৭০৫ নং জয়সাগৰ নিম্ন বুনিয়াদী অভ্যসন বিদ্যালয়ত আড়ম্বৰপূৰ্ণভাৱে শিশু দিৱস উদযাপন...

৭০৫ নং জয়সাগৰ নিম্ন বুনিয়াদী অভ্যসন বিদ্যালয়ত আড়ম্বৰপূৰ্ণভাৱে শিশু দিৱস উদযাপন...
৭০৫ নং জয়সাগৰ নিম্ন বুনিয়াদী অভ্যসন বিদ্যালয়ত আড়ম্বৰপূৰ্ণভাৱে শিশু দিৱস উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ শিৱসাগৰ: ঐতিহ্যমণ্ডিত জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত ৭০৫ নং জয়সাগৰ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত আজি দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৰ জন্ম দিনটো শিশু দিৱস হিচাবে আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয় ৷ ৰাজ্যখনৰ ভিতৰতেই বিদ্যায়তনিক দিশত উৎকৃষ্ট ফলাফল প্ৰদৰ্শনেৰে বিশেষ সুনাম অৰ্জন কৰি অহা বিদ্যালয়খনৰ চৌহদত গছপুলি ৰোপণেৰে দিনযোৰা শিশু দিৱস কাৰ্য্যসূচীৰ পাতনি মেলা হয় ৷

বিশিষ্ট সমাজকৰ্মী মৃদুলা গগৈয়ে গছপুলি ৰোপণ কৰাৰ পিছতেই বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰসেনজিত নেওগে ৷ জৱহৰলাল নেহেৰুৰ প্ৰতিচ্ছবিত প্ৰাক্তন সভানেত্ৰী গুণমণি বড়োৱে মাল্যপন কৰাৰ পিছতেই বিদ্যালয়ৰ প্ৰধান শিক্ষক পৱন কুমাৰ বড়াই পতাকা উত্তোলন কৰে ৷

সম্পূৰ্ণ ব্যতিক্ৰমি কাব-বুল নিয়মেৰে বিদ্যালয় প্ৰধানে পতাকা উত্তোলন কৰাৰ সময়ত ছাত্ৰ- ছাত্ৰীসকলে কাব- বুল বুল নিয়মেৰে উত্তোলক- বিশিষ্ট ব্যক্তিক অভিবাদন প্ৰদান কৰে ৷ আনহাতে বিদ্যালয়খনৰ আজিৰ দিনটোৰ অন্যতম আকৰ্ষণীয় প্ৰাচীৰ পত্ৰিকা উদয় উন্মোচন কৰে ৰাজ্যৰ বিশিষ্ট নিবন্ধকাৰ তথা গড়গাঁও কলেজৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই ৷

অনুস্থানটোৰ অন্যতম আমন্ত্ৰিত অতিথি, বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ৰিপাব্লিকা চেতিয়াৰ সম্পাদনাত প্ৰকাশিত উদয় শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰি উৎফুল্লিত ড° সব্যসাচী মহন্তই আয়োজিত মুকলি সভাত কয় যে, এনে প্ৰাচীৰ পত্ৰিকাৰ জৰিয়তে কন কন ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সুপ্ত প্ৰতিভা বিকশিত কৰাৰ এক সুযোগ লাভ কৰিব পাৰিব।

এনে প্ৰাচীৰ পত্ৰিকাত নিজৰ প্ৰতিভা বিকাশ কৰাসকলৰ ভিতৰত বহুজনেই দেশৰ ভিতৰতে আগশাৰীৰ কবি, ঔপন্যাসিক, গল্পকাৰ, বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতি বছৰৰ ১৪ নৱেম্বৰত সমগ্ৰ দেশতেই শিশু দিৱস পালন কৰা হয়।

আমাৰ দেশৰ প্ৰতিগৰাকী শিশুক সৰ্বাংসুন্দৰ আৰু এজন পূৰ্ণাংগ নাগৰিক হিচাপে গঢ়ি তুলি দেশৰ ভবিষ্যত সুদৃঢ় কৰি তোলাই হৈছে শিশু দিৱসৰ মূল উদ্দেশ্য। প্ৰতিটো শিশুৰ বাবে প্ৰতিটো অধিকাৰ আমি প্ৰদান কৰিব লাগিব। যিহেতু এইবাৰ শিশু দিৱসৰ মূল থীমেই হৈছে প্ৰতিটো শিশুৰ - প্ৰতিটো অধিকাৰ ৷সেয়েহে দেশৰ ভবিষ্যতস্বৰূপ এই শিশুসকলৰ দৰে ফুলৰ কলিসমূহক পূৰ্নাংগ ৰূপত প্ৰস্ফুটিত কৰিবৰ কাৰণে অগ্ৰজসকলে তেওঁলোকৰ কোমল বয়সতেই সঠিক পথৰ সন্ধান দিব লাগিব।

আমি শিশুসকলক শৈক্ষিক, মানসিক, আধ্যাত্মিক দিশত অধিক শক্তিশালী কৰি তুলিব লাগিব। শিশুসকলক কেৱল নিৰ্দিষ্ট পাঠ্যক্ৰমৰ মাজত আবদ্ধ কৰি থব নালাগিব ৷ তেওঁলোকক বিদ্যায়তনিক শৈক্ষিক পৰিধি ভাঙি এক বহল পৰিসৰলৈ আমি আগুৱাই লৈ যাব লাগিব। আমাৰ দেশ বিশ্বগুৰু হ'বলৈ হ'লে আমাৰ নৱ প্ৰজন্মক শক্তিশালী মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব। এই নতুন প্ৰজন্মক শৈক্ষিক, মানসিক, দৈহিক উৎকৰ্ষ সাধন কৰি সৰ্বতোপ্ৰকাৰৰ বিকাশ সাধন কৰিব লাগিব।

শিশুসকলৰ কোমল মনোজগতত মুক্তভাৱে বিচৰণৰ বাবে আমি সুযোগ সুবিধা প্ৰদান কৰিব লাগিব। পাঠ্যক্ৰমগত শিক্ষাৰ সমান্তৰাল ভাৱে শিশুসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ এখন বহল ক্ষেত্ৰ আমি নিজেই তৈয়াৰ কৰি দিব লাগিব বুলি ড০ সব্যসাচী মহন্তই নিজৰ তত্ব গধূৰ ভাষণত উল্লেখ কৰে।

সুখলতা বৰা আৰু বাবুজান আলি বড়া সোঁৱৰণী মঞ্চত আয়োজিত এই বিশেষ কাৰ্য্যসূচীত উপস্থিত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, পৰিচালনা সমিতিৰ লগতে মাতৃ গোটক উদেশ্যি প্ৰধান শিক্ষক পৱন কুমাৰ বড়াই কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ সম্বলিত ভাষণ প্ৰদাণ কৰে ৷ সহ শিক্ষক বিমল নেওঁগে আঁত ধৰা অনুস্থানটোত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয়ত নিজৰ প্ৰতিভা প্ৰকাশ কৰে ৷

উল্লেখ্যে যে, আজিৰ শিশু দিৱসৰ কাৰ্য্যসূচীতেই ৭০৫ নং জয়সাগৰ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা নিবন্ধকাৰ- গড়গাও কলেজৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত আৰু অসম চৰকাৰৰ উচ্চ-পদস্থ বিষয়া প্ৰশান্ত প্ৰতীম কাঠকটীয়াই বিদ্যালয় খনলৈ নিৰ্মীয়মান ভৱনটোৰ সহায়ক হোৱাকৈ এক আৰ্থিক বৰঙণি আগবঢ়াই।

৭০৫ নং জয়সাগৰ নিম্ন বুনিয়াদী অভ্যসন বিদ্যালয়ত আড়ম্বৰপূৰ্ণভাৱে শিশু দিৱস উদযাপন...
কৃষিমন্ত্ৰী অতুল বৰাৰ চৰকাৰী আৱাসগৃহত বোমা সংস্থাপনেৰে হত্যাৰ ভাবুকি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in