ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰৰ একাংশ সমাজ সচেতন লোকে ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত ১৯৬৭ চনতে স্থাপন কৰা ৰাজ্যখনৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান হিচাপে পৰিচিত "শিৱসাগৰ যুৱদল' ৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি নিশা বিশিষ্ট নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে পূৰ্ণাঙ্গ নাটক "আৰক্ষী চকী" সফলতাৰে মঞ্চস্থ কৰে।
"আৰক্ষী চকী" নাটকখনৰ নাট্যকাৰ বৰঠাকুৰে সাম্প্ৰতিক সময়ৰ কিছুমান বাস্তৱ ঘটনাৰ আলম লৈ নাট্য ৰূপত উপস্থাপন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। এখন আৰক্ষী চকীত কি দৰে অ' চি গোহাঁই দৰে আৰক্ষী বিষয়াই নিজৰ কৰ্ম দক্ষতাৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰৰ দৰে এজন সমাজৰ সভ্য-গব্য মুখা পিন্ধা ব্যক্তিৰ মুখা খুলি দিলে তাক সুন্দৰ ৰূপত উপস্থাপন কৰে ৷
বিদ্যালয়ৰ সামগ্ৰী আত্মসাৎ কৰাৰ বাবে পৰিচালনা সমিতিৰ সভাপতিয়ে চলোৱা চক্ৰান্ত অ' চি গোহাঁইয়ে কৌশলেৰে ফাদিল কৰি তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে। সৰ্বসাধাৰণৰ মানুহৰ মাজত আৰক্ষীৰে থকা দূৰত্ব কমাই অনাৰ এক সুন্দৰ পৰিবেশ গঢ়ি তোলাৰ বাবে নাট্যকাৰে নাটখনৰ যোগেদি যি পদক্ষেপ গ্ৰহণ কৰে সেয়া সঁচাই শলাগিবলগীয়া।
অ' চি গোহাঁইৰ চৰিত্ৰ অভিনয় কৰা অভিনেতা ৰিপুঞ্জীত হাজৰিকাৰ বলিষ্ঠ অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। নাটকখনৰ গগৈ কনিষ্টবলৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা দেৱব্ৰত বৰঠাকুৰ আৰু নাথ কনিষ্টবলৰ চৰিত্ৰত অভিনয় কৰা সুদক্ষ অভিনেতা গৌতম দত্ত ফুকনৰ অভিনয়ে দশকৰ মুখত হাঁহিৰ বিৰিঙাবলৈ সক্ষম হয়।
গভীৰ বিষয় হাস্যমুখৰভাৱে উপস্থাপন কৰাৰ বাবে নাট্যকাৰে কৰা পৰিকল্পনা গৌতম দত্ত ফুকনৰ বলিষ্ঠ অভিনয়ত ফুতি উঠে ৷ এই নাটখনত অসমৰ ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় কৌতুক অভিনেতা অৰুণ বেজবৰুৱা আৰু সাহিত্যিক হেম বৰুৱাই সুন্দৰ অভিনয়ৰে দৰ্শকৰ মন জয় কৰে ৷
নাটখনৰ প্ৰধান শিক্ষকৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত সাজ বহুৱাবলৈ সক্ষম হয় অসমৰ বিশিষ্ট নাট্যকাৰ তথা সুদক্ষ অভিনেতা ড° মণি পাঠকে ৷ এসময়ত চাউণ্ড এণ্ড কমেডীৰ যোগেদি অসমত খলকনিৰ সৃষ্টি কৰা বলিষ্ঠ অভিনেতা জীৱন দেয়ে ফুলকোঁৱৰৰ চৰিত্ৰ অভিনয় কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে ৷
অভিনেতা জীৱন দেৰ সংলাপ নিক্ষেপ আছিল মনকৰিবলগীয়া ৷ "আৰক্ষী চকী" নাটকখনত অভিনয় কৰা বিশিষ্ট অভিনেতা অনুপ ভট্টাচাৰ্য্য, হেমন্ত ভূঞা, ড° প্ৰদীপ গগৈ, বন্দনা শইকীয়া, যদুমণি বড়াই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। নাটকখনৰ লগত জড়িত সকলো কলাকুশলীয়ে সৰ্বোচ্চ উজাৰি অভিনয় কৰাৰ বাবে "আৰক্ষী চকী" নাটকখন সৰ্বাংগীন সুন্দৰ নাটকলৈ ৰূপান্তৰিত হয়।
অভিনৱ দেৱ কাশ্যপ আৰু ফৰিদ আখতাৰ খানৰ মঞ্চ সজ্জা, কলা নিৰ্দেশক আৰু আৱহ সংগীতে নাটকখনক এক নতুন গতি প্ৰদান কৰে। নাটকখনৰ আলোকসজ্জাত আছিল প্ৰসন্নজ্যোতি বৰঠাকুৰ। নাটকখনৰ সকলো দিশ সুন্দৰ হোৱাৰ কাৰণে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।
নাটখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে খ্যাতনামা সাহিত্যিক তথা বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই ৷ তেওঁ নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰক ভূয়সী প্ৰশংসা কৰে ৷ অনুষ্ঠানত শিৱসাগৰ যুৱ দলৰ সভাপতি পূৰ্ণকান্ত বৰা, সাধাৰণ সম্পাদক অৰ্ণৱ ৰঞ্জন চাংমাই, কাৰ্তিক দত্ত, বিমান শেনচোৱাকেধৰি ভালেকেইজন বিষয়ববীয়া উপস্থিত থাকে ৷