প্ৰধানমন্ত্ৰী মোডীক ৰোমান ইতিহাসৰ অহংকাৰী ৰজা নেৰ'ৰ সৈতে তুলনা গৌৰৱ গগৈৰ...

প্ৰধানমন্ত্ৰী মোডীক ৰোমান ইতিহাসৰ অহংকাৰী ৰজা নেৰ'ৰ সৈতে তুলনা গৌৰৱ গগৈৰ

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰী মোডীক ৰোমান ইতিহাসৰ অহংকাৰী ৰজা নেৰ'ৰ সৈতে তুলনা গৌৰৱ গগৈৰ...

ডিজিটেল সংবাদ, নুমলীগড়: মৰঙীত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। শুকুৰবাৰে মৰঙীৰ দৈগ্ৰোঙস্থিত ৰাজীৱ ভৱনত উপস্থিত হয় কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গগৈ ।

সাংসদগৰাকীয়ে শেহতীয়া মণিপুৰৰ দুই জনগোষ্ঠীৰ সংঘাতৰ ঘটনাক লৈ তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰক । বিজেপিয়ে ব্যক্তিগত স্বাৰ্থ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰাৰ বাবে দুটা ফৈদৰ মাজত ফাক সৃষ্টি হৈছে বুলিও মন্তব্য কৰিছে সাংসদগৰাকীয়ে ।

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰৰ এনে ঘটনাৰ পিছতো আমেৰিকা ভ্ৰমণ কৰাক লৈ তীক্ষ্ণ মন্তব্য কৰে গগৈয়ে । সাংসদগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰীয়ে ইচ্ছা কৰা হ'লে তেওঁ মণিপুৰ ভ্ৰমণ কৰিব পাৰিলেহেতেন । ৰাহুল গান্ধী ডাঙৰীয়া যাব পাৰিলে প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়া কিয় যাব নোৱাৰে । এইটোৱেই প্ৰধানমন্ত্ৰীগৰাকীৰ অহংকাৰ প্ৰমাণ কৰে ।"

লগতে সাংসদগৰাকীয়ে ৰোমান ইতিহাসৰ ৰজা নেৰ' কথা উল্লেখ কৰি কয় যে, "ৰোমান ইতিহাসত এজন ৰজা আছিল নেৰো । তেওঁৰ নিজৰ সাম্ৰাজ্য জ্বলি থকা সময়ত শুই আছিল । আজি দুখৰ কথা প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই নিজৰ ব্যক্তিগত স্বাৰ্থ বাবে ৰাইজক শান্তিৰ আহ্বান জনাবৰ বাবেও সময় পোৱা নাই ।"

Also Read: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগত বাধা সহস্ৰাধিক মহিলাৰ...

gaurav gogoi