গড়গাঁও মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

গড়গাঁও মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ,শিৱসাগৰ : শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ এন চি চি গোটৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে এটি অনলাইন বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায়। মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য যাত্ৰাক সন্মান জনোৱাৰ উদ্দেশ্যে, বিশেষকৈ চন্দ্ৰ অভিযানত বিশেষ গুৰুত্ব আৰোপ কৰি অনুষ্ঠিত কৰা হয় এই দিৱসটি।

এই উদ্দেশ্যে গড়গাঁও মহাবিদ্যালয়তো উদযাপন কৰা বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই উদ্যোক্তাসকলৰ শলাগ লয়। ড° মহন্তই অনুষ্ঠানটো উদ্বোধন কৰি কয় যে এনেধৰণৰ অনুষ্ঠানে ভাৰতৰ মহাকাশ অভিযানৰ বিষয়ে শিক্ষাৰ্থীসকলক বিস্তৃতভাৱে অৱগত হোৱাৰ সুযোগ দিয়ে।

ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ পাকিজা বেগমে আঁত ধৰা অনুষ্ঠানটোৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰখনত বিশেষ অৱদান আগবঢ়োৱা তথা নৈনীতালৰ আৰ্যভট্ট ৰিচাৰ্চ ইনষ্টিটিউট অৱ অবজাৰ্ভেচনেল ছায়েন্সৰ গৱেষণা সহযোগী ড° গুলাফছা বি চৌধুৰী । তেখেতে “চেজিং লুনাৰ ড্ৰিমছ: দ্য ষ্ট’ৰী অৱ ইণ্ডিয়াজ মুন মিছন” বিষয়ত বক্তৃতা আগবঢ়ায়।

মহাকাশ অভিযানত দেশৰ কৃতিত্ব আৰু ভৱিষ্যতৰ আকাংক্ষা ইত্যাদি বিষয়ত আভাস দিয়াৰ লগতে তেওঁ চন্দ্ৰযান অভিযানৰ পৰা আৰম্ভ কৰি ভাৰতৰ অভিলাষী চন্দ্ৰ অভিযান কাৰ্যসূচীৰ বিষয়ে আলোকপাত কৰে। তদুপৰি তেওঁ কয় যে ভাৰতৰ চন্দ্ৰ অভিযানৰ কাহিনী কেৱল বৈজ্ঞানিক সাফল্যৰ কাহিনী নহয় বৰঞ্চ দেশৰ অজ্ঞাত অন্বেষণৰ অদম্য সংকল্পৰ প্ৰমাণ।

অনুষ্ঠানটোৰ সফল সমাপনত সহযোগিতা আগবঢ়োৱা কেডেট স্নেহা বৰাৰ লগতে উপস্থিত সকলো অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীলৈ আয়োজকসকলে ধন্যবাদ জ্ঞাপন কৰে।

গড়গাঁও মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন
বিশ্ব শান্তিৰ প্ৰাৰ্থনাৰে মানশিৰিত শ্ৰী মদ্ভাগৱত জ্ঞান মহাযজ্ঞ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in