গৰীয়া-মৰিয়া-চৈয়দ-দেশী-জলহা ঐক্য মঞ্চ অসমৰ শিৱসাগৰত জিলা সমিতি গঠন

গৰীয়া-মৰিয়া-চৈয়দ-দেশী-জলহা ঐক্য মঞ্চ অসমৰ শিৱসাগৰত জিলা সমিতি গঠন

author-image
Asomiya Pratidin
New Update
গৰীয়া-মৰিয়া-চৈয়দ-দেশী-জলহা ঐক্য মঞ্চ অসমৰ শিৱসাগৰত জিলা সমিতি গঠন

গৰীয়া-মৰিয়া-চৈয়দ-দেশী-জলহা ঐক্য মঞ্চ অসমৰ শিৱসাগৰত জিলা সমিতি গঠন

ডিজিটেল সংবাদ, নামতি : শিৱসাগৰ জিলাৰ নামতি চাৰিআলিৰ সন্মিলিত মুছলিম যুৱ সমাজৰ কাৰ্যালয়ত শতাধিক খিলঞ্জীয়া ৰাইজৰ উপস্থিতিত কালি জলহা ঐক্য মঞ্চ, অসমৰ শিৱসাগৰ জিলা সমিতিখন গঠন কৰে। এই উদ্দেশ্যে নিবন্ধকাৰ শিক্ষক আছাদ উল্লাহে আঁত ধৰা ৰাজহুৱা সভাখনৰ সঞ্চালনা কৰে লেখক সমালোচক চামচুল বাৰিকে।

স্থানীয় জিকিৰ শিল্পী ৰিজুৱান নাচিম আহমেদ, ইকবাল হুছেইন আৰু মুস্তাফিজুৰ ৰহমানে পৰিৱেশন কৰা জিকিৰেৰে শুভাৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে কবি আনছাৰউদ্দিন বৰাই। তেঁও থলুৱা মুছলমানৰ সোণালী ইতিহাসৰ বৰ্ণনা দি কয় যে উক্ত থলুৱা মুছলমানসকলৰ আত্ম পৰিচয়ৰ লগতে ন্যার্য প্ৰাপ্যৰ বাবে এখন ঐক্য মঞ্চৰ প্ৰয়োজনীয়তা আছে।

উপস্থিত কেন্দ্রীয় পর্যবেক্ষক আবু হুছেইনে ইতিপূর্বে গঠিত ঐক্য মঞ্চখনিৰ লক্ষ্য উদ্দেশ্য আৰু কৰ্মপন্থাৰ সন্দর্ভত বিশদ বর্ণনা দাঙি ধৰাৰ লগতে কয় যে, এই মঞ্চখনি কোনো ৰাজনৈতিক দলৰ চত্ৰছায়াত নাই। শিক্ষক আছাদ উল্লাহে প্রখ্যত কবি এম.ইব্রাহীম আলীৰ সুস্থ জাতীয়তাবাদী ভাবধাৰাৰ 'তুমি যদি অসমীয়া' শীর্ষক কবিতাটো পাঠ কৰে

সমজুৱাৰ একাষাৰত চিৰাজুল ইছলাম, ফিজনুৰ আলী, চেহিদুৰ ৰহমান, চৈযদ জেহিৰুল হুদা, ৰেকিবুদ্দিন আহমেদ, মুচাৰুল হক, চৈয়দ তৌফিক আহমেদ, ফৰিদ আলী, ছাত্র নেতা মিছবাহউদ্দিন আলী, ৰাজীবুৰ ৰহমান, চৈয়দ জোন ৰহমান, আচাদ উল্লাহ আদিয়ে অসমৰ মুছলমান সমাজৰ ঐক্য-সংহতিৰ প্ৰয়োজনীয়তাৰ লগতে সকলো মুছলমান জনগোষ্ঠীৰ ঐক্যবদ্ধতাৰ বিষয়ে উল্লেখ কৰি বক্তব্য আগবঢ়ায়। উক্ত সভাতেই কৃতী শিক্ষক সমাজকৰ্মী হাইদৰ হুছেইনক সভাপতি চামচুল বাৰিকক কাৰ্যকৰী সভাপতি আৰু ফৰিদ আলীক সাধাৰণ সম্পাদক হিচাপে লৈ ৪১ জনীয়া এখনি শক্তিশালী জিলা সমিতি গঠন কৰা হয়।

ইফালে সভাখনত তিনিচুকীয়াৰ বিশিষ্ট কণ্ঠশিল্পী চৈয়দ জোন ৰহমানে সম্প্ৰীতিৰ স্বৰচিত গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে। এই সভাতেই অসম ভূখণ্ডৰ মুছলিম সমাজৰ শিৱসাগৰ জিলাস্থিত অনাবিষ্কৃত ঐতিহাসিক সমলৰ অনুসন্ধান আৰু ইতিমধ্যে বাহাল থকা কৃতী চিহ্ন সমূহৰ সঠিক সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে শিৱসাগৰ জিলাৰ নৃ-গোষ্ঠীয় মুছলমান সমাজৰ সন্দৰ্ভত আঞ্চলিক বুৰঞ্জী প্ৰণয়নৰ বাবে পদক্ষেপ গ্রহণ সম্পৰ্কত দুটা ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সভাৰ সঞ্চালকৰ মন্তব্যত চামচুল বাৰিকে ঐতিহাসিক সমলেৰে চহকী আৰু স্বকীয় সবল কৃষ্টিৰ পৰম্পৰাৰে সমৃদ্ধ গৰীয়া মৰিয়া চৈয়দ দেশী জলহা এই পাঁচ নৃগোষ্ঠীয় মুছলমানৰ জনগোষ্ঠীয় স্বীকৃতিৰ প্ৰযোজনীয়তাৰ লগতে অসমে জনগোষ্ঠীয় ৰাজ্যৰ মর্যদা আৰু অসম চুক্তিৰ আধাৰত ষষ্ঠ অনুসূচী অতি শীঘ্ৰে প্ৰয়োগৰ সম্পৰ্কত মন্তব্য কৰে। নৱ গঠিত সমিতিয়ে এই মঞ্চৰ পৰাই নিম্নতম উমৈহতীয়া কাৰ্যসূচীৰ ভিত্তিত উল্লিখিত পাঁচ মুছলমান জনগোষ্ঠীৰ ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰে।

Also Read: বটদ্ৰৱা থানৰ নামলগোৱানী ভূৱনেশ্বৰী মহন্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

namati