ডিজিটেল সংবাদ, শিৱসাগৰ: উজনি অসমৰ নাৰীৰ উচ্চ শিক্ষাৰ বাটকটীয়া অনুষ্ঠান শিৱসাগৰ ছোৱালী কলেজৰ হীৰক জয়ন্তী উদ্যাপনৰ লগত সংগতি ৰাখি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শিৱসাগৰ ছোৱালী কলেজৰ সহযোগত শিক্ষানুষ্ঠানখনৰ প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা সম্পন্ন কৰা হয় ৷ প্ৰতিযোগিতাত সদনৰ মতে “সমাজৰ সামগ্ৰিক পৰিৱৰ্তন অবিহনে নাৰীজনিত অপৰাধ ৰোধ কৰাত দেশৰ আইনী ব্যৱস্থা সফল নহয়” শীৰ্ষক বিষয়ত প্ৰতিযোগীসকলে যুক্তি উত্থাপন কৰে৷
শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম বৰুৱা, সাধাৰণ সম্পাদক মনজিৎ হাজৰিকাই আঁত ধৰা প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ প্ৰশান্ত শৰ্মাই ৷ উদ্বোধনী অনুষ্ঠানত শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড° প্ৰতীম শৰ্মা, কলেজ পৰিচালনা সমিতিৰ সভাপতি ড° যোগেশ বৰা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকন, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়া,আছু নেতা অংকুৰ বৰা, জীপম বড়া, তৰ্ক প্ৰতিযোগিতাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰা কৃতী শিক্ষক ব্ৰজেন বড়া, বিচাৰকত্ৰয় ক্ৰমে ৰুমিন বৰুৱা,অধ্যাপক প্ৰাঞ্জল প্ৰতীম বৰা আৰু ৰূপজ্যোতি নাথ উপস্থিত থাকে ৷
অসমৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে আকৰ্ষণীয় হৈ উঠা প্ৰতিযোগিতাখনৰ অন্তত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উৎপলজ্যোতি বৰাই শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা, নগদ ছয় হাজাৰ টকা আৰু মানপত্ৰ, জে বি আইন মহাবিদ্যালয়ৰ শোণিত শৰ্মাই দ্বিতীয় স্থান লাভ কৰি নগদ চাৰি হাজাৰ টকা আৰু মানপত্ৰ, শিৱসাগৰ ছোৱালী কলেজৰ পল্লৱী ফুকনে তৃতীয় স্থান লাভ কৰি নগদ তিনি হজাৰ টকা আৰু মানপত্ৰ, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ পৰাণজ্যোতি বৰাই চতুৰ্থ স্থান লাভ কৰি নগদ দুই হাজাৰ টকা আৰু মানপত্ৰ লাভ কৰে৷
তাৰোপৰি শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উৎপলজ্যোতি বৰা আৰু সমীৰ ৰিমলৰ দলটিয়ে নগদ দহ হাজাৰ টকা সহিতে মানপত্ৰ লাভ কৰাৰ লগতে দিল্লী পাব্লিক স্কুল, নাজিৰাৰ বিশাল কিশোৰ দত্ত আৰু চাদিয়া ইছলাম হাজৰিকাৰ দলটিয়ে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান আজুৰি নগদ সাত হাজাৰ টকা, মানপত্ৰ লাভ কৰে৷ প্ৰতিযোগিতাথলীতে বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদানৰ লগে লগে প্ৰতিযোগিতাৰ সফল সামৰণি ঘটে৷
Also Read: সত্ৰৰ ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত একত্ৰিত হ'ল নগাঁও-মৰিগাঁও জিলাৰ ১৬ সত্ৰৰ সত্ৰাধিকাৰ...