ৰাজ্যৰ ৪ ঐতিহাসিক পুখুৰীৰ পাৰত গছপুলি ৰোপণ ভাৰত পৰ্যটনৰ

ৰাজ্যৰ ৪ ঐতিহাসিক পুখুৰীৰ পাৰত গছপুলি ৰোপণ ভাৰত পৰ্যটনৰ
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ 'গছ থাকিলেহে মানুহ থাকিব'- এই সংকল্প লৈ সোমবাৰে ৰাজ্যৰ ৪টা ঐতিহাসিক পুখুৰীৰ পাৰত গছপুলি ৰোপণ কৰে ভাৰত পৰ্যটনে৷ ভাৰত পৰ্যটনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা সঞ্চালক অনিল উৰাওয়ে এই কাৰযসূচীত উপস্থিত থাকি কয় যে, পূৰ্বৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলত ১৫% পৰ্যটক বৃদ্ধিৰ লক্ষ্য ইতিমধ্যেই স্থিৰ কৰিছে ভাৰত পৰ্যটনে ৷ কিন্তু পৰ্যটকক দিবলৈ এটি সুস্থ পৰিৱেশৰ অত্যন্ত প্ৰয়োজন ৷ সুস্থ প্ৰাকৃতিক পৰিৱেশৰ চিন্তাৰেই অসমৰ ৪টা ঐতিহাসিক পুখুৰীৰ সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত এই গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয় ৷

তেখেতে লগতে কয় যে- গোলকীয় উষ্ণতাই হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে জীৱকুলৰ মাজত ৷ পৰ্যটন উদ্যোগটোত নিত্য-নতুন চিন্তাৰ অৱকাশ ঘটোৱাৰ সমান্তৰালভাৱে পৰিৱেশ সংৰক্ষণৰ জৰিয়তে এক সুস্থ বাতাবৰণ তৈয়াৰ কৰাটো আজিৰ তাৰিখত সকলোৰে কাম্য ৷ সেয়ে আজি ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত দেশৰ ৭৫ টা ঐতিহ্যক্ষেত্ৰৰ কাষৰীয়া পুখুৰীৰ সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঐতিহাসিক স্থানত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ তাৰে অংশস্বৰূপে অসমৰ আহোম স্বৰ্গদেউৰ স্মৃতি জড়িত ঐতিহাসিক বৰপুখুৰীৰ পাৰ, জয়সাগৰ পুখুৰী, গৌৰীসাগৰ পুখুৰী, লক্ষীমপুৰ পুখুৰীৰ পাৰত গছপুলি ৰোপণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

২৫০ গৰাকী স্থানীয় লোকে সহযোগ কৰা গছপুলি ৰোপণৰ এই কাৰ্যসূচীত যুৱ পৰ্যটন ক্লাবৰ সদস্য, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক, পৰ্যটন গাইড আদিয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত লক্ষীমপুৰ পুখুৰী বাগিচাৰ গছপুলি ৰোপণৰ কাৰ্যসূচীত বিধায়ক ড° পৰমানন্দ ৰাজবংশী আৰু দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপণ হাজৰিকা উপস্থিত থাকে ৷ লক্ষীমপুৰ পুখুৰীৰ পাৰত অনুষ্ঠিত অনুষ্ঠানতে দৰ্শনাৰ্থী আৰু পৰ্যটকৰ বিনোদনৰ উদ্দেশ্যে ২খন পেডেল নাও মুকলি কৰা হয় ৷

এই নৌকা পৰ্যটনৰ ফলত অধিক পৰ্যটকক আকৰ্ষণ কৰিব পৰা যাব বুলি উল্লেখ কৰে বিভাগটোৱে ৷ লগতে এই নৌকা পৰ্যটনৰ ফলত পুখুৰীটো চোৱাচিতা কৰা লক্ষীমপুৰ আঞ্চলিক মীন মহল সমিতিয়ে অৰ্থনৈতিকভাৱে লাভান্বিত হ’ব বুলিও আশা প্ৰকাশ কৰা হয় ৷ ইপিনে, উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়ৰ বেম্ব' ডিপ জলসিঞ্চন প্ৰকল্প, মিজোৰামৰ চাপটুই ৱাটাৰ পইণ্ট, ত্ৰিপুৰাৰ কমলা সাগৰ দিগট আদি জল ঐতিহ্য ক্ষেত্ৰসমূহতো সোমবাৰে কাৰ্যসূচীটি অনুষ্ঠিত কৰা হৈছিল বুলি জানিবলৈ দিয়ে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই গছপুলিখিনি সুৰক্ষা দিবলৈ প্ৰতিগৰাকী স্থানীয় ৰাইজে সংকল্প লৈছে।

ৰাজ্যৰ ৪ ঐতিহাসিক পুখুৰীৰ পাৰত গছপুলি ৰোপণ ভাৰত পৰ্যটনৰ
গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰঃ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে স্মাৰক আমছুৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in