যাৰ বাবে  শিৱসাগৰ যুৱ দল প্ৰেক্ষাগৃহত  উদযাপন কৰা হয় তৃতীয় অভিজ্ঞানম নৃত্যম মহোৎসৱ ।

যোৱা ডেৰটা বছৰ ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত কৌশিক কুমাৰ সন্দিকৈয়ে "শকুন্তলা" আৰু “চম্পাৱতী”ৰ নাট্য ৰূপ দিয়ে ৷ অভিজ্ঞানম কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীসকলক নৃত্য গীতৰ প্ৰশিক্ষণ দি এক প্ৰকাৰে পৈণত কৰি তুলে ৷ উল্লেখ্য যে বিগত বৰ্ষত চম্পাৱতী সত্ৰীয়া নৃত্য শৈলীৰে শিৱসাগৰ যুৱদলত মঞ্চস্থ কৰা হৈছিল ৷ চম্পাৱতীৰ অভূতপূৰ্ব সফলতাৰ পিছত অনেক নাট্যপ্ৰেমীয়ে একেখন নৃত্য নাটিকা পুনৰ উপস্থাপন কৰাৰ বাবে কৌশিক কুমাৰ সন্দিকৈক অনুৰোধ জনাইছিল ৷

প্ৰতিভাসম্পন্ন শিল্পীগৰাকীয়ে প্ৰথমবাৰ উপস্থাপন কৰোতে চম্পাৱতীত ধৰা পৰা ভুল শুধৰাই এইবাৰ পুনৰ মঞ্চস্থ কৰে ৷ একে নিশাই নাট্যপ্ৰেমীৰ অনুৰোধৰ বাবে চম্পাৱতী দুটা দৰ্শনীৰ ব্যৱস্থা কৰে ৷ ইয়াৰ পূৰ্বে শিৱসাগৰৰ কোনো প্ৰেক্ষাগৃহ সত্ৰীয়া শৈলীৰে নৃত্য নাটিকা একে নিশাই দুটা দৰ্শনী ৰাইজে উপভোগ কৰা দৃষ্টান্ত বিৰল ৷

ন-ৰূপত ব্যতিক্ৰমী প্ৰচেষ্টাৰে প্ৰদৰ্শন কৰা চম্পাৱতী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা অসম উন্নতি সভাৰ সম্পাদক শৰৎ হাজৰিকাই ৷ শৰৎ হাজৰিকাই সাধুটোৰ মূল কাহিনী একেই ৰাখি সত্ৰীয়া নৃত্য আৰু গীতৰ আধাৰত মঞ্চস্থ কৰাটো এক জটিল প্ৰক্ৰিয়া বুলি মন্তব্য কৰে ৷ 

দুদিনীয়াকৈ “অভিজ্ঞানম নৃত্যম নৃত্য শিক্ষা অভিকেন্দ্ৰ”ই অনুষ্ঠিত কৰা এই বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰথম দিনা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়াক শিৱসাগৰ যুৱদলত প্ৰদান কৰা হয় “অভিজ্ঞানম কলা সৌৰভ বঁটা-২০২৩" বঁটা ৷ এই বঁটা গ্ৰহণ কৰি শিল্পী বিষ্ণু খাৰঘৰীয়াই কয় যে- নাটক সমাজৰ দাপোন ৷ নাটকত সমাজৰ প্ৰকৃত ছবি প্ৰতিফলিত হয় ৷ পুৰণি নাটকসমূহত সেই সময়ৰ সমাজৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয় ৷ জনতাৰ শিল্পীগৰাকীয়ে মঞ্চত নাটকত অভিনয় কৰাৰ পূৰ্বে নাটকৰ সংলাপৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কি হ’ব পাৰে তাক বিচাৰ বিশ্লেষণ কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

নাটকৰ সংলাপৰ বিষয়ে নাট্যকাৰৰ পৰা আৰম্ভ কৰি অভিনেতালৈকে সকলোকে আগতীয়াকৈ চিন্তা কৰাৰ পোষকতা কৰে ৷ বিষ্ণু খাৰঘৰীয়াই কয় যে- মই এতিয়া অসমৰ বাদে আন কথা ভাবিব পৰা নাই ৷ অসমৰ পৰিৱেশ পৰিস্থিতিক লৈ অচিৰেই নাটক কৰিব বুলি তেওঁ কয় ৷ বোলছবিৰ সমান্তৰালকৈ অসমৰ বিভিন্ন মঞ্চত নাটকত অভিনয় কৰা সফল শিল্পীগৰাকীয়ে অতীতক বুকুত লৈ আগবাঢ়িব লাগিব বুলি দোহাৰি নতুন প্ৰজন্মক নাটক বা চিনেমাত সৰু বৰ চৰিত্ৰত অভিনয় কৰাৰ সময়ত চৰিত্ৰ ফুটাই তুলিবলৈ চেষ্টা চলোৱাৰ আহ্বান জনায় ৷

তদুপৰি অভিনেতা খাৰঘৰীয়াই কৌশিক সন্দিকৈৰ উদ্যম আৰু প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে ৷ অনুৰাগ শৰ্মা আৰু চয়নিকা শৰ্মাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত ভাগ লৈ বিশিষ্টা সাহিত্যিক তথা শিক্ষাবিদ ড° অৰুন্ধতী মহন্তই অসমৰ নতুন প্ৰজন্মই গুৰুজনাৰ অনুপম সৃষ্টি সত্ৰীয়া নৃৃত্য বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰচেষ্টা চলোৱাৰ কথা দোহাৰি সন্তুষ্টি প্ৰকাশ কৰে ৷ কৃষ্ণ সাহিত্য সম্পৰ্কীয় গৱেষণাৰ লগত জড়িত সাহিত্যিক গৰাকীয়ে নতুন প্ৰজন্মৰ যুৱক কৌশিক সন্দিকৈয়ে সত্ৰীয়া নৃত্যৰ শৈলীৰে মঞ্চত নাট পৰিবেশন কৰাৰ কথা দোহাৰি তেওঁক প্ৰশংসা কৰে ৷

গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৰুজনাৰ সৃষ্টি সত্ৰীয়া নৃত্য গীতৰ আধাৰত নতুন  প্ৰজন্মক লগত লৈ কৌশিক সন্দিকৈয়ে সাধুৰ পৰা আৰম্ভ কৰি পৌৰাণিক গ্ৰন্থৰ কাহিনী মঞ্চত উপস্থাপন কৰি দৰ্শকৰ সমাদৰ লাভ কৰা বুলি মন্তব্য কৰে ৷ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত বিতোপন নেওগ, ডা° বীণাপানী হাজৰিকা সাংবাদিক  অতুল দত্ত, অধ্যাপক বিমান শেনচোৱা আৰু এনামউদ্দিন আহমেদে বক্তব্য আগবঢ়ায়।

শিৱসাগৰত বিষ্ণু খাৰঘৰীয়াক “অভিজ্ঞানম কলা সৌৰভ বঁটা-২০২৩” প্ৰদান
খেল' ইণ্ডিয়া ৱ'মেন্‌ছ পেঞ্চাক চিলাট লীগ ২০২৩ৰ সফল সমাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in