'ভাষা খাটিখোৱা মানুহে জীয়াই ৰাখে'-কথাশিল্পী ইমৰান শ্বাহ

'ভাষা খাটিখোৱা মানুহে জীয়াই ৰাখে'-কথাশিল্পী ইমৰান শ্বাহ
'ভাষা খাটিখোৱা মানুহে জীয়াই ৰাখে'-কথাশিল্পী ইমৰান শ্বাহ
Published on
Updated on

ডিজিটেল সংবাদ, শিৱসাগৰঃ 'ভাষা খাটিখোৱা মানুহে জীয়াই ৰাখে।' এই মন্তব্য কথাশিল্পী, পদ্মশ্ৰী ইমৰান শ্বাহৰ। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পাছতে আজি সন্তুষ্টি ব্যক্ত কৰি তেওঁ এইদৰে কয়।

ভাৰত চৰকাৰে, ৩ অক্টোবৰ, ২০২৪ ত অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। তেওঁ কয়, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ পাছত এতিয়া অসমীয়াৰ দায়িত্ব আৰু বাঢ়িল।

অসমীয়া ভাষাটো বহু প্ৰাচীন।‌ অথচ অসমীয়া ভাষাই বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈছে। গতিকে এতিয়া অসমীয়া সজাগ হ'ব লাগিব। অসমীয়া লোকে নিজৰ ৰাজ্যতেই হওঁক বা আন ঠাইতেই হওঁক মত বিনিময় কৰোতে প্ৰথমে আন ভাষা ব্যৱহাৰ কৰাতকৈ প্ৰথমে অসমীয়া ভাষাকেই ব্যৱহাৰৰ কৰিব লাগে বুলিও কয় বিশিষ্ট কথা শিল্পী গৰাকীয়ে।

'ভাষা খাটিখোৱা মানুহে জীয়াই ৰাখে'-কথাশিল্পী ইমৰান শ্বাহ
ৰঙিয়া সমজিলা উদ্বোধনৰ সময়তে পৌৰ কৰ্মচাৰীৰ প্ৰাপ্য মজুৰি বিচাৰি তীব্ৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in