গড়গাঁও মহাবিদ্যালয়ত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন

দ্বিতীয় দিনা সাংস্কৃতিক শোভাযাত্ৰা আৰু মননশীল আলোচনা চক্ৰৰে উদ্ভাসিত অধিৱেশনস্থলী
গড়গাঁও মহাবিদ্যালয়ত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন
Published on
Updated on

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত গড়গাঁ‌ও মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন। বুধবাৰে অধিবেশনৰ দ্বিতীয় দিনা অনুষ্ঠিত হয় ক্ৰমে প্ৰতিনিধি সভা, সাংস্কৃতিক শোভাযাত্ৰা, স্মৃতিগ্ৰন্থ উন্মোচনী সভা আৰু মননশীল আলোচনা চক্ৰ ।

ইতিহাসৰ বৰ্ণিল বুকুত প্ৰতিষ্ঠিত গড়গাঁও মহাবিদ্যালয়ৰ শৈক্ষিক প্ৰেক্ষাগৃহত বিয়লি অনুষ্ঠিত হোৱা "উচ্চ শিক্ষাৰ উত্তৰণত মহাবিদ্যালয় কৰ্মচাৰীসমূহৰ ভূমিকা" শীৰ্ষক আলোচনা চক্ৰৰ সঞ্চালকৰ আসন গ্ৰহণ কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই। মহন্তই কয় যে এক সঠিক শিক্ষা ব্যৱস্থাপনা গতিশীল তথা বিকাশৰ বাটত আগুৱাই নিবলৈ অনা শিক্ষক কৰ্মচাৰীসকলৰ গুৰুত্ব সৰ্বাধিক ।

ছাত্ৰ-ছাত্ৰীৰ মহাবিদ্যালয়ত নামভৰ্ত্তিৰপৰা উত্তীৰ্ণ প্ৰমাণ পত্ৰ হাতত তুলি দিয়ালৈকে অনা শিক্ষক কৰ্মচাৰীসকলেই দায়িত্বৰ সফল চিনাকিৰে সম্পন্ন কৰি আহিছে বুলি মহন্তই মন্তব্য কৰে। শিক্ষানুষ্ঠানত বিজ্ঞানাগাৰ, পুথিভঁড়ালৰ একান্ত তত্বাৱধান হাতত লৈ আৰু সফল শিক্ষা দান প্ৰক্ৰিয়া সম্পাদনত সহযোগ ঘটাই কৰ্মচাৰীসকলেই শিক্ষানুষ্ঠানৰ লালন-পালন, সংৰক্ষণ, সংবৰ্দ্ধন তথা সৌন্দৰ্যৱৰ্দ্ধনৰ সকলোখিনিতে কৰ্ত্তব্য পৰায়ণতাক উজ্বল কৰি ৰাখিছে বুলিও সঞ্চালক মহন্তই মন্তব্য কৰে । লগতে কয়- শিক্ষাগুৰুৰ শিক্ষাদানক কৰ্মচাৰীসকলৰ উপস্থিতিয়ে মহীয়ান কৰি আহিছে ।

সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন উপলক্ষে প্ৰকাশিত আৰু দেৱযানী বকলীয়াল, ড° অংকুৰ দত্ত, ড° শ্যামলীমা শইকীয়া সম্পাদিত "গড়গাঁও" নামাংকিত স্মৃতিগ্ৰন্থৰ উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° পুণ্যধৰ গগৈয়ে। ইফালে সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন উপলক্ষে প্ৰকাশিত আৰু পংকজ কুমাৰ পাৰৈৰ দ্বাৰা সম্পাদিত "উত্তৰণ" নামাংকিত মুখপত্ৰখনৰ উন্মোচন কৰি কলেজ কৰ্মচাৰীসকলৰ অধ্যৱসায় তথা সাধনাৰ দিশ লক্ষ্য কৰি আনন্দ প্ৰকাশ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ জিতেন হাজৰিকাই ।

দুখনকৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সন্মানীয় পদত অধিষ্ঠিত ড০ জিতেন হাজৰিকাই  কয়- "জীৱনৰ শেষ উশাহলৈকে শিকি যোৱাই কাম। সেয়ে কেতিয়াও নিজৰ কৰ্মৰ লক্ষ্যৰ পৰা বিচ্যুত নোহোৱাকৈ সমাজৰপৰা আঁতৰ নহৈ এক অদম্য যুৱ শক্তিক পৰিপোষণ কৰি যাব লাগে" বুলি প্ৰকাশ কৰে। তেঁওৰ এই মন্তব্য শুনি উপস্থিত শিক্ষক, কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকল আপ্লুত হয়।

উপাচাৰ্য্যগৰাকীয়ে প্ৰসংগক্ৰমে প্ৰবাদ প্ৰতীম উদ্যোগপতি ৰতন টাটাৰ উদ্যমী শক্তি আৰু বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ সামাজিক মৰ্য্যাদালৈ দৃষ্টান্তস্বৰূপে আঙুলিয়াই দিয়ে । শিক্ষাৰ সফল যাত্ৰাক ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী, প্ৰশাসন আৰু শিক্ষক সমাজক গতিশীল এক ৰথৰ চকাৰ সৈতে তুলনা কৰে। ইয়াৰ এটা চকাৰো অচল কৰি ৰাখিব নোৱাৰি বুলি কয় উপাচাৰ্য্যগৰাকীয়ে ।

তেঁও "উত্তৰণ" মুখপত্ৰখনৰ সম্পাদক পংকজ কুমাৰ পাৰৈক অনুষ্ঠানত বিশেষভাৱে আদৰণি জনায়। আলোচনা চক্ৰত উচ্চ শিক্ষা, অসমৰ বিত্তীয় পৰামৰ্শদাতা নয়নমণি শৰ্মাই কলেজ কৰ্মচাৰীসকলৰ বিত্তীয় নীতিৰ অধীনত গুৰুত্বপূৰ্ণ তথা কাৰিকৰী দিশত গুৰুত্বপূৰ্ণ হৈ উঠা দিশসমূহ দাঙি ধৰি বক্তব্য প্ৰদান কৰে।

আলোচনা চক্ৰত বিভিন্নখন কলেজৰ অধ্যক্ষ ক্ৰমে ড০ সৌমাৰজ্যোতি মহন্ত (শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়), ড০ মাঞ্জিৎ গগৈ (হেমনাথ শৰ্মা কলেজ) , ড০ কৃষ্ণজ্যোতি সন্দিকৈ (ডিমৌ কলেজ), ড০ দুলেন শইকীয়া (কেন্দ্ৰীয় মহাবিদ্যালয় যোৰহাট), শিক্ষক প্ৰতিনিধি ড০ বিনয়ব্ৰত ৰাজখোৱা, ড০ হৰেণ হাজৰিকা, ৰোহিনী বুঢ়াগোহাঁই (উপ-পঞ্জীয়ক), সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ সভাপতি ৰমণী ৰাজবংশী উপস্থিত থাকে।

ইফালে পুৱাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক তথা গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি দেৱ হাজৰিকাই । ইয়াৰ উপৰি প্ৰাক্তন কৰ্মচাৰীসকলৰ মধুৰ আলাপ শীৰ্ষক এক অনুষ্ঠানো অনুষ্ঠিত হয় ।

গড়গাঁও মহাবিদ্যালয়ত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন
ধুবুৰীত কণীযুক্ত ইলিচ মাছ নিধনত উদ্বেগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in