শিৱসাগৰৰ দিচাংমুখত নাও দুৰ্ঘটনাঃ সন্ধানহীন এজন যুৱক...

তিনিজন লোকৰ কমথমপি প্ৰাণ ৰক্ষা
শিৱসাগৰৰ দিচাংমুখত নাও দুৰ্ঘটনাঃ সন্ধানহীন এজন যুৱক...
শিৱসাগৰৰ দিচাংমুখত নাও দুৰ্ঘটনাঃ সন্ধানহীন এজন যুৱক...
Published on
Updated on

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰৰ দিচাংমুখৰ নামনি গড়ডগা অঞ্চলত পুৱাই সংঘটিত হয় এক নাও দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত নাওখনত থকা এজন যুৱক এতিয়াও সন্ধানহীন হৈ আছে। সন্ধানহীন লোকজনৰ নাম প্ৰমেশ সাহানি।

আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰিছে তিনিজনকৈ লোকৰ। জানিব পৰামতে হাতীশালৰ পৰা নাও লৈ চাৰিজনীয়া দলটো শিৱসাগৰ নিতাইপুখুৰীলৈ আহি থকাৰ সময়তে এই নাও দুৰ্ঘটনা সংঘটিত হয়৷

উল্লেখ্য যে, শিৱসাগৰ জিলাত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এখনৰ পিছত এখনকৈ গাওঁ প্লাবিত হৈছে জিলাখনত। জিলাখনৰ মাজেৰে আৰু কাষেৰে বৈ যোৱা দিখৌ, দৰিকা, ব্ৰহ্মপুত্ৰ আদিৰ বাঢ়নী পানীয়ে এফালৰ পৰা প্লাবিত কৰিছে বিভিন্ন অঞ্চল। দিখৌ নদীৰ মথাউৰিৰ ওপৰেদি বাগৰিছে পানী। জিলাখনৰ আন প্ৰান্তৰ লগতে সৰাগুৰি চাপৰিত এতিয়া অবৰ্ণনীয় পৰিস্থিতি।

দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰ সংগমস্থলী সৰাগুৰি চাপৰিৰ প্ৰতিঘৰ লোকেই এতিয়া বানৰ কৱলত। বহিঃ বিশ্বৰে বিচ্ছিন্ন এই অঞ্চলৰ লোকসকলে এতিয়া লঘোনতে পাৰ কৰিবলগীয়া হৈছে বিনিন্দ্ৰ ৰজনী।

দিখৌ নদীৰ জলস্তৰ অভাৱনীয় ভাবে বৃদ্ধি পোৱাৰ ফলত শিৱসাগৰ নগৰৰ প্ৰতিয়েই ভাবুকি নামি আহিছে। নগৰৰ কাৰষীয়া কোঁৱৰপুৰ, ভাটিবন গাঁও, শান্তিপূৰ আদি বিভিন্ন স্থানত বানে তাণ্ডৱ চলাইছে। শিৱসাগৰ নগৰৰ গাতে লাগি থকা বহু কেইটা অঞ্চল এতিয়া বানপানীৰ কৱলত। দিচাংমুখৰ আলিছি গাওঁ, অফলা, তিয়বস্ততি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাইছে। বানপানীৰ কৱলত পৰিছে দিচাংমুখৰ ৫০ খনৰো অধিক গাওঁ।

শিৱসাগৰৰ দিচাংমুখত নাও দুৰ্ঘটনাঃ সন্ধানহীন এজন যুৱক...
উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in