ডিজিটেল সংবাদ, শিৱসাগৰঃ আজি শিৱসাগৰ চহৰত সৃষ্টি হয় বোমাতংকৰ। চহৰখনৰ দ'লমুখ চাৰিআলিৰ সমীপৰ জিলা পুথিভঁৰালৰ সমুখত থকা এখন কাপোৰৰ দোকানৰ সন্মুখত এখন মোনাত সন্দেহজনক বোমা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে এখন মোনাত সন্দেহজনক বোমা প্ৰত্যক্ষ কৰাৰ পাছতে এই বিষয়ে হেমন্ত জয় নামৰ ব্যৱসায়ীগৰাকীয়ে আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষীৰ এটা বিশাল দল আহি উপস্থিত হয় ঘটনাস্থলীত।
আৰক্ষীৰ দলটোত আছিল আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে বোমা স্কোৱাদো। তেওঁলোকে মোনাখনৰ পৰা বৈদ্যুতিক তাঁৰ, বেটাৰী আৰু ৰচীৰে মেৰিয়াই থোৱা বোমা সদৃশ এবিধ সামগ্ৰী উদ্ধাৰ কৰে। ইয়াৰ পাছতে স্থানীয় লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।
লগে লগে শিৱসাগৰ আৰক্ষীৰ দলটোৱে এই সামগ্ৰীবিধ ততাতৈয়াকৈ বিষ্ফোৰক ৰোধক কম্বলেৰে মেৰিয়াই নিৰাপদ স্থানলৈ লৈ যায়। অৱশ্যে এই সামগ্ৰী সঁচাকৈয়ে বোমা নে আন কিবা সেয়া এতিয়াও স্পষ্ট হোৱা নাই। পৰৱৰ্তী সময়তহে এইয়া প্ৰকৃততে বোমা নে আন কিবা এই কথা জানিব পৰা যাব।
উল্লেখযোগ্য যে বিগত দিনত শিৱসাগৰত আলফাৰ দ্বাৰা অপহৰণ পৰিকল্পনা ফাদিল হোৱাৰ পাছতে শিৱসাগৰৰ বহু কেইজন ব্যৱসায়ীক আলফাৰ দ্বাৰা ধনদাবী কৰি থকাৰ সম্ভেদ লাভ কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত আজি বোমা থকা বুলি সন্দেহ কৰা মোনোখনক লৈ জনসাধাৰণৰ মাজত সৰৱ আলোচনা চলিছে ৷