চৰাইদেউ নিমনাগড়ত কৃষি বিভাগৰ আলু বীজ বিতৰণ

চৰাইদেউ নিমনাগড়ত কৃষি বিভাগৰ আলু বীজ বিতৰণ
Published on
Updated on

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নিমনাগড় নিমনাগড় কৃষি উন্নয়ন চক্ৰ অধীনস্থ  চাৰিখনকৈ গাঁও পঞ্চায়ত বৃহস্পতিবাৰে কৃষি বিভাগৰ জৰিয়তে উন্নত মানৰ আলুৰ বীজ বিতৰণ কৰা হয়। কৃষি উন্নয়ন চক্ৰটোৰ অন্তৰ্গত কেইবাটাও গোটৰ লগতে চহা ৰাইজক উন্নত মানৰ আলুৰ বীজ বিতৰণ কৰা হয়।

বিশেষকৈ উন্নয়ন চক্ৰটোৰ অধীনস্থ নিমনাগড়, হলৌফুকন, চলাপথাৰ আৰু চৰাইদেউ গাঁও পঞ্চায়ত এলেকাৰ গাঁৱৰ কৃষক সকলৰ মাজত এই উন্নতজাতৰ বীজ বিনামূলীয়াকৈ বিতৰণ কৰা বুলি জানিবলৈ দিছে  সহকাৰী কৃষি পৰিদৰ্শনক দিগন্ত চেতিয়াই ৷ বৃহস্পতিবাৰে প্ৰায় ২৫০ বেগ আলু বিতৰণ কৰি চেতিয়াই এই আলুৰ বীজৰ জৰিয়তে কৃষক সকলে প্ৰচুৰ আলু উৎপাদন কৰি আত্মনির্ভৰশীল হোৱাৰ পথ প্ৰশস্ত হ'ব বুলি কৃষি বিষয়াসকলে মত ব্যক্ত কৰে।

চৰাইদেউ নিমনাগড়ত কৃষি বিভাগৰ আলু বীজ বিতৰণ
ধেমাজি জিলাৰ ১০০ শতাংশ বানপানী নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান চৰকাৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in