শিক্ষাবিদ - লেখক ইন্দ্ৰেশ্বৰ বৰাক সন্মান জনাই ৰাইজে প্ৰকাশ কৰা অভিনন্দন গ্ৰন্থ ‘ প্ৰজ্ঞাৱন্ত ’ উন্মোচন

শিক্ষাবিদ - লেখক ইন্দ্ৰেশ্বৰ বৰাক সন্মান জনাই ৰাইজে প্ৰকাশ কৰা অভিনন্দন গ্ৰন্থ ‘ প্ৰজ্ঞাৱন্ত ’ উন্মোচন

author-image
Asomiya Pratidin
New Update
শিক্ষাবিদ - লেখক ইন্দ্ৰেশ্বৰ বৰাক সন্মান জনাই ৰাইজে প্ৰকাশ কৰা অভিনন্দন গ্ৰন্থ ‘ প্ৰজ্ঞাৱন্ত ’ উন্মোচন

ডিজিটেল সংবাদ, শিৱসাগৰ : “নতুন প্ৰজন্মই বক্তৃতা, বৰ্ণনা আৰু ব্যাখ্যা নুশুনে, তেওঁলোকে শুনে আৰু বুজিব বিচাৰে বক্তৃতা, বৰ্ণনা তথা ব্যাখ্যাৰ আঁৰত থকা অৰ্থ। নতুন প্ৰজন্মই হৃদয়ংগম কৰিব বিচাৰে অৰ্থৰ আঁৰত থকা অৰ্থ” ৷ — এই মন্তব্য বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য তথা চিন্তাশীল লেখক ড° জ্যোতিপ্ৰসাদ শইকীয়াৰ ৷

শিৱসাগৰ জিলাৰ বাকচু সামৰা বৃহত্তৰ ধিতাইপুখুৰী অঞ্চলৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তি, বিশিষ্ট শিক্ষাবিদ তথা লেখক ইন্দ্ৰেশ্বৰ বৰাৰ জীৱন আৰু কৰ্মৰ সকলো দিশ সমৰি ৰাজহুৱাভাৱে প্ৰকাশ কৰা ‘প্ৰজ্ঞাৱন্ত’ নামৰ অভিনন্দন গ্ৰন্থখনি  উন্মোচন কৰি তেওঁ এই মন্তব্য কৰে ৷    

দিলীপ শইকীয়াই সম্পাদনা কৰা গ্ৰন্থখনি উন্মোচন কৰাৰ বাবে  ৰাইজে বাকচু কোচ গাঁৱৰ গড়নীয়া চুবুৰী নামঘৰত এখনি সভা অনুষ্ঠিত কৰে ৷ সভাত ড° জ্যোতিপ্ৰসাদ শইকীয়াই ইন্দ্ৰেশ্বৰ বৰাক উচ্চ প্ৰশংসা কৰি কয় তেওঁ মানুহৰ মাজত থকা মানুহ ৷ ইন্দ্ৰেশ্বৰ বৰাই নতুন প্ৰজন্মক জ্ঞান নিৰ্মাণ কৰিবপৰাকৈ পৈণত কৰাৰ সংগ্ৰাম কৰি আহিছে ৷

ইন্দ্ৰেশ্বৰ বৰাৰ সৰল জীৱন আৰু কৰ্মৰাজিৰ প্ৰসংগত তেওঁ কয় যিসকল মানুহে মানুহৰ মাজত থাকিব জানে, সামগ্ৰিকভাৱে মানুহৰ কল্যাণৰ বাবে কাম কৰে। সমাজৰ উত্তৰণৰ বাবে কাম কৰে সেই সকলকহে মানুহে স্মৰণ কৰে ৷

ইন্দ্ৰেশ্বৰ বৰা এনে এগৰাকী ব্যক্তি যি ধিতাইপুখুৰী অঞ্চলৰ শিক্ষা, সংস্কৃতি আৰু সভ্যতাৰ উত্তৰণ নিৰলস আৰু নিৰৱচিন্নভাৱে কাম কৰা মানুহ বাবেই আজি জনসাধাৰণে তেওঁক ৰাজহুৱাভাৱে স্বীকৃতি প্ৰদান কৰা বুলি তেওঁ মন্তব্য কৰে ৷ তেওঁ কয়-  আজি এনে সন্ধিক্ষণত এই  মানুহৰ মাজত থকা মানুহৰ বাবে কাম কৰা মানুহজনক আন্তৰিকতাৰে শ্ৰদ্ধা জনাবৰ কাৰণে, কৃতজ্ঞতা জনাবৰ কাৰণে সমবেত হৈছে।

মই মাত্ৰ বিশ্বাস কৰিম যিখন গ্ৰন্থ আজি মই উন্মোচন কৰিলোঁ। এই গ্ৰন্থখনিৰ লগত শব্দত সংপৃক্ত হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ আদৰ্শ নৱ-প্ৰজন্মলৈ দিয়াৰ বা লৈ যোৱাৰ দায়িত্ব ইয়াত থকা প্ৰতিজন ব্যক্তিয়ে গ্ৰহণ কৰা উচিত। নৱ-প্ৰজন্মটো বুদ্ধি সম্পন্ন তথা তীক্ষ্ণ বুদ্ধিসম্পন্ন, তেওঁলোকে জ্ঞানৰ উৎস বিচাৰে, কেৱল বৰ্ণনা ব্যাখা আৰু বক্তৃতাৰে তেওঁলোকৰ মগজত ছটফটনি তুলিব নোৱাৰে। তেওঁলোকক জ্ঞানৰ উৎসটো দিব লাগে। তেওঁলোকে সত্য অন্বেষণৰ কৰিব বিচাৰিব। 

নতুন প্ৰজন্মৰ প্ৰসংগ ড° শইকীয়াই কয়- অভিজ্ঞপুষ্ট ব্যক্তিসকলে মানুহৰ বাবে, সমাজৰ বাবে বক্তৃতা প্ৰদান কৰে ৷ ধুনীয়া পৰিশীলিত সমাজ গঢ়াৰ বাবে বক্তৃতা প্ৰদান কৰে ৷ সাম্প্ৰতিক সময়ত নতুন প্ৰজন্মক জ্ঞান নিৰ্মাণ কৰিব পৰাকৈ প্ৰস্তুত কৰিব লাগিব ৷

ড° জ্যোতিপ্ৰসাদ শইকীয়াই কয়- শ্ৰীমদ্ভাগৱতত ত্যাগ তত্ত্ব আৰু কৰ্মতত্বৰ সমন্বয়ৰ কথা কৈছে ৷ বেদত অন্তৰ্নিহিত হৈ থকা তত্ত্বৰ কথা জগতক জনোৱাৰ বাবে নতুন প্ৰজন্মই অত্যাধুনিক প্ৰযুক্তি কৌশৰো সহায় ল’ব লাগিব বুলি কয় ৷

জনাকীৰ্ণ সভাখনত তেওঁ কয় যে  মানুহৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি এক কল্পনাৰ সৃষ্টি কৰিব পাৰি ৷ যি কল্পনাক বিজ্ঞানসন্মতভাৱে মানুহৰ চেতনাৰ চেতনাৰ কল্পনা বুলি ক’ব বিচৰা পণ্ডিত সমগ্ৰ বিশ্বতে থকাৰ কথা তেওঁ কয়৷

উল্লেখ্য যে  ১৯৪৫ চনত জন্মগ্ৰহণ কৰা ইন্দ্ৰেশ্বৰ বৰাই শিক্ষা আৰু সমাজসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। তেওঁ  ১৯৭১ চনত গড়গাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ১৯৮৮ চনত বি.এড সম্পন্ন কৰাৰ পিছত ধিতাইপুখুৰী আদৰ্শ বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল৷

এই বিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল ৷  তেওঁ ১৯৮০-৮৫ চনত ধিতাইপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব পালন কৰাৰ লগতে  বিভিন্ন আলোচনী আৰু বাতৰি কাকতত প্ৰবন্ধ প্রকাশ কৰি সাহিত্য ক্ষেত্ৰলৈ অৱদান আগবঢ়ায়। তেওঁ কবিতাৰে সমাজ সংস্কাৰৰ প্ৰচেষ্টা চলাই আহিছে ৷

গ্ৰন্থ উন্মোচন উপলক্ষে ধিতাইপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদক দিলীপ শইকীয়াই সভা পৰিচালনা কৰা সভাখনত সভাপতিত্ব কৰে  সুৰেন্দ্ৰ নাথ দত্তই।  প্ৰণৱ বুঢ়াগোহাঁয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি ৰংপুৰ গৌৰৱ বঁটা প্ৰাপক আৰু ধিতাইপুখুৰী বিদ্যাভৱন ডিমুৱালৰ সঞ্চালক ফণী চেতিয়াই ইন্দ্ৰেশ্বৰ বৰা জাতীয় চেতনাৰে সমৃদ্ধ দায়িত্বশীল ব্যক্তি বুলি মন্তব্য কৰে।

সভাত সাংবাদিক মনোজ কুমাৰ গগৈ, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভিপতি যোগ গগৈ, কমল চিৰিং, নিৰঞ্জণ মহন্ত, পদ্মাকুমাৰী চেতিয়া, দিবাকৰ বৰা, অমৃত বৰা, পৰেশ হাতীমূৰীয়া, কুশ বৰগোহাঁইকে আদি কৰি কেইবা শতাধিকলোকে অংশগ্ৰহণ কৰে ৷

Also Read: মায়ঙৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ বদান্যতা : পুত্ৰৰ স্মৃতিত ৰাইজৰ বাবে উছৰ্গা কৰিলে মুক্তিধাম

শিক্ষাবিদ গ্ৰন্থ