ৰাষ্ট্ৰীয় বেডমিন্টনত ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা বেদাগ্নি আৰু আৰোছক শিৱসাগৰত বিপুল সম্বৰ্ধনা

 ৰাষ্ট্ৰীয় বেডমিন্টনত ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা বেদাগ্নি আৰু আৰোছক শিৱসাগৰত বিপুল সম্বৰ্ধনা
Published on
Updated on

ডিজিটেল সংবাদ, শিৱসাগৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ত বেডমিণ্টনত সফলতা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰৰ প্ৰতিভাৱান খেলুৱৈ বেদাগ্নি গগৈ আৰু আৰোছ গগৈেয়। দুয়োকে সোমবাৰে সেউজকোঁৱৰ পৰাগ চলিহাৰ সপোনৰ ক্ৰীড়া প্ৰকল্প চাওল্যুং চুকাফা ইনডৰ ষ্টেডিয়ামত বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয় । 

  উল্লেখ্য যে কলকাতাত অনুস্থিত ইউনেক্স চানৰাইজ দ্বিতীয় মিনি নেচনেল বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৩ ৰ ১১ বছৰ অনুৰ্ধ্বৰ ল’ৰা আৰু ছোৱালী শাখাৰ প্ৰতিযোগিতাত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা শিৱসাগৰৰ প্ৰতিভাসম্পন্ন খেলুৱৈ বেদাগ্নি গগৈয়ে চেম্পিয়ন হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বেদাগ্নি গগৈৰ ঘৰ শিৱসাগৰ চহৰৰ মেলাচকৰ অঞ্চলত ৷ শিৱসাগৰ মেলাচকৰৰ পাকচালিকা হাই নামৰ বিদ্যালয়খনৰ ছাত্ৰী বেদাগ্নি গগৈয়ে ইতিপূৰ্বে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতাত অনেক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷

 একেদৰে আৰোছ গগৈয়ে হায়দৰাবাদত অনুষ্ঠিত অল ইণ্ডিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ১৪ বছৰ অনুৰ্ধ্বৰ  ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন প্ৰতিযোগিতাত চেম্পিয়ন হৈ  অন্য এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে অ’এনজিচিৰ শিৱসাগৰ কলনিস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আৰোছ গগৈৰ পিতৃ কৌশিক গগৈ শিৱসাগৰৰ চাওল্যুং চুকাফা ইনডৰ ষ্টেডিয়ামৰ বেডমিণ্টন প্ৰশিক্ষক ৷ পিতৃৰ তত্ত্বাৱধানত আৰোছে বেডমিণ্টনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে ৷

   এই দুয়োগৰাকী খেলুৱৈয়ে যোৱা কেইবা বছৰ ধৰি শিৱসাগৰৰ চাওলুং চুকাফা ইনডৰ ষ্টেডিয়ামত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা অনুশীলন কৰি সফলতা লাভ কৰিবলৈ সক্ষম হয়।  চাওলুং চুকাফা ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত এই দুই গৰাকী খেলুৱৈক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।

চাওলুং চুকাফা ইনডৰ ষ্টেডিয়াম সমিতিৰ সম্পাদক তথা সেউজকোঁৱৰ পৰাগ চলিহাৰ সুযোগ্য সন্তান সৌৰভ চলিহাৰ পৌৰহিত্যত এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত সৌৰভ চলিহাই কয়‌ যে, সেউজ কোঁৱৰ পৰাগ চলিহাৰ সাংসদ পুঁজিৰে আৰম্ভ কৰা এই ইনডৰ ষ্টেডিয়ামখনি বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে সম্পূৰ্ণ হৈ উঠিছিল।

এই ইনডৰ ষ্টেডিয়াম আৰম্ভ হোৱাৰ দিনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ দ্বাৰা শিৱসাগৰৰ কন কন খেলুৱৈ সকলক প্ৰশিক্ষণ দি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰস্তুত কৰি তুলাৰ প্ৰচেষ্টা ধাৰাবাহিক ভাৱে অব্যাহত ৰখা হৈছে । এই ষ্টেডিয়ামখনত প্ৰশিক্ষণ গ্ৰহণ কৰা অদ্ধ শতাধিক খেলুৱৈয়ে ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি চলিহাই উল্লেখ কৰে।

    উল্লেখ্য যে সেউজকোঁৱৰ পৰাগ চলিহাৰ মৃত্যুৰ সময়ত এই ষ্টেডিয়ামৰ প্ৰায় পঞ্চাশ শতাংশ কামহে সম্পন্ন হৈছিল ৷ পৰৱৰ্তীকালত সাংসদ গৰাকীৰ পুত্ৰ সৌৰভ চলিহাই পিতৃৰ সাংসদ পুঁজিৰ লগতে অ’এনজিচিৰ পৰা বহু প্ৰচেষ্টা অন্তত মুকলি কৰি অনা ধনেৰে এই ক্ৰীড়াঙ্গণ নিৰ্মাণৰ কাম সম্পন্ন কৰে ৷

 এই অনুষ্ঠানত অধ্যাপক ড০ দিলীপ ডেকা, সাংবাদিক খাইৰুদ্দিন আহমেদে আৰু মনোজ কুমাৰ গগৈয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

 ৰাষ্ট্ৰীয় বেডমিন্টনত ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা বেদাগ্নি আৰু আৰোছক শিৱসাগৰত বিপুল সম্বৰ্ধনা
নগাঁৱত মহিলা ড্ৰাগছ ব্যৱসায়ীসহ দুই কিশোৰ আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in