বিশিষ্ট আলোকচিত্ৰ শিল্পী-সাংবাদিক লুইত চলিহা আৰু নাই...

বিশিষ্ট আলোকচিত্ৰ শিল্পী-সাংবাদিক লুইত চলিহা আৰু নাই...
Published on
Updated on

ডিজিটেল সংবাদ,শিৱসাগৰ : অসমৰ এগৰাকী বিশিষ্ট ফটো সাংবাদিক, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত আলোক চিত্ৰশিল্পী হিচাপে সুনাম অৰ্জন কৰা শিৱসাগৰৰ সুসন্তান তথা শিৱসাগৰ প্ৰেছ ক্লাবৰ সদস্য লুইত চলিহা(৫০) আৰু নাই। দেওবাৰে সন্ধিয়া ৬ বজাত যোৰহাট জিলাৰ কেন্দুগুৰিৰ ভাড়াঘৰত সাংবাদিকগৰাকীয়ে অকালতে মৃত্যুবৰণ কৰে।

প্ৰখ্যাত চলিহা পৰিয়ালত ১৯৭৪ চনত জন্মগ্ৰহণ কৰা লুইত চলিহা আছিল নাট্যকাৰ তথা অভিনেতা বিভূতি চলিহাৰ একমাত্ৰ পুত্ৰ। প্ৰাথমিক বিদ্যালয়ত পৰাই মেধা সম্পন্ন ছাত্ৰ লুইত চলিহাই ১৯৯০ চনত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ কলেজত উচ্চ শিক্ষা আৰম্ভ কৰিছিল।

শিক্ষা গ্ৰহণৰ সমান্তৰালভাৱে সাংবাদিকতাৰ প্ৰতি আকৰ্ষিত হৈ ফটো সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। সময় প্ৰবাহ নামৰ বাতৰি প্ৰতিষ্ঠানত ভিডিঅ' সাংবাদিক হিচাপে থকাৰ উপৰিও এটা কম্পিউটাৰ শৈক্ষিক কেন্দ্ৰ স্থাপন কৰিছিল।

তাৰপিছতেই লুইত চলিহাই ইউ বি আৰু পি, টি,আইৰ ফটো সাংবাদিক হিচাপে কাম কৰি থাকোঁতেই বৈদ্যুতিন মাধ্যমৰ সংবাদ গোষ্ঠীত ভিডিঅ' জানেলিস্ট হিচাপে কিছুদিন সংবাদ সেৱা আগবঢ়ায়। সংবাদ গোষ্ঠীটোৰ কামৰ পৰা অব্যাহতি লোৱাৰ পাছত লুইত চলিহাই " ট্ৰু কালাৰ্চ" নামৰ ভিডিঅ'এডিডিং চেন্টাৰ স্থাপন কৰি কেইবাগৰাকীও নিৱনুৱাক সংস্থাপিত কৰিছিল।

সাংবাদিকতাৰ উপৰিও লুইত চলিহা আছিল এগৰাকী সুদক্ষ অভিনেতা। পৰাগ চলিহাৰ বিখ্যাত নাটক "চাৰি হেজাৰ বছৰৰ অসম"ত" বীৰ বব্ৰুবাহন" চৰিত্ৰত বলিষ্ঠ অভিনয় কৰাৰ উপৰিও স্কুলীয়া জীৱনত বহু নাটকত সুন্দৰ অভিনয় কৰি শ্ৰেষ্ঠ শিশু অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। কিছুদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লুইত চলিহাৰ আকস্মিক মৃত্যুত শোকাভিভূত হৈ পৰে শিৱসাগৰৰ সংবাদ মহল।

মৃত্যুৰ সময়ত লুইত চলিহাই একমাত্ৰ পত্নীক ইহ সংসাৰত এৰি থৈ যায়। আজি নিশা যোৰহাটত বিশিষ্ট সাংবাদিকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। লুইত চলিহাৰ মৃত্যুত শিৱসাগৰ প্ৰেছ ক্লাবত এখনি শোকসভা অনুষ্ঠিত হয়।

শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি ড০ সব্যসাচী মহন্তকে ধৰি বহুকেইগৰাকী সাংবাদিকে সতীৰ্থ সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। লুইত চলিহাৰ মৃত্যুত শিৱসাগৰ জিলা সাংবাদিক সন্থা, শিৱসাগৰ জিলা সাহিত্য সভা, শিৱসাগৰ জিলা ছাত্ৰ সন্থা, ৱেভ প'ৰ্টেল সন্থা, ই মিডিয়া সন্থা, শিৱসাগৰ নাট্য সমাজ, মিলিত শিল্পী সমাজ, অৰুনোদয় সাহিত্য সভা, আই,পি, এফ,এচ,দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ্ই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

বিশিষ্ট আলোকচিত্ৰ শিল্পী-সাংবাদিক লুইত চলিহা আৰু নাই...
'কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৪' শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ আয়োজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in