চৰাইদেউ লাকুৱাত চাঞ্চল্যকৰ ঘটনাঃ দহ দিনৰ পাছত গাঁত খান্দি উদ্ধাৰ মৃতদেহ

পত্নীৰ দুটা বিপৰীত ভাষ্যই সৃষ্টি কৰিছে ৰহস্য, হত্যাৰ সন্দেহ

author-image
Asomiya Pratidin
New Update
চৰাইদেউ লাকুৱাত চাঞ্চল্যকৰ ঘটনাঃ দহ দিনৰ পাছত গাঁত খান্দি উদ্ধাৰ মৃতদেহ

চৰাইদেউ লাকুৱাত চাঞ্চল্যকৰ ঘটনাঃ দহ দিনৰ পাছত গাঁত খান্দি উদ্ধাৰ মৃতদেহ

ডিজিটেল সংবাদ চৰাইদেউ: ৰহস্যজনক অৱস্থাত গাঁতত পুতি থোৱা এটা মৃতদেহ দেওবাৰে আৰক্ষীয়ে খান্দি উদ্ধাৰ কৰাৰ পাছত লাকুৱাত সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি লাকুৱা ভাজনী পথাৰৰ নিবাসী দীপক বৰা (৪০) নামৰ বিবাহিত লোকজন যোৱা ১৮ অক্টোবৰৰ নিশা এক ৰহস্যজনক পৰিস্থিতিত মৃত্যু হোৱাৰ পাছত স্থানীয় গাঁও প্ৰধানগৰাকীয়ে স্থানীয় একাংশ লোকৰ সহযোগত মাটিত পুতি থয়।

কিন্তু ঘটনাৰ ছদিনৰ পাছত মৃত দীপক বৰাৰ পত্নীৰ ভাষ্য অনুসৰি মাতৃয়ে আৰক্ষীক দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত দেওবাৰে আৰক্ষীয়ে গাঁত খান্দি মৃতদেহ উদ্ধাৰ কৰাৰ পাছত সমস্ত ঘটনাটোৱে নতুন মোৰ লয়। লক্ষ্যণীয় কথা যে দীপক বৰাৰ মাতৃ নিজৰা ব্ৰাউনে লাকুৱা আৰক্ষী থানাত যোৱা ২৪ তাৰিখে দিয়া এজাহাৰৰ কথাখিনিয়ে সমগ্ৰ ঘটনাটোক অধিক ৰহস্যঘন কৰি তুলিছে।

এজাহাৰত উল্লেখ কৰা মতে যোৱা ১৮ অক্টোবৰৰ ঘটনাৰ নিশা মাতৃ নিজৰা ব্ৰাউন ঘৰত নাছিল। সেইদিনা তেওঁ যোৰহাট টীয়কত থকা অৱস্থাত নিশা প্ৰায় ৯-৩০ বজাত লাকুৱাৰ ঘৰৰ পৰা ফোন যোগে পুত্ৰৰ মৃত্যু হোৱা বুলি খবৰ দিয়াত নিশাই ঘৰলৈ আহে আৰু লাকুৱা আদৰ্শ চিকিৎসালয়ত ইতিমধ্যে চিকিৎসকে মৃত বুলি ঘোষণা কৰে দীপক বৰাক।

মাতৃ নিজৰা ব্ৰাউনে পুত্ৰৰ স্বাভাৱিক মৃত্যু হোৱা বুলি ভাবি মৃতদেহ ঘৰলৈ লৈ আহিবলৈ কয় আৰু পাছত স্থানীয় একাংশ লোকৰ সহযোগত সমাধিস্ত কৰিঅন্তিম সংস্কাৰ কৰে। কিন্তু ইয়াৰ মাজতে ধৰ্মীয় বিধি-পৰম্পৰা অনুসৰি মৃত্যুৰ তিনি দিনৰ পাছত কৰিবলগীয়া নীতি নিয়ম পালে কৰে যদিও ঘটনাটোক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া।

ইয়াৰ মাজতে ঘটনাৰ পাঁচ দিনৰ পাছত পত্নী জানমণিয়ে পুত্ৰক দেউতাকে আত্মহত্যা কৰা বুলি জনোৱাৰ পাছত ঘটনাই অন্য মোৰ লয়। জানমণিৰ এই কথাৰ আঁত ধৰিয়েই মাতৃ নিজৰাই যোৱা ২৪ তাৰিখে লাকুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি পুত্ৰৰ মৃত্যুৰ প্ৰকৃত ৰহস্যৰ তদন্ত বিচাৰে।

আনকি এজাহাৰত এই সমস্ত ঘটনাৰ সৈতে পত্নী জানমণি বৰাক জগৰীয়া কৰাৰ উপৰি নেপথ্যত তৃতীয় পক্ষৰো হাত থকাৰ কথা উল্লেখ কৰিছে মাতৃয়ে। মাতৃৰ এজাহাৰৰ ভিত্তিত দেওবাৰে চৰাইদেউ জিলাৰ দণ্ডাধীশৰ উপস্থিতিত লাকুৱা আৰক্ষীয় ঘৰৰ বাৰীত পুতি থোৱা অৱস্থাত থকা দীপক বৰাৰ মৃতদেহ খান্দি উদ্ধাৰৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে ঘটনা সন্দৰ্ভত খবৰ ৰাষ্ট্ৰ হৈ পৰাৰ পাছত সংবাদ সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো কোনো ধৰণৰ ফটো অথবা ভিডিঅ' সংগ্ৰহত লাকুৱা আৰক্ষীয়ে বাধা আৰোপ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে এই ঘটনাটোৰ পাছত আৰক্ষীৰ ভূমিকা সকলোৰে বাবে লক্ষ্যণীয় হৈ পৰিছে।

Also Read: ২৬ ডিচেম্বৰৰ পৰা ঢকুৱাখনাত সদৌ অসম একাংক নাট প্ৰতিযোগিতা...

চৰাইদেউ লাকুৱা