ভক্তিৰসেৰে জীপাল মথুৰাপুৰৰ আকাশ- বতাহ

ভক্তিৰসেৰে জীপাল মথুৰাপুৰৰ আকাশ- বতাহ

author-image
Asomiya Pratidin
New Update
ভক্তিৰসেৰে জীপাল মথুৰাপুৰৰ আকাশ- বতাহ

ডিজিটেল সংবাদ, চৰাইদেউঃ অসমীয়া মহাজাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথি উপলক্ষে শনিবাৰে ৰাজ্যজুৰি আকাশ-বতাহ মুখৰিত হৈ পৰে হৰিনামৰ ধবনিৰে৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সত্ৰ-নামঘৰসমূহৰ লগতে চৰাইদেউ মথুৰাপুৰতো প্ৰতিগৰাকী অসমীয়াই শ্ৰদ্ধাৰে স্মৰণ কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক৷

এই উপলক্ষে নামঘৰসমূহ ভকত-বৈষ্ণৱ, আই-মাতৃসকলৰ উপস্থিতি নাম-কীৰ্তন, গুৰুজনাৰ বন্দনাৰে মুখৰ হৈ পৰে আকাশ-বতাহ৷ ইফালে মথুৰাপুৰ নামঘৰ সমূহৰ লগতে মথুৰাপুৰ শংকৰদেৱে শিশু নিকেতনে গুৰুজনাৰ প্ৰতি সশ্ৰদ্ধ সেৱা জনাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে খোলবাদন, দিহানাম, সত্ৰীয়া নৃত্য পৰিৱেশন কৰি এক আধ্যাত্মিক পৰিৱেশেৰে বিদ্যালয়ৰ চৌহদ মুখৰ কৰি তোলে।বৃহত্তৰ অঞ্চলটোৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষত নামঘৰসমূহত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা গৈছে৷

Also Read: অসম-ত্ৰিপুৰা সীমান্তত নিচাযুক্ত কফচিৰাপ জব্দ

sankardev