শিৱসাগৰৰ নামদাং গোহাঁই গাঁৱত বিবাহিতা জীয়ৰী সন্মিলন

শিৱসাগৰৰ নামদাং গোহাঁই গাঁৱত বিবাহিতা জীয়ৰী সন্মিলন
Published on
Updated on

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ নামদাং গোহাঁই গাঁৱখনৰ জনসাধাৰণে অনুষ্ঠিত কৰিলে এক বিশেষ অনুষ্ঠান ৷ দূৰ দূৰণিলৈ বিয়া দি উলিয়াই পঠিওৱা এই গাঁওখনৰ জীয়ৰীসকলক প্ৰমূখ্য কৰি এক চিনাকি পৰ্ব অনুষ্ঠান আয়োজন কৰে।

নামদাং গোহাঁই গাওঁ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজন কৰা হয় ন-পুৰণি বিবাহিতা জীয়াৰীৰ মিলন পৰ্ব শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান। এই অনুষ্ঠানত গাঁওখনৰ পৰা বিয়া দি উলিয়াই দিয়া জী-জোঁৱাইসকলে অংশগ্ৰহণ কৰি পুৰণি দিন সোঁৱৰণ কৰে।

অনুষ্ঠানৰ প্ৰথম দিনা চিত্ৰাংকণ, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতা আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। মুকলি সভা আৰু জী-জোঁৱাইসকলৰ চিনাকী পৰ্বৰ লগতে নিশালৈ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

শিৱসাগৰৰ নামদাং গোহাঁই গাঁৱত বিবাহিতা জীয়ৰী সন্মিলন
চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব : দিনৰ ১১-০০বজালৈকে হোৱা ভোটদানৰ হাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in