ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ হোৱাৰ পাছতে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। বিশেষকৈ শিৱসাগৰক কেন্দ্ৰ কৰি উজনি অসমৰ ৰাজনীতি গৰম হৈ পৰিছে।
জিলাখনত পূৰ্বে আছিল ৪ টা বিধানসভা সমষ্টি। আমগুৰি, শিৱসাগৰ, থাওৰা আৰু নাজিৰা। ইয়াৰে থাওৰা সমষ্টিৰ স্থানত নতুনকৈ ডিমৌ নামেৰে এটা সমষ্টি সৃষ্টি কৰা হৈছে যদিও আমগুৰি সমষ্টিক সম্পূৰ্ণ ৰূপে বিলুপ্তি কৰা হৈছে।
ফলত জিলাখনত বিধানসভা সমষ্টিৰ সংখ্যা ৪ টাৰ পৰা ৩ টালৈ হ্ৰাস পাইছে। আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত শিৱসাগৰ সমষ্টিৰো সীমাৰ ইফাল সিফাল হোৱাত এতিয়া শিৱসাগৰ সমষ্টিয়েও অস্তিত্বৰ সংকটত ভূগিছে।
এনে পৰিস্থিতিত শিৱসাগৰৰ দুই শক্তিশালী ৰাজনৈতিক নেতা অখিল গগৈ আৰু প্ৰদীপ হাজৰিকা অসন্তুষ্ট হৈ পৰাৰ লগতে প্ৰতিবাদৰো হুংকাৰ দিছে। অখিল গগৈয়ে এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰে খিলঞ্জীয়াৰ অধিকাৰ বিলুপ্ত কৰাৰ কৌশল ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে।
তেওঁ আহোমৰ সংখ্যাগৰিষ্ঠতা থকা শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা আহোমক আঁতৰাই দিব খোজা হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজক ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জাইছে। ইফালে নতুন খচৰাত আমগুৰি সমষ্টিক বিলুপ্তি কৰাত এতিয়া সমষ্টিটোৰ বিধায়ক তথা প্ৰদীপ হাজৰিকাও মৌন হৈ থকা নাই।
নিশাই তেওঁৰ বাসগৃহত এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈ যায়। অসম গণ পৰিষদৰ এইগৰাকী শক্তিশালী নেতাই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আছে। ইয়াৰ পূৰ্বে এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিয়েই অঞ্জন দত্ত অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ লগতে পৰিবহণ মন্ত্ৰী হিচাপে বিভাগটোক নতুন জীৱন দিবলৈ সক্ষম হৈছিল।
এসময়ত কংগ্ৰেছৰ শক্তিশালী নেতা বিমলা প্ৰসাদ চলিহাই এই সমষ্টিটোতেই পৰাস্ত হ'বলগীয়া হৈছিল। ঐতিহাসিক এই আমগুৰি সমষ্টি বিলুপ্ত কৰা বিষয়টো সহজভাৱে ল’ব পৰা নাই এতিয়াৰ বিধায়ক প্ৰদীপ হাজৰিকাই।
সেয়ে তেওঁ বিষয়টো পুনৰ বিবেচনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। হাজিৰাকই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, এই সমগ্ৰ প্ৰক্ৰিয়াটো নিৰ্বাচনী আয়োগৰ নহয়, ৰাজনৈতিকভাৱে আমগুৰি সমষ্টি বিলুপ্ত কৰা হৈছে।
এই কথা কোনেও মানি লব পৰা নাই। অত্যন্ত দুখজনক কথা। আমগুৰি সমষ্টিত প্ৰতিবাদ হ'ব। তেওঁ কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমগুৰিৰ বুৰঞ্জী আৰু ৰাজনৈতিক পৰিক্ৰমাৰ বিষয়ে জানে ৷
মুখ্যমন্ত্ৰী এজন ইন্টেলিজেন্ট মানুহ। কোনেও ভবা নাছিল আমগুৰি সমষ্টি বিলুপ্ত হ'ব ৷ তেওঁ কয়, আমগুৰি সমষ্টি বিলুপ্ত হ'লে আঞ্চলিক দলেই নহয়, সকলো নিঃশেষ হ'ব। আমগুৰি সমষ্টিৰ শক্তিশালী ৰাজনৈতিক বুৰঞ্জী আছে৷
Also Read: বৰাক, বৰপেটা, নগাওঁ আৰু উজনিত কমিব সমষ্টিৰ সংখ্যাঃ চাওঁক সবিশেষ...