সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনলৈ জোনাকী সমাজৰ "প্ৰজ্ঞাৰ সাধক-২০২৪ সন্মান"

'খোজ'ৰ উদ্যোগত নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ বাকৰিত অহা ১৮ অক্টোবৰত প্ৰদান কৰিব এই বঁটা
সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনলৈ জোনাকী সমাজৰ "প্ৰজ্ঞাৰ সাধক-২০২৪ সন্মান"
সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনলৈ জোনাকী সমাজৰ "প্ৰজ্ঞাৰ সাধক-২০২৪ সন্মান"
Published on
Updated on

ডিজিটেল সংবাদ নামতিঃ শিৱসাগৰ জিলা নামতি অঞ্চলৰ অন্যতম আৰ্থ-সামাজিক, শিক্ষা, সাহিত্য আৰু সাংস্কৃতিক বিকাশ মঞ্চ "জোনাকী সমাজে"-২০২৪ বৰ্ষৰ প্ৰজ্ঞাৰ সাধক সন্মান আগবঢ়াইছে ভাষাতত্ত্ববিদ, সু-কবি, লোকসংস্কৃতিৰ সাধক, শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনলৈ ৷

উল্লেখ্য যে, জোনাকী সমাজে সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ কল্যাণসাধন হোৱাকৈ বিভিন্ন ধৰণৰ কৰ্ম আঁচনি ৰূপায়ন কৰি আহিছে। তদুপৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰতিবছৰে বঁটা, সন্মান প্ৰদান কৰি শ্ৰদ্ধা সন্মান মৰম আদৰ যাঁচি আহিছে ৷

সমান্তৰালভাৱে, ১৯৯১ চনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচন হোৱা তথা অসমীয়া ভাষাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় ভাষা সম্পৰ্কে গভীৰ অধ্যয়ন আৰু চৰ্চা কৰাৰ লগতে ভাষা সম্পৰ্কীয় তত্বগধুৰ গ্ৰন্থ ৰচনা কৰি লোকসংস্কৃতিৰ গৱেষক হিচাপে বৰঙনি আগবঢ়োৱা ভাষাবিদ নাহেন্দ্ৰ পাদুনক এই বৰ্ষৰ প্ৰজ্ঞাৰ সাধক-২০২৪ সন্মান যাঁচিব ৷

জোনাকী সমাজে তেওঁক এই সন্মান 'খোজ'ৰ উদ্যোগত শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'বলগা নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ বাকৰিত আয়োজিত এটি বৰ্ণাঢ্য অনুষ্ঠানত ১৮ অক্টোবৰত আগবঢ়াব বুলি জোনাকী সমাজৰ সম্পাদক দেৱযানী শইকীয়া গগৈয়ে জানিবলৈ দিছে ৷

সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনলৈ জোনাকী সমাজৰ "প্ৰজ্ঞাৰ সাধক-২০২৪ সন্মান"
হস্তী বিশেষজ্ঞ পদ্মশ্ৰী পাৰ্ব্বতী বৰুৱাক গৌৰীপুৰ গৌৰৱ বঁটা প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in