একালৰ অগপ কৰ্মী, বিশিষ্ট সমাজ হিতৈষী আলহাজ নিজামউদ্দিন আলী আৰু নাই...

মঙ্গলবাৰে দিনৰ ২ বজাত সম্পন্ন হ'ব জানাজা

author-image
Asomiya Pratidin
New Update
একালৰ অগপ কৰ্মী, বিশিষ্ট সমাজ হিতৈষী আলহাজ নিজামউদ্দিন আলী আৰু নাই...

একালৰ অগপ কৰ্মী, বিশিষ্ট সমাজ হিতৈষী আলহাজ নিজামউদ্দিন আলী আৰু নাই...

ডিজিটেল সংবাদ নামতিঃ বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি আলহাজ নিজামউদ্দিন (লাইট) আলী (৮৫)ৰ আজি সন্ধিয়া শিৱসাগৰ জিলাৰ নামতি চাৰি আলিৰ মৰিনামদাং গাঁৱৰ নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি হয়। নিকা ভাবাপন্ন অমায়িক স্বভাৱৰ ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগনণ গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

তেওঁ একালৰ এগৰাকী অসম গণ পৰিষদ দলৰ নিষ্ঠাবান কৰ্মী আছিল। উল্লেখ্য যে, ১৯৭৩ চনতে স্থাপিত হোৱা মৰিনামদাং প্রাথমিক বিদ্যালয়লৈ ভূমি দান কৰা আলহাজ নিজামউদ্দিন আলীয়ে শৰীৰ সুস্থ অৱস্থাত থকালৈকে বহু দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছিল।

মৃত্যুৰ সময়ত তেওঁ দুজন পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ লগতে বহু আত্মীয়ক ইহ-সংসাৰত এৰি থৈ গৈছে। ইফালে, আলহাজ নিজামউদ্দিন আলীৰ মৃত্যুত মৰিনামদাং প্ৰাথমিক বিদ্যালয়, মৰিনাদাং মছজিদ পৰিচালনা সমিতি, ইমদাদিয়া যুৱ সমাজ, নামতি প্ৰেছ ক্লাব, নামতি আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলন, নামতি চাৰি আলি সন্মিলিত মছলিম যুৱ সমাজ, নামতি চাৰি আলি মেট্ৰ ক্লাব, সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা, আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ লগতে বহুতো দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ জানাজা মঙ্গলবাৰে দিনৰ ২ বজাত নামতি চাৰি আলি কেন্দ্ৰীয় কবৰস্থান প্ৰাঙ্গনত সম্পন্ন কৰা হ'ব।

Also Read: মৰিগাঁৱৰ মাণিপুৰত উত্তপ্ত পৰিস্থিতিঃ আৰক্ষী জোৱানক আটক কৰিলে ৰাইজে

নামতি