বাইক ৰেলীৰে শিৱসাগৰত 'উজনি অসম সমষ্টি সুৰক্ষা সমিতি'ৰ প্ৰতিবাদ

বাইক ৰেলীৰে শিৱসাগৰত 'উজনি অসম সমষ্টি সুৰক্ষা সমিতি'ৰ প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ,শিৱসাগৰ : সমষ্টি বিলুপ্তিকৰণ আৰু সমষ্টিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতাৰে মঙলবাৰে 'উজনি অসম সমষ্টি সুৰক্ষা সমিতি'য়ে শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷ উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ আহ্বানত বাহিৰ কৰা বিশাল বাইক ৰেলীত স্বতফুৰ্তভাৱে ৰাইজ ওলাই আহি দেশৰ নিৰ্বাচন আয়োগ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

সমিতিৰ আহ্বানত উজনি অসমৰ লাহোৱাল আৰু আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ লগতে অন্যান্য সমষ্টিৰ লগতে শিৱসাগৰ সমষ্টিৰো ভৌগোলিক পৰিধিক ভংগ কৰি ঐতিহ্যত আয়োগ আৰু চৰকাৰে হাত দিছে বুলি ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে। সেয়েহে এই বাইক ৰেলীত অংশগ্ৰহণ কৰি খচৰা তালিকাৰ বিৰুদ্ধে স্থিতি স্পষ্ট কৰি দিয়ে।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ নেতা তথা উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ অন্যতম আহ্বায়ক প্ৰদীপ বৰগোঁহাইয়ে নিজৰ ভাষণত উল্লেখ কৰে যে এই আন্দোলন স্থবিৰ নহ'ব। আন্দোলন তেতিয়ালৈকে চলিব যেতিয়ালৈকে দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুন:নিৰ্ধাৰণ সিদ্ধান্ত বাতিল নকৰে।

ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনে অতি চক্ৰান্তৰে সমষ্টি পুন:নিৰ্ধাৰণৰ যি জাতি বিৰোধী প্ৰস্তাৱ আয়োগলৈ আগবঢ়াইছিল, এই প্ৰস্তাৱক যেতিয়ালৈকে প্ৰত্যাহাৰ নকৰে এই আন্দোলন চলি যাব বুলি উল্লেখ কৰে। চৰকাৰৰ পৃষ্ঠপোষকতাত উজনি অসমৰ দুটাকৈ সমষ্টি কৰ্তন কৰাৰ সমান্তৰালভাৱে অন্যান্য সমষ্টি সহিতে ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিটোৰ জনগাঁঠনি ভাঙি পেলোৱা হৈছে।

কেইজনমান মন্ত্ৰী-বিধায়কে এক গোপন পৰিকল্পনাৰে নিজৰ ভৱিষ্যত ৰাজনৈতিক সুৰক্ষিত কৰি ৰাখিবৰ বাবে সমষ্টিসমূহৰ ভৌগোলিক সীমাসমূহ ভাঙি পঞ্চায়তসমূহক নিজৰ সুবিধা অনুযায়ী সমষ্টিসমূহত অন্তৰ্ভুক্ত কৰি লৈছে। উজনি অসম সমষ্টি সুৰক্ষা সমিতিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে সাধাৰণ জনতায়েও ইয়াৰ বিৰোধিতা কৰে।

শিৱসাগৰবাসীয়ে কেতিয়াও কোনো অপশক্তিক শিৱসাগৰত জাতি জনগোষ্ঠীৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰিব নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰে প্ৰদীপ বৰগোঁহাইয়ে। অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈয়ে নিজৰ ভাষণত নিৰ্বাচন আয়োগ আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰি কয় যে আহোম জনগোষ্ঠীৰটোৰ প্ৰতিনিধি বুলি দম্ভালি মাৰি অহা সাংসদ তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোঁহাই, যোগেন মহন, চত্ৰধৰ গগৈ, তৰংগ গগৈ আদি বিজেপিৰ নেতা বিলাকে আজিলৈকে আহোম জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত কি কৰিলে ইয়াক প্ৰকাশ কৰক বুলি নেতাগৰাকীয়ে প্ৰত্যাহ্বান জনায়।

তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত ধৰি তেওঁলোকে আহোমৰ নেতা হ'বলৈ গৈছে যে ইয়াতকৈ আৰু লজ্জাজনক কথা নাই। ইফালে বিজেপি সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই তিনিজন গগৈ একেলগ হৈছে বুলি সমালোচনা কৰিছে। কিন্তু কথা হ'ল পৱিত্ৰ মাৰ্ঘেৰিটা আচলতে কেনেকুৱা ধৰণৰ আহোম হয় বুলি প্ৰশ্ন কৰে।

মুখ্যমন্ত্ৰীৰ ভৰিত ধৰি নেতা এগৰাকী এনেধৰণৰ আহোম বিদ্বেষ মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ যাদৱ গগৈয়ে সকীয়াই দিয়ে। ৰাইজৰ দলৰ নেতা জিতুজ্যোতি গায়নে ৰেলীত অংশগ্ৰহণ কৰি কয় যে উজনি অসমৰ সমষ্টি বিলুপ্ত কৰণআৰু সমষ্টিসমূহৰ পূৰ্বৰ সীমাক দ্বি-খণ্ডিত কৰা কাৰ্যক ৰাইজৰ দলে তীব্ৰ বিৰোধিতা কৰি আহিছে আৰু কৰি যোৱা হ'ব।

যিহেতু চৰকাৰৰ গোপন প্ৰস্তাৱক গুৰুত্ব প্ৰদান কৰি নিৰ্বাচন আয়োগে সমষ্টি পুন:নিৰ্ধাৰণৰ নামত উজনি অসমৰ লাহোৱাল আৰু আমগুৰি সমষ্টি বিলুপ্ত কৰাৰ সমান্তৰালভাৱে শিৱসাগৰ বিধানসভা সমষ্টিৰ ৭ খনকৈ গাঁও পঞ্চায়তক চক্ৰান্তৰে প্ৰস্তাৱিত ডিমৌ সমষ্টিত খচৰা তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াক কোনো কাৰণতে উজনি অসমৰ ৰাইজে মানি নলয় বুলি নেতা গৰাকীয়ে উল্লেখ কৰে।

ইয়াৰ লগতে নিজৰ ভাষণত নেতা গৰাকীয়ে চৰকাৰ আৰু নিৰ্বাচন আয়োগক সকীয়নী প্ৰদান কৰি কয় যে আয়োগ আৰু চৰকাৰৰ সমষ্টি পুন:গঠন প্ৰক্ৰিয়াক শিৱসাগৰ তথা উজনি অসমৰ ৰাইজে মানি নলয়। সেয়ে আয়োগ আৰু চৰকাৰে এই সিদ্ধান্ত বাতিল কৰক অন্যথা আন্দোলন আৰু তীব্ৰতৰ হৈ উঠিব বুলি নেতা গৰাকীয়ে ষ্পষ্ট কৰি দিয়ে।

উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ যুটীয়া সম্পাদক অনুপ গগৈয়ে ৰেলীত অংশগ্ৰহণ কৰি চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সুচ্ছাৰ হৈ পৰে। তেওঁ নিজৰ প্ৰতিবাদী ভাষণত উল্লেখ কৰে যে "চৰকাৰে যি স্বেচ্ছাচাৰী নীতি গ্ৰহণ কৰিছে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰোঁ।"

ইতিমধ্যে উজনি অসম সমষ্টি সুৰক্ষা সমিতিয়ে জনমত গঠন কৰিবৰ বাবে ৰাইজৰ মাজলৈ চৰকাৰৰ এই খিলঞ্জীয়া বিৰোধী সিদ্ধান্তক লৈ যোৱা হৈছে। যিহেতু সমষ্টি পুন:গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ মূহুৰ্ততে উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ লগতে অসমৰ জাতি-জনগোষ্ঠীয় সংগঠন সমূহে ইয়াৰ বিৰোধিতা কৰি বিগত সময় অসমলৈ নিৰ্বাচন আয়োগৰ শীৰ্ষ প্ৰতিনিধি দল আহোঁতে আপত্তি দাখিল কৰা হৈছিল।

কিন্তু সমিতিৰ ওপৰি অসমৰ দল-সংগঠনৰ আপত্তিক আওকান কৰি নিৰ্বাচন আয়োগে যোৱা ২০ জুনত সমষ্টি পুন:নিৰ্ধাৰণৰ যি খচৰা প্ৰকাশ কৰিলে ই খিলঞ্জীয়া বিৰোধী আৰু এই খচৰাক কোনো কাৰণতেই মানি লোৱা নহ'ব বুলি নেতাগৰাকীয়ে প্ৰকাশ কৰে‌। আজিৰ এই প্ৰতিবাদী ৰেলীত উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ অন্যতম বিষয়ববীয়া বসন্ত গগৈ, কংগ্ৰেছ নেতা প্ৰবীণ বৰুৱা আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি, ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ লগতে সাধাৰণ জনতাই অংশগ্ৰহণ কৰে।

বাইক ৰেলীৰে শিৱসাগৰত 'উজনি অসম সমষ্টি সুৰক্ষা সমিতি'ৰ প্ৰতিবাদ
ধেমাজিত চোৰৰ তাণ্ডৱ : দেৱাল পাৰ হৈ চলালে চুৰিকাৰ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in