Advertisment

মথুৰাপুৰৰ পূজাস্থলীত মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ...

নিশা গাৰ্ডেন শ্ব' চাবলৈ ৰাইজৰ ভিৰ

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰৰ পূজাস্থলীত মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ...

মথুৰাপুৰৰ পূজাস্থলীত মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ...

ডিজিটেল সংবাদ মথুৰাপুৰঃ পূৰ্বৰ পৰম্পৰাৰ ৰূপত চৰাইদেউ জিলাৰ মথুৰাপুৰ বাগিচা পূজা ফিল্ড প্ৰাংগণত এইবাৰো শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। মথুৰাপুৰ চাহ বাগিচা দুৰ্গা পূজা উদ্‌যাপন সমিতিয়ে সাৰ্বজনীন ৰূপত এই পূজা অনুষ্ঠিত কৰি আহিছে।

Advertisment

উল্লেখযোগ্য যে এই পূজাই এইবছৰ ১১৫ বৰ্ষত পদাৰ্পণ কৰিছে। আজি বিজয়া দশমী দিনাও অগণন ভক্তই মা দুৰ্গাৰ আশীষ ল'বলৈ ভিৰ কৰা পৰিলক্ষিত হয় ৷ সন্ধিয়া পূজাস্থলীত মন্ত্ৰী যোগেন মহন আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত হৈ মা দুর্গাৰ শ্রীচৰণত সেৱা কৰি আশীষ গ্ৰহন কৰে৷

বিশেষকৈ বৃহত্তৰ মথুৰাপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ভিতৰত অতিকৈ পুৰণি মথুৰাপুৰ সার্বজনীন শ্রীশ্রী দুর্গা পূজাত মাইবেলা, নিমনাগড়, দ’লবাগান, এঙেৰা, লাকুৱা ইত্যাদি অঞ্চলৰ যথেষ্ট ভক্তপ্রাণ ৰাইজৰ সমাগম দেখিবলৈ পোৱা যায়। আনহাতে অগণন ভক্তৰ সমাগমে পূজাস্থলীত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে ৷

আনহাতে এই পূজা অনুষ্ঠিত কৰাস্থলীত নিয়মীয়াকৈ পূজাৰ দিনকেইটাত জনসাধাৰণৰ মনোৰঞ্জনৰ বাবে গাৰ্ডেন শ্ব' হিচাপে চিহ্নীত হিন্দী আৰু অসমীয়া বোলছবি প্ৰদৰ্শিত হয়। পূৰ্বৰ পৰা চলি অহা এই গাৰ্ডেন শ্ব' উপভোগ কৰিবলৈ প্ৰতিকূল বতৰকো নেওচি শ শ জনতাৰ সমাগম দেখিবলৈ পোৱা যায়৷

Also Read: ড০ অনিল শইকীয়াক অসম সাহিত্য সভাৰ পৰৱৰ্তী উপ-সভাপতি হিচাপে প্ৰক্ষেপ...

মথুৰাপুৰ ধৰ্মেশ্বৰ কোঁৱৰ মন্ত্ৰী যোগেন মহন