উৰুখা পঁজাতে সাতামপুৰুষীয়া বৃত্তিক জীয়াই ৰখাৰ সংগ্ৰাম দুটি পৰিয়ালৰ...

উৰুখা পঁজাতে সাতামপুৰুষীয়া বৃত্তিক জীয়াই ৰখাৰ সংগ্ৰাম দুটি পৰিয়ালৰ...
উৰুখা পঁজাতে সাতামপুৰুষীয়া বৃত্তিক জীয়াই ৰখাৰ সংগ্ৰাম দুটি পৰিয়ালৰ...
Published on
Updated on

ডিজিটেল সংবাদ চৰাইদেউঃ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এই দীপাৱলীৰ উপলক্ষে মাটিৰ চাকি বনোৱাত ব্যস্ত হৈ পৰিছে চৰাইদেউ জিলাৰ নিমনাগড় অঞ্চলৰ দুটি পৰিয়াল ।

দুয়োটা পৰিয়ালত কেবাটাও প্ৰজন্ম ধৰি চলি অহা বংশানুক্ৰমিক মৃৎশিল্পৰ পৰম্পৰা জীয়াই ৰাখিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে এই মৃৎশিল্পী পৰিয়াল দুটাই। সমাগত দীপাৱলীৰ নিশাটো বহু লোকৰ ঘৰ পোহৰেৰে উজলাই তুলিবলৈ পৰিয়াল দুটাৰ সদস্যসকল দিনে-নিশাই ব্যস্ত হৈ পৰিছে মাটিৰ চাকি প্রস্তুত কৰাত।

চীনা সামগ্ৰীৰ প্রবল প্রত্যাহ্বানৰ মাজতো পৰিয়াল দুটিয়ে সমাগত দীপাৱলীত জনসাধাৰণৰ সহায়ক হোৱাকৈ হেজাৰ হেজাৰ থলুৱা মাটি চাকি প্রস্তুত কৰাত ব্যস্ত হৈ পৰিছে। বংশানুক্রমে চলাই অহা সাতামপুৰুষীয়া শিল্পকৰ্মক ধৰি ৰাখি জীৱন নিৰ্বাহ কৰা শ্যামলাল পণ্ডিত আৰু ৰবীন্দ্ৰ নাৰায়ণৰ পৰিয়াল দুটিয়ে ইতিমধ্যে কেইবাদিনো ধৰি বিভিন্ন আকৃতিৰ কেইবা হেজাৰ মাটিৰ চাকি প্রস্তুত কৰি বিক্ৰী বাবে সাজু কৰিছে।

মৃৎশিল্পৰ সৈতে জড়িত হৈ থকা পৰিয়াল দুয়োটাই জানিব দিয়া মতে মাটি চাকিৰ স্থান সুকীয়া যদিও আধুনিক প্ৰযুক্তিৰ সামগ্ৰীৰ ব্যাপক প্ৰচলনৰ ফলত মৃৎশিল্পীসকলে জীৱিকা নিৰ্বাহ কৰাত বহু অসুবিধাৰ সৃষ্টি হৈছে। তদুপৰি বিভিন্ন কাৰণত মৃৎ শিল্প ব্যৱসায়টো জীয়াই ৰখাটোত তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

তৎসত্ত্বেও বংশানুক্রমে চলি অহা বৃত্তিটোক সম্মান জনাই নিৰৱচ্ছিন্নভাবে নিষ্ঠাৰে নিজ কর্মত তেওঁলোক নিয়োজিত হৈ ইয়াক জীৱিকাৰ একমাত্ৰ উপায় হিচাপে লৈ জীয়াই ৰাখিছে ৷ মনকৰিবলগীয়া যে, মৃৎ শিল্পটোক জীয়াই ৰখাৰ কঠোৰ সংগ্ৰাম কৰি থকা পৰিয়ালদ্বয়ে আজিলৈকে লাভ নকৰিলে কোনো চৰকাৰী সুবিধা।

উক্ত শিল্পটোৰ লগত জড়িত থাকি এওঁলোকে নিজৰ পৰিয়ালটো চলাই সুকলমে জীৱন-নিৰ্বাহ কৰাৰ উপৰি সন্তানক পঢ়ুৱাই স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে যদিও ৰজাঘৰীয়াৰ সুদৃষ্টি নপৰা এই দৰিদ্ৰ পৰিয়াল দুটিয়ে ক্ষোভ প্ৰকাশ কৰিছে৷ এটি চৰকাৰী আবাস গৃহৰ বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ সঁহাৰি নোপোৱাত উৰুখা পঁজাতে দিন অতিবাহিত কৰি পৰিয়াল দুটিয়ে দিন-ৰাতি একাকাৰ কৰি সাতামপুৰুষীয়া বৃত্তিক জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে।

উৰুখা পঁজাতে সাতামপুৰুষীয়া বৃত্তিক জীয়াই ৰখাৰ সংগ্ৰাম দুটি পৰিয়ালৰ...
ইত্যাদি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ প্ৰতিষ্ঠা দিৱসঃ 'নাট্যসন্ধ্যা'ত প্ৰদৰ্শিত হ'ব দুখনকৈ নাটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in