গড়গাঁও মহাবিদ্যালয়ত আধ্যাত্মিকতাৰ বিষয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

গড়গাঁও মহাবিদ্যালয়ত আধ্যাত্মিকতাৰ বিষয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

author-image
Asomiya Pratidin
New Update
গড়গাঁও মহাবিদ্যালয়ত আধ্যাত্মিকতাৰ বিষয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত ‘আধ্যাত্মিকতা : তাত্ত্বিক আৰু প্ৰায়োগিক তাৎপৰ্য’ বিষয়ত এখন এদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷ এই আলোচনা চক্ৰত ভাষণ প্ৰদান কৰি অসমৰ স্বনামধন্য শিক্ষাবিদ, সাহিত্য-সংস্কৃতিৰ গৱেষক ড০ প্ৰদীপ জ্যোতি মহন্তই আধ্যাত্মিকতাৰ বিষয়ে ক'বলৈ গৈ আধ্যাত্মিকতা মানে জ্ঞানৰ মাজেৰে জীৱন অন্বেষণ তথা সুন্দৰৰ সাধনা বুলি উল্লেখ কৰে।

তেওঁ কয় যে, আধ্যাত্মিকতা এক বিশাল প্ৰপঞ্চ, পশ্চিমৰ আধ্যাত্মিকতাৰ চেতনাৰ মূল তত্ত্বৰ সন্ধান আৰু ভাৰতৰ আধ্যাত্মিক চেতনাৰ মূল জীৱনক সুন্দৰ কৰাৰ প্ৰয়াস। মহাবিদ্যালয়খনৰ অসমীয়া বিভাগ আৰু অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন সতী ৰাধিকা মহিলা তীৰ্থৰ যুটীয়া উদ্যোগত আৰু গড়গাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত এই আলোচনা চক্ৰখন উদ্বোধন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট কবি ড০ সব্যসাচী মহন্তই ৷

উদ্বোধনী ভাষণত ড০ মহন্তই কয় যে এখন সুস্থ-সবল, নৈতিকতাপূৰ্ণ তথা মূল্যবোধসম্পন্ন সমাজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আধ্যাত্মিকতাৰ অপৰিসীম গুৰুত্ব আছে। তেওঁ লগতে দোহাৰে যে নৈতিক শিক্ষা, মূল্যবোধৰ শিক্ষা আৰু আধ্যাত্মিক শিক্ষাৰ দ্বাৰাহে মানুহক নৈতিকভাৱে সৱল কৰি তুলিব পাৰি আৰু এখন স্বাস্থ্যৱান সমাজ গঢ় দিব পাৰি।

আলোচনা চক্ৰখনত আদৰণী ভাষণ আগবঢ়াই সতী ৰাধিকা মহিলা তীৰ্থৰ সভানেত্ৰী তথা কৃষ্ণ সাহিত্যৰ গৱেষিকা ড০ অৰুন্ধতী মহন্তই। তেওঁ সতী ৰাধিকা মহিলা তীৰ্থৰ হৈ তথা আয়োজক সমিতিৰ হৈ আলোচনা চক্ৰলৈ সকলোকে আদৰণি জনায়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অসম সত্ৰ মহা সভাৰ কাৰ্য্যকৰী সভাপতি ভৱানন্দ দেৱগোস্বামীয়ে। উদ্বোধনী অনুষ্ঠানতে নগাঁৱৰ মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভীষ্ম দুৰ্লভ মহন্তৰ 'যাজ্ঞসেনী কৃষ্ণা' নামৰ এখন ইংৰাজী গ্ৰন্থ উন্মোচন কৰা হয়।

উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ ৰীণা সন্দিকৈ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাবৃন্দ, সতী ৰাধিকা মহিলা তীৰ্থৰ বিষয়ববীয়া, সদস্যসকল আৰু যথেষ্ট সংখ্যক অতিথি উপস্থিত থাকে। অনুষ্ঠানৰ পিছতে দুখন কাৰিকৰী সত্ৰত অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধ শতাধিক গৱেষক, অধ্যাপক, ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ আলোচনা-পত্ৰ পাঠ কৰে।

আলোচনা চক্ৰখনত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত, শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্ৰুৱজ্যোতি নাথ, নগাও সত্ৰ মহাসভাৰ সম্পাদক উৎপল মহন্ত, শিৱসাগৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ অৰ্চনা দেৱী আৰু গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০ অৰুন্ধতী মহন্তই সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে৷ আলোচনা চক্ৰখন সফলভাৱে সম্পন্ন হোৱাৰ বাবে অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান প্ৰণৱ দুৱৰা তথা সমন্বয়কদ্বয় দেৱযানী বকলীয়াল আৰু ড০ অংকুৰ দত্তই সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ জনায়।

Also Read: হায় শিক্ষা বিভাগ! আন্তঃগাঁথনিৰ অভাৱত বিদ্যালয়ৰ শৌচালয়ত ৰাখিছে মধ্যাহ্ন ভোজনৰ সামগ্ৰী...

Gargaon College