ডাঃ সৰ্বেশ্বৰ ভূঞাক 'সৌৰভপ্ৰাণ শিৱসাগৰ' বঁটা প্ৰদান 

ডাঃ সৰ্বেশ্বৰ ভূঞাক 'সৌৰভপ্ৰাণ শিৱসাগৰ' বঁটা প্ৰদান 
Published on
Updated on

ডিজিটেল সংবাদ, শিৱসাগৰ : দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হোৱা সদৌ অসম শিশু নাট সমাৰোহৰ মঞ্চত সুদীৰ্ঘকাল মানৱ সেৱাত ব্ৰতী থকা ডা° সৰ্বেশ্বৰ ভূঞাক “ সৌৰভপ্ৰাণ শিৱসাগৰ” বঁটা প্ৰদান কৰা হয় ৷ উল্লেখযোগ্য যে শিৱসাগৰৰ পাৰ্থ প্ৰতীম বৰা, আকাশ দুৱৰী, জিতুজ্যোতি গায়ন, ব্ৰজেন ফুকন, দিলীপ চাংমাই, ৰাতুল ভৰালী, প্ৰশান্ত বৰগোহাঁইকে আদি কৰি ভালেসংখ্যক লোকে যোৱা ১৩টা বছৰে শিশু নাট্য প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ দিয়াৰ বাবে সদৌ অসম ভিত্তিত শিশু নাট সমাৰোহ অনুষ্ঠিত কৰি আহিছে ৷

প্ৰতি বছৰে শিশু নাট সমাৰোহৰ লগত সংগতি ৰাখি এজন বিশিষ্ট ব্যক্তিক "সৌৰভপ্ৰাণ শিৱসাগৰ" শীৰ্ষক  বঁটা প্ৰদান কৰি আহিছে ৷ এইবাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট চিকিৎসক ডা০ সৰ্বেশ্বৰ ভূঞাক এই সন্মানৰ বাবে বাচনি কৰা হয়।

শিৱসাগৰ যুৱদলত এক জনাকীৰ্ণ পৰিবেশত ডা° সৰ্বেশ্বৰ ভূঞাক এই সন্মান প্ৰদান কৰা হয় ৷ “সৌৰভপ্ৰাণ শিৱসাগৰ” সন্মান লাভ কৰি বিশিষ্ট চিকিৎসকগৰাকীয়ে  আনন্দ প্ৰকাশ কৰাৰ লগতে উদ্যোক্তাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

বঁটা গ্ৰহণ কৰি ডা° ভূঞাই কয় - জীৱনৰ অধিকাংশ সময় ৰোগীক চিকিৎসা প্ৰদানতে ব্যয় কৰিলেও আনক উপদেশ দিয়াৰ ক্ষেত্ৰত থমকি ল'বলগীয়া হয় । এজন চিকিৎসকে কাম কিমান গুৰুত্বসহকাৰে কৰিব বা কেনেকৈ কৰিব সেয়া তেওঁৰ নিজৰ  মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে বুলি ডা° সৰ্বেশ্বৰ ভূঞাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ 

উল্লেখ্য যে শিৱসাগৰ জিলাৰ বকতাত জন্মগ্ৰহণ কৰা ডা° সৰ্বেশ্বৰ ভূঞাই ১৯৮৯ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে চিকিৎসক হিচাপে যোগদান কৰাৰ পিছত ১৯৯০ চনৰ পৰা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত সেৱা আগবঢ়ায় আহিছে। মানৱ দৰদী সু চিকিৎসকগৰাকীলৈ এই সন্মান আগবঢ়োৱাত সকলোৱে সন্তোষ প্ৰকাশ কৰিছে।

সৌৰভ প্ৰাণ শিৱসাগৰ শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠানৰ লগতে বিশিষ্ট নাট্যকাৰ ,পৰিচালক যোৰহাটৰ দেৱব্ৰত মহন্তক "তাৰিণী চেতিয়া সোৱঁৰণী অসম নাট্যজ্যোতি বঁটা ২০২৪  আৰু নাট সংগঠক ডুমডুমাৰ নৱজ্যোতি শইকীয়াক " কিৰণ গগৈ সোঁৱৰণী অসম নাট্য আৰুণোদয় বঁটা ২০২৪ প্ৰদান কৰা হয়।

জিতুজ্যোতি গায়নে আঁত ধৰা অনুষ্ঠানটোত দিলীপ চাংমাই,অনুপ গগৈ, ব্ৰজেন ফুকন,আকাশ দুৱৰী,ৰাতুল ভৰালী,প্ৰশান্ত গগৈ,বিনিতা শইকীয়া দে,ডাঃ গোবিন সন্দিকৈ,ৰিতুৰ্পন বৰগোঁহাই ,প্ৰশান্ত বৰগোহাই উপস্থিত থাকে।

ডাঃ সৰ্বেশ্বৰ ভূঞাক 'সৌৰভপ্ৰাণ শিৱসাগৰ' বঁটা প্ৰদান 
ধুবুৰীত প্ৰাণ গ'ল এজন বাংলাদেশীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in