ডিজিটেল সংবাদ,চাৰিদুৱাৰঃ যিখন দেশত পিতৃ-মাতৃক ভগৱানৰ ৰূপ হিচাপে গণ্য কৰা হয়,সেইখন দেশতে সম্প্ৰতি একাংশ বৃদ্ধ পিতৃ-মাতৃয়ে নিজ সন্তানৰ অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছে। ইয়াৰ পৰিত্ৰাণ বিচাৰি আৰক্ষীৰ কাষ চাপিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷
চাৰিদুৱাৰ আৰক্ষী থানাৰ অধীনস্থ লোক্ৰা বুঢ়াগাঁও নিবাসী বৃদ্ধ দম্পতী ইন্দ্ৰেশ্বৰ দাস আৰু তেওঁৰ পৰিবাৰক তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ পদুম দাস আৰু বোৱাৰীয়েক পল্লৱী দাসে শাৰীৰিক আৰু মানসিকভাবে দীৰ্ঘদিনে অত্যাচাৰ চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ এই সন্দৰ্ভত ভুক্তভোগী ইন্দ্ৰেশ্বৰ দাসে চাৰিদুৱাৰ আৰক্ষী থানাত ২৫মে’ত এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পাছতো আজিকোপতি অত্যাচাৰৰ পৰা পৰিত্ৰাণ পোৱা নাই বৃদ্ধ পিতৃ-মাতৃয়ে ৷
উল্লেখযোগ্য যে, ৩দিন পূৰ্বে ইন্দ্ৰেশ্বৰ দাসৰ পৰিবাৰক বোৱাৰী আৰু পুত্ৰই উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে গটিয়াই পেলাই দিয়াৰ পৰিণতিত বৃদ্ধা গৰাকী আঘাতপ্ৰাপ্ত হয় ৷ এই বৰ্বৰ ঘটনাৰ বিষয়ে দাসে কয় যে, তেওঁৰ সন্মুখতে তেওঁৰ বৃদ্ধা পৰিবাৰক পুতেক বোৱাৰীয়েকে চোচোৰাই নি প্ৰহাৰ কৰে ৷ এনে সময়ত বৃদ্ধ দাসে পৰিবাৰক ৰক্ষা কৰিবলৈ যায় যদিও সেই সময়ত বোৱাৰীয়েকে শহুৰেকক গটিয়াই পেলাই দিয়ে।
ফলত আহত হয় ইন্দ্ৰেশ্বৰ দাস ৷ উল্লেখযোগ্য যে, এই বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি বৃদ্ধ পিতৃয়ে কয় যে, প্ৰায়েই অভিযুক্ত পুত্ৰ-বোৱাৰীয়ে তেওঁলোকক অকথ্য গালি-গালাজ কৰাৰ লগতে বৃদ্ধাশ্ৰমত থৈ অহাৰ ভাবুকি দিয়াৰ উপৰি প্ৰাণে মৰাৰো ভাবুকি দি আহিছে ৷ উল্লেখযোগ্য যে,জ্যেষ্ঠ পুত্ৰ-বোৱাৰীৰ এনে অত্যাচাৰত জুৰুলা হোৱা অসহায় বৃদ্ধ দম্পতীয়ে ইয়াৰ পৰা উদ্ধাৰৰ উপায় বিচাৰি হাবাথুৰি খাইছে৷