শিৱসাগৰৰ দিচাংমুখত 'নৰ্থ ইষ্ট ৰাইডাৰ্ছ মিট'ৰ আয়োজন

শিৱসাগৰৰ দিচাংমুখত 'নৰ্থ ইষ্ট ৰাইডাৰ্ছ মিট'ৰ আয়োজন

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ দিচাংমুখত 'নৰ্থ ইষ্ট ৰাইডাৰ্ছ মিট'ৰ আয়োজন

ডিজিটেল সংবাদ, শিৱসাগৰ: বৃটিছৰ ৰাজত্বকলতেই বাণিজ্যিক কেন্দ্ৰ ৰূপে পৰিগণিত দিচাংমুখলৈ পৰ্যটনৰ সম্ভাৱনা কঢ়িয়াই অনাৰ পথ প্ৰশস্ত হৈছে ৷ শিৱসাগৰ চহৰৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ নিলগৰ নানা জাতি জনগোষ্ঠীৰ মিলন তীৰ্থ  দিচা‌মুখত অনুষ্ঠিত হ'ব সন্মানীয় নৰ্থ ইষ্ট ৰাইডাৰ্ছ মিট ৷ উত্তৰ-পূৱৰ ৮খন ৰাজ্যত প্ৰতি বছৰে অনুষ্ঠিত এই মটৰ চাইকেল চালক সমাৰোহত ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ মটৰ বাইক চালকে অংশগ্ৰহণ কৰে।

তদুপৰি এই ৰাইডাৰ্চ মিটৰ বাবে আহে দেশ বিদেশৰ হাজাৰ হাজাৰ লোক ৷ এই চালক সমাৰোহৰ জড়িয়তে উত্তৰ-পূৱৰ বহু কেইখন ঠাইয়ে পৰ্যটনৰ দিশত আন্তঃৰাষ্ট্ৰীয় মনোযোগ লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ মেচুকা এই বাইক সমাৰোহৰ জৰিয়তে আজি এক লেখত লবলগীয়া পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হৈছে। দেশ বিদেশৰ শ শ পৰ্যটক দৈনিক উপস্থিত হয় মেচুকাত ৷

শিৱসাগৰৰ লগতে অসমৰ বাবে এক সুযোগ এই বাইক চালক সমাৰোহৰ দ্বাৰা লাভ কৰা হৈছে। বিশেষকৈ দিচাংমুখলৈ এই সমাৰোহে কঢ়িয়াই আনিব পৰ্যটনৰ সুবৰ্ণ সুযোগ ৷ দেশ বিদেশত বিয়পি পৰিব দিচাংমুখৰ কৃষ্টি সংস্কৃতিৰ আৰু প্ৰাকৃতিক পৰিবেশৰ নান্দনিক ৰূপ ৷

উল্লেখ্য যে, ১৩ সংখ্যক নৰ্থ ইষ্ট ৰাইডাৰ্ছ মিট মণিপুৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মণিপুৰৰ আভ্যন্তৰীণ পৰিস্থিতি একেবাৰেই সুস্থিৰ নহয় ৷ গোষ্ঠীগত সংঘৰ্ষত শিশু, মহিলাৰ পৰা আৰম্ভ কৰি অনেক লোকে প্ৰাণ হেৰুৱাইছে ৷ মন্ত্ৰী বিধায়কৰ ঘৰ জ্বলাই দিয়া হৈছে ৷ অবৈধ অস্ত্ৰৰ জনজননিত পেপুৱা লাগিছে সাধাৰণ নাগৰিক ৷ যাৰ   বাবে অসমে এই সুযোগ লাভ কৰে। অহা ১ ৰ পৰা ৩ ডিচেম্বৰলৈকে দিচাংমুখত এই নৰ্থ ইষ্ট ৰাইডাৰছ মিট অনুষ্ঠিত হ’ব ৷ 

বিশ্বৰ বিভিন্ন প্ৰান্তৰ বাইক চালক সকলৰ মাজত অনুষ্ঠিত এই সমাৰোহ কেৱল তেওঁলোকৰ বাবে সংৰক্ষিত যদিও বিশ্বত অসম আৰু শিৱসাগৰৰ পৰ্যটনৰ বাবে এইটো এক সুৱৰ্ণ সুযোগৰূপে মান্য কৰি শিৱসাগৰ জিলা প্ৰশাসনে এই দিশত আয়োজক সমিতিক সহযোগিতা প্ৰদান কৰিছে। এই উদ্দেশ্য আগত ৰাখি  শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত ইতিপূৰ্বে এখনি সভা অনুষ্ঠিত হয়।শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত বিতোপন নেওগৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত জিলাখনৰ বিভিন্ন বিভাগ সমূহৰ বৰমূৰীয়া আৰু সামাজিক অনুষ্ঠান সমূহৰ প্ৰতিনিধি উপস্থিত থাকে।

সভাত আয়োজকৰ হৈ ব্লেক হেৰিটেণ্ট ৰাইডাৰ্ছ ক্লাৱ আৰু চ্যুকাফা ৰাইডাৰ্ছ ক্লাৱৰ সদস্য সকলে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় দুহেজাৰ বাইক ৰাইডাৰ্ছে অংশগ্ৰহণ কৰিবলগীয়া এই বাইকাৰ্চ সমাৰোহৰ পৰিকল্পনা আৰু আয়োজনত হোৱা প্ৰত্যাহ্বান সমূহ অৱগত কৰি  শিৱসাগৰ জিলা প্ৰশাসনৰ বিভিন্ন বিভাগ সমূহৰ লগতে সামাজিক অনুষ্ঠান সমূহৰ পৰা সহায়-সহযোগিতা কামনা কৰে।

এই ক্ষেত্ৰত পৰিবহণৰ দিশত হোৱা সমস্যা সমূহ সমাধানৰ বাবে শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী দলেই সহযোগিতাৰ আশ্বাস দিয়াৰ লগতে দিচা‌ংমুখৰ তথা শিৱসাগৰত এই ৰাইডাৰ্ছ সকলক বিভিন্ন দিশত সুৰক্ষা প্ৰদানৰ বাবে শিৱসাগৰ জিলা আৰক্ষীৰ হৈ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰিফ আহমেদে আশ্বাস দিয়ে। সেইদৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত দিচাংমুখত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত যাতে বনৰীয়া হাতীয়ে বিঘিনি ঘটাব নোৱাৰে তাৰ বাবে বন সংমণ্ডল বিষয়া দেৱেন চন্দ্ৰ কলিতাই যাৱতীয় বন সুৰক্ষা কৰ্মী নিয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ আশ্বাস প্ৰদান কৰে। 

দুৰ্যোগ প্ৰশমণ বিভাগৰ লগতে অগ্নি নিৰ্বাপক বাহিনীয়েও বিভাগীয় সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। শিৱসাগৰলৈ আহিবলগীয়া এই ৰাইডাৰ্ছ সকলক সামাজিক অনুষ্ঠান সমূহে থলুৱা কৃষ্টি-সংস্কৃতিৰ মাধ্যমেৰে আদৰণি জনোৱাৰ লগতে দিচাংমুখৰ স্থানীয় লোকসকলৰ মিছিং জনগোষ্ঠীৰ কৃষ্টি-পৰম্পৰা প্ৰদৰ্শন কৰাৰ  উপৰিও শিৱসাগৰৰ টাই আহোম সংস্কৃতিৰ লগতে বিহুকে আদি কৰি বহু খিলঞ্জীয়া নৃত্য-গীত-খাদ্য-পানীয় আদিয়ে এই সমাৰোহত স্থান লাভ কৰিব। 

ৰাইডাৰ্ছ সমাৰোহত অংশগ্ৰহণ কৰা বাইকাৰ্চ সকলে তেওঁলোকৰ বহুল জনপ্ৰিয় সামাজিক মাধ্যমৰ জড়িয়তে শিৱসাগৰৰ দিচাংমুখত পোৱা মৰম আৰু প্ৰাকৃতিক অভিজ্ঞতা বিশ্বত প্ৰচাৰ কৰি শিৱসাগৰৰ লগতে অসমৰ পৰ্যটনৰ বাবে এক ডাঙৰ সহায় হোৱাৰ আশা কৰা হৈছে। এই অনুষ্ঠানটি সুকলমে ৰাইজৰ সহযোগত অনুষ্ঠিত কৰাৰ বাবে আয়োজক সমিতিয়ে আহবান জনাইছে।

জিলা উন্নয়ন আয়ুক্ত বিতোপন নেওগৰ চেষ্টাত অনুষ্ঠিত হ'বলগীয়া এই বাইকাৰ্চ সমাৰোহত বিভাগ আৰু সামাজিক অনুষ্ঠান সমূহে আগবঢ়োৱা সহায়ক লৈ আয়োজক সমিতিয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ধন্যবাদ প্ৰদান কৰে।উল্লেখ্য যে ২ ডিচেম্বৰৰ দিনা দিচাংমুখৰ পৰা প্ৰায় এহেজাৰ বাইক চালকে চৰাইদেউ মৈদামলৈ এক সামূহিক যাত্ৰা কৰাৰ লগতে শিৱসাগৰৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ ভ্ৰমণ কৰিব।

মঙলবাৰৰ সভাত আমেৰিকাৰ বাইক ৰাইডাৰ্ছ বেৰী থমচন, বিশিষ্ট সমাজকৰ্মী তথা শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি,পৰ্যটন বিষয়া মাধৱ দাসৰ লগতে বহু বিশিষ্ট পৰ্যটন উৎসাহী উপস্থিত থাকি দিহা-পৰামৰ্শ প্ৰদান কৰে।

sivasagar