New Update
ডিজিটেল সংবাদ,শিৱসাগৰ: শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সহযোগত বুধবাৰে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ বেজবৰুৱা প্ৰেক্ষাগৃহত নৱম সংখ্যক অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ ‘সাম্প্ৰতিক প্ৰেক্ষাপটত সমাজ আৰু শিক্ষা ব্যৱস্থাত আধুনিক প্ৰযুক্তি’ শীৰ্ষক বক্তৃতানুষ্ঠানত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷
শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সব্যসাচী মহন্তৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠান উদ্বোধন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই ৷ শিৱসাগৰ কলেজৰ প্ৰাক্তন ছাত্ৰী প্ৰত্যাশী কলিতাই বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত প্ৰয়াত শৰৎ মহন্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ প্ৰফুল্ল চন্দ্ৰ কলিতা আৰু প্ৰয়াত শৰৎ মহন্তৰ সহধৰ্মিনী মীনা মহন্তই ৷
শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ড॰ উৎপল দত্তই আঁত ধৰা অনুষ্ঠানটিত ‘সাম্প্ৰতিক প্ৰেক্ষাপটত সমাজ আৰু শিক্ষা ব্যৱস্থাত আধুনিক প্ৰযুক্তি’ শীৰ্ষক বিষয়ত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ডিব্ৰুগড় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জিতেন হাজৰিকাই কয় যে, বিজ্ঞানৰ সত্য চিৰন্তন সত্য নহয়৷ বৈজ্ঞানিক জ্ঞানৰ উৎপাদটোৱেই হৈছে প্ৰযুক্তি ৷
আমি নৈমিত্তিক ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বিজ্ঞান আৰু প্ৰযুক্তিৰ অৱদান বুলি উল্লেখ কৰি তেওঁ কয় যে ধৰ্ম হ’ল বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত ৷ বিশ্বাসৰ লগতে ইয়াত বিজ্ঞানো আছে ৷ আন এক প্ৰসংগত উপাচাৰ্য গৰাকীয়ে কয় যে, ধৰ্ম মানুহৰ বাবে, মানুহ কেতিয়াও ধৰ্মৰ বাবে নহয় ৷
তেওঁ ধৰ্মক কেতিয়াও ৰাজনীতিৰ মাজলৈ আনিব নালাগে বুলি কোৱাৰ লগতে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ অবিহনে সাম্প্ৰতিক সমাজ আৰু শিক্ষা ব্যৱস্থা বৰ্তি থাকিব নোৱাৰে যদিও সমাজত দেখা দিয়া প্ৰযুক্তিৰ বিৰূপ প্ৰভাৱৰ সন্দৰ্ভতো উপাচাৰ্য ড॰ হাজৰিকাই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেওঁ আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ লগত মূল্যবোধৰ সংযোগ কৰিলে সমাজ আৰু শিক্ষা ব্যৱস্থা ইয়াৰ অপকাৰী দিশৰ পৰা ৰক্ষা পৰিব আৰু আমি বিচৰা লক্ষ্যত অতি সহজেই উপনীত হ'ব পাৰিম বুলি উল্লেখ কৰে ৷
আদৰণি ভাষণ প্ৰদান কৰি ড॰ সব্যসাচী মহন্তই তেওঁৰ পিতৃ শৰৎ মহন্তৰ কৰ্মৰাজিক সোঁৱৰি কয় যে, তেওঁ শিৱসাগৰ সমাজ জীৱনৰ এক সেৱক আৰু সমাজহিতৈষী ব্যক্তি আছিল৷ তেওঁৰ কৰ্মৰাজিক জীয়াই ৰখাৰ মানসেৰে শিৱসাগৰ প্ৰেছ ক্লাব আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰিয়ালে ধাৰাবাহিকভাৱে স্মাৰক বক্তৃতানুষ্ঠান ঐকান্তিক আৰু আন্তৰিক প্ৰয়াসেৰে আয়োজন কৰি অহাত শলাগ জ্ঞাপন কৰে ৷
শুভেচ্ছামূলক বক্তব্যত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ প্ৰফুল্ল চন্দ্ৰ কলিতাই প্ৰতিখন ঘৰতেই নিজৰ সন্তানক উপযুক্ত শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিলেহে সেই ঘৰৰ সন্তান ভৱিষ্যত দিনত এগৰাকী সফল ব্যক্তিৰূপে পৰিচিত হ’ব পাৰে ৷ তেওঁ অধ্যাপক শৰৎ মহন্তক স্মৃতিচাৰণ কৰি তেওঁলোকৰ পৰিয়ালটোৰ সন্দৰ্ভত আলোকপাত কৰাৰ লগতে তেওঁ সহধৰ্মিনী আৰু তিনি সন্তানে শৰৎ মহন্তক প্ৰতিবছৰে শ্ৰদ্ধাঞ্জলি জনাই এটা বিশেষ বিষয়ত বক্তৃতাৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলক জ্ঞানৰ পোহৰ বিলোৱা কৰ্মক শলাগ লয় ৷
অনুষ্ঠানৰ লগত সংগতি ৰাখি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী মেধা বৃত্তি আনুষ্ঠানিক ভাৱে প্ৰদান কৰে ৰংপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰী অনুৰাধা দত্তক ৷ ড॰ সব্যসাচী মহন্তই আঁত ধৰা এই বৃত্তি প্ৰদান অনুষ্ঠানত মেধাৱী ছাত্ৰীগৰাকীক পৰিয়ালৰ তৰফৰ পৰা অভিনন্দন পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু নগদ ধন প্ৰদান কৰা হয়৷
ইফালে একেটা অনুষ্ঠানতেই শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ দিলীপ চন্দ্ৰ দাস আৰু ড॰ ৰীতামণি বৰাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত আদৰ্শ মাতৃ তথা চুটি ছবি নিৰ্মাতা মীনা মহন্ত, বিশিষ্ট উদ্যোগপতি তথা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত আৰু ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত¸ অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক, ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা লাভ কৰা ছবি পৰিচালক, কবি-সাহিত্যিক ড॰ পাৰ্থ সাৰথি মহন্তক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷
এই সম্বৰ্ধনা প্ৰশস্তি পত্ৰ, চেলেং, গামোচাৰ লগতে এটি স্মাৰক প্ৰদান কৰা হয়৷
ফিৰোজ আহমেদে শলাগ জ্ঞাপন কৰা আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰ জ্যোতি বৰা, বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ, শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰা, ড॰ সৌমাৰজ্যোতি মহন্ত, অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যা বিনীতা শইকীয়া দে, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকন, আটাছুৰ সভাপতি বসন্ত গগৈ, অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ প্ৰেছ ক্লাবৰ উপ-সভাপতি অতনু বৰা, পৱিত্ৰ বৰঠাকুৰ, ভাৰপ্ৰাপ্ত সম্পাদক হিমাংশু নেওগ, সাংবাদিক মণিৰুল ইছলাম বৰা, এনামউদ্দিন আহমেদ, ভৈৰৱ মুণ্ডা, ইনামুল হাজৰিকা, মুক্তাৱ হুছেইন, নজিউল্লা হাজৰিকা, মুস্তাফিজ আহমেদ, মফিদুল ইছলাম, কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব, জিলাখনৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়া, মহাবিদ্যালয়-বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।