ডিজিটেল সংবাদ,শিৱসাগৰ: বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ দিনটোত আজি শিৱসাগৰৰ জিলাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।
অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত শ্ৰদ্ধাঞ্জলি অৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ, নিবন্ধকাৰ, কবি ড০ সব্যসাচী মহন্তই ভূপেন হাজৰিকাৰ গীতসমূহৰ সাহিত্যিক মূল্যায়নৰ অৱকাশ আছে বুলি মন্তব্য কৰি গীতৰ সাহিত্যিক বিচাৰে গৱেষণাৰ নতুন বাট মুকলি কৰিব বুলি আশা কৰে ৷
অসমীয়াৰ হৃদয়ৰ গণশিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান প্ৰণৱ দুৱৰা, অৰ্থনীতি বিভাগৰ বিভাগীয় প্ৰধান ড০ ৰিমঝিম বড়া, বুৰঞ্জী বিভাগৰ বিভাগীয় প্ৰধান ড০ বলোৰাম দাস, পি. জি. ডি. চি. এৰ সহকাৰী অধ্যাপক পংকজ দত্তকে প্ৰমুখ্য কৰি মহাবিদ্যালয়খনৰ কেইবাগৰাকী অধ্যাপক-অধ্যাপিকা, অৰ্ধ শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে ।
অনুষ্ঠানৰ লগত সংগতি ৰাখি ইংৰাজী বিভাগৰ বিভাগীয় প্ৰধান ড০ জিতু শইকীয়াই সুধাকণ্ঠৰ গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰি তোলে ৷ উল্লেখযোগ্য এই অনুষ্ঠানৰ লগতে অসম ব্যাপি উদযাপন কৰি থকা ‘ভাষা গৌৰৱ সপ্তাহ’ৰ লগত সংগতি ৰাখি অসমীয়া বিভাগৰ উদ্যোগত এক বিশেষ বক্তৃতানুষ্ঠান আয়োজন কৰা হয় ৷
অধ্যক্ষ ড০ সব্যসাচী মহন্তই উদ্বোধন কৰা বক্তৃতানুষ্ঠানত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ৰুণজুন হাজৰিকাই ৷
অসমীয়া ভাষা আৰু লিপিৰ ক্ৰমবিকশিত ইতিহাস সম্পৰ্কে বিশেষ বক্তৃতাত সমল ব্যক্তি হাজৰিকাই অসমীয়া লিপিৰ উৎস, বিকাশ তথা ভাষাৰ উৎস, বিকাশৰ বিষয়ে মনোগ্ৰাহী ৰূপত উপস্থাপন কৰে ৷
অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা দেৱযানী বকলীয়ালে আঁত ধৰা বক্তৃতানুষ্ঠানটিত অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা নীলাক্ষি চেতিয়া, সহকাৰী অধ্যাপক ড০ অংকুৰ দত্ত, গণিত বিভাগৰ সহকাৰী অধ্যাপিকা সুজাতা গোৱলা, ভূতত্ত্ব বিভাগৰ সহাকাৰী অধ্যাপিকা বনিকা বঢ়াগোঁহাইকে প্ৰমুখ্য মহাবিদ্যালয়খনৰ কেইবাগৰাকী অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷
Also Read: বৰহোলা কলাকুঞ্জত সদৌ অসম ভিত্তিক শিশু ভাওনা প্ৰতিযোগিতা